কিতাপ পঢ়াৰ আনন্দ – ফখৰুদ্দিন আহমেদ

কিতাপ পঢ়াৰ আনন্দ

ফখৰুদ্দিন আহমেদ

সাম্প্ৰতিক সময়ত মানুহৰ জীৱনৰ পৰা ব্যৱহাৰ্য বহুতো অত্যাৱশ্যকীয় সামগ্ৰীয়ে মেলানি মগাৰ ক্ষেত্ৰত মোবাইল ফোনক দোষাৰোপ কৰা হয় ৷ সেই তাহানিৰ অত্যাৱশ্যকীয় সামগ্ৰীৰ ভিতৰত সৰ্বতো প্ৰথমে নাম ল’ব লাগিব কিতাপৰ ৷ তাৰ পিছত চিঠি, ঘড়ী, তৰ্চলাইট, নোটবুক, এলাৰ্মক্ল’ক ইত্যাদি বহু সামগ্ৰী ৷ মানুহৰ মানসিকতাৰ পৰা এই মোবাইল ফোনটিয়ে পাৰস্পৰিক সম্পৰ্কবোৰ সহজলভ্য কৰি আন্তৰিকতাপূৰ্ণ সম্পৰ্কত আঘাত হানিছে বুলিও বহুতে ওজৰ কৰি আহিছে ৷পিছে এই সকলোবোৰ মানুহৰ মাজৰ পৰা নোহোৱা হৈ যোৱা মূল বিষয়টিৰ একমাত্ৰ কাৰণ হৈছে মানুহে প্ৰয়োজনত মোবাইল ফোন যিমান ব্যৱহাৰ কৰে তাৰ বিপৰীতে অপ্ৰয়োজনত বেছিকৈ কৰে ৷ বেছিকৈ মানে বহুতৰে বাবে মোবাইল ফোনটি নহ’লে খাৱন, খোৱন, টোপনি, জিৰনি আৰু আনকি পেচাব-পাইখানাও নোহোৱাৰ অৱস্থা হৈ গৈ ৷ কিন্তু এয়া মানি ল’বই লাগিব যে মোবাইল ফোন মানৱ জাতিৰ বাবে বিজ্ঞানৰ এক মহৎ অৱদান ৷ বিশেষকৈ যোগাযোগৰ ক্ষেত্ৰখনিত ৷লগতে এইটোও মানিব লগা যে উপযুক্ত কাৰণত মোবাইল ফোন ব্যৱহাৰ কৰা সকলৰ বাবে ই সফলতাৰ অনন্য উপাদান হৈ পৰিছে ৷

বিভিন্ন মহলত প্ৰায়ে উত্থাপিত এটি প্ৰশ্ন হৈছে কণ কণ শিশু সকলক মোবাইল ফোনৰ প্ৰতি হোৱা আসক্তিৰ পৰা কেনেদৰে ৰক্ষা কৰিব পৰা যাব? এই ক্ষেত্ৰত কিছুদিন পূৰ্বে চ’চিয়েল মেডিয়াত পঢ়িবলৈ পোৱা ৰেল যাত্ৰাত লাভ কৰা জনৈক ব্যক্তিৰ চাক্ষুখ অভিজ্ঞতাৰ বৰ্ণনা আৰু চলিত জুলাই মাহ(২০২৪ বৰ্ষ) ৰ ন তাৰিখ মঙ্গলবাৰে ৰাতিপুৱাৰ ভাগত কামৰূপ গ্ৰাম্য জিলাৰ বেজেৰালৈ স্কুটীৰে গৈ থাকোতে হোৱা প্ৰত্যক্ষ অভিজ্ঞতাৰ কথা উল্লেখ কৰিব পাৰি ৷ ৰেলযাত্ৰাত হোৱা অভিজ্ঞতাৰ বিষয়ে বৰ্ণনা কৰি জনৈক ব্যক্তি গৰাকীয়ে লিখিছিল ৰেলত লগ পোৱা এটি পৰিয়ালৰ কাহিনী ৷ সেই পৰিয়ালৰ দম্পতী আৰু সন্তানটিয়ে ৰেলযাত্ৰাৰ সময়ত হাতেৰে মোবাইল ফোন পিটিকি থকাৰ সলনি কিতাপ পঢ়াত ব্যস্ত আছিল ৷ সমগ্ৰ যাত্ৰা পথৰ অভিজ্ঞতাৰ পৰা লেখক গৰাকীয়ে দম্পতীযোৰৰ পৰা জানিব পাৰিছিল যে তেওঁলোকে ঘৰত বা আন ঠাইবোৰত অপ্ৰয়োজনত মোবাইলত ব্যস্ত নাথাকে ৷ তেওঁলোকে ঘৰ বা বাহিৰত কটোৱা আজৰি সময়বোৰত কিতাপ পঢ়ি কটায় ৷ সন্তানটিয়েও মাক আৰু দেউতাকক অনুসৰন কৰি কৰিয়েই কিতাপ পঢ়াৰ অভ্যাস গঢ়ি লৈছে ৷সাম্প্ৰতিক সময়ত এই পৰিঘটনাটিক কেৱল একক আৰু অনন্য বুলি অভিহিত কৰিলেই শেষ নহয়, এই অভ্যাসে তেওঁলোকৰ পিছৰ প্ৰজন্মক এটি সৃষ্টিশীল মানসিকতা আৰু ব্যক্তিগত জীৱনত নিজকে উন্নয়ণমূখী কামত ব্যস্ত কৰাবলৈ সমৰ্থ হ’ব বুলি একে আষাৰে অভিহিত কৰিব পাৰি ৷

