কিতাপৰ ব্যবসায়: কথোপকথন – ড০ জিন্টুমনি বৰা

কিতাপৰ ব্যবসায়: কথোপকথন
ড০ জিন্টুমনি বৰা
দাদা মই এখন কিতাপ প্ৰকাশ কৰিছো
কিতাপখন বিক্রী কৰি দিব
মই নিজে প্ৰকাশক মূল্য দিছো,
আপুনি ত্ৰিশ শতাংশ ল’ব।
এ নোৱাৰো দিয়ক, লৈ যাওক।
কিতাপৰ ব্যবসায় বেয়া
মানুহে নপঢ়ে কিতাপ।
মোবাইলে শেষ কৰি দিলে
নতুন চামে নপঢ়ে
পয়ত্ৰিশ চল্লিশৰ উপৰৰ সকলে
অলপ পঢ়ে।
কি কিতাপ?