ব্যক্তিগত অভিজ্ঞতাৰ বিষয়ে উল্লেখ কৰিবলৈ গৈ মই শিহৰিত হৈ পৰিছোঁ ৷ কাৰণ উল্লেখিত দিনটোত মই ব্যক্তিগত কাৰণত বেজেৰালৈ গৈ থাকোতে আগে আগে গৈ থকা ডি আই ভানখনৰ পিছৰ মাল উঠোৱা ঠাইখিনিত মোৰ চকু পৰিল ৷ তাত কেইখনমান প্লাষ্টিকৰ চকী, নিত্য ব্যৱহাৰ্য কিছু সা-সৰঞ্জাম আৰু তলি মানে হুড্ খনিত বহি গৈছে এজন যুৱক ৷ বোধহয় ভানখনৰ চালকজনৰ লগত অহা আন গৰাকী কৰ্মী ৷ যুৱকজনৰ ক্ষেত্ৰত মই হেণ্ডিমেন শব্দটো ব্যৱহাৰ নকৰিবলৈ সিদ্ধান্ত লৈছোঁ ৷ কাৰণ মোবাইল ফোনৰ দ্বাৰা ধ্বংশৰ গৰাহলৈ গতি কৰি থকা সাম্প্ৰতিক সময়ৰ যুৱ প্ৰজন্মৰ বাবে তেওঁ আদৰ্শৰ প্ৰতীক স্বৰূপ ৷ তলৰ হুড্ খনিত বহি যুৱকজনে সময়ৰ চাহিদা অনুযায়ী মোবাইল ফোনটি পিটিকি যাব লাগিছিল ৷ চিৰ পৰিচিত এই দৃশ্যৰ বিপৰীতে মই দেখিলোঁ যে যুৱকজনে একানপতীয়াকৈ এখন কিতাপ পঢ়ি গৈ আছে ৷ পিছফালৰ বা সমুখৰ ফালৰ পৰা অহা গাড়ী, মটৰৰ ইঞ্জিন আৰু হৰ্ণৰ বিকট শব্দই তেওঁৰ একাগ্ৰতাত তিলমানো ব্যাঘাত জন্মাব পৰা নাই ৷মই প্ৰায় দুই/আঢ়ৈ কিলোমিটাৰমান ভান খনৰ পিছে পিছে গৈ বেজেৰা পালোঁগৈ ৷ ভানখন হয়তো গুৱাহাটী নাইবা ৰঙীয়াৰ ফালে যাবগৈ ৷ ডি আই ভানখনৰ সেই অচিনাকী যুৱকজনৰ এই পৰিঘটনাটিয়ে মোক আচৰিত কৰি তুলিলে আৰু যুৱকজনৰ প্ৰতি অন্তৰৰ পৰা অভিবাদন জনাই আবেগ বিহ্বল হৈ পৰিলোঁ ৷ সচাঁকৈয়ে এই উল্লেখিত দুটি পৰিঘটনাৰ বাৰুকৈয়ে প্ৰতিপন্ন হৈছে যে মোবাইল ফোনৰ প্ৰতি হোৱা অনাৱশ্যক আসক্তিৰ পৰা শিশু, যুৱক তথা সকলো শ্ৰেণীৰ লোকক পৰিত্ৰাণ দিব পৰা একমাত্ৰ উপায়টি হৈছে ব্যক্তিগত তথা সামাজিক জীৱনত কিতাপ পঢ়াৰ অভ্যাস গঢ়ি তোলা ৷ ইয়াৰ বাবে প্ৰয়োজন ঘৰত বা সামাজিক জীৱনত কিতাপ পঢ়া আন্দোলনৰ পৰিবেশ গঢ়ি তোলা ৷

সাহিত্যৰ প্ৰতিযোগিতা এটিত যোগদান কৰি প্ৰায় তিনি দশক পূৰ্বে এখনি কিতাপ পুৰষ্কাৰ স্বৰূপে লাভ কৰিছিলোঁ ৷ কিতাপ খনিৰ নাম আছিল ‘ কিতাপ পঢ়াৰ আনন্দ’ ৷ লেখক হৈছে অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, সাহিত্য অকাডেমি বটাঁ প্ৰাপ্ত, অসমীয়া সাহিত্যৰ যুগান্তৰকাৰী লেখক স্বনামধন্য , শ্ৰদ্ধাৰ হোমেন বৰগোহাঞি ৷ ঘৰলৈ আহি সম্পুৰ্ণ কিতাপখনি একে বহাতে পঢ়ি শেষ কৰিছিলোঁ৷ পঢ়ি উঠি অনুভৱ হৈছিল যে এই কিতাপ খনি আকাৰত সৰু হ’লেও মানুহৰ জীৱনৰ গতি পথ সলনি কৰি দিব পৰা বাৰ্তা লেখকে কিতাপ খনিত সন্নিৱিষ্ট কৰিছে ৷

মোবাইল ফোনৰ প্ৰতি আসক্ত হোৱা অবোধ শিশু সকলৰ ক্ষেত্ৰত ( বিশেষকৈ যি সকল শিশুৱে পঢ়িব নোৱাৰে) অভিভাৱক সকলে ৰঙ-বিৰঙৰ ছবি থকা কিতাপ আনি দি ৰঙেৰে বোলোৱাৰ ব্যৱস্থাত এই সকল শিশুক মৰম-চেনেহৰ মাজেৰে ব্যস্ত কৰাব লাগে ৷ পোন প্ৰথমতে মাক দেউতাক সকলে নিজেই আগভাগ ল’ব লাগিব ৷ লগতে নিজৰ সন্তানৰ সমুখত অপ্ৰয়োজনত মোবাইল ব্যৱহাৰৰ পৰা বিৰত থাকিব লাগিব ৷

ওপৰ শ্ৰেণীত পঢ়ি থকা শিক্ষাৰ্থী সকলে পাঠ্যক্ৰমৰ প্ৰশ্নৰ উত্তৰবোৰ মোবাইল ফোনত গোগ’লত নিবিচাৰি পাঠ্যক্ৰমৰ কিতাপ পঢ়ি আয়ত্ব কৰিবলৈ যত্নপৰ হোৱা উচিত ৷ এনে কাৰ্যৰ দ্বাৰা মানসিক স্বাস্থ্য সুন্দৰ হৈ থাকিব ৷

মুঠৰ ওপৰত জীৱন সুন্দৰ , সফল আৰু উপভোগ্য কৰি তুলিবলৈ কিতাপ পঢ়াতো একপ্ৰকাৰ বাধ্যতামূলক ৷ সাম্প্ৰতিক সময়ত এই কাৰ্য মানুহে নিজকে মোবাইল ফোনৰ আসক্তিৰ পৰা বচাবলৈ মহৌষধৰ দৰে ব্যৱহাৰ কৰিব পাৰে ৷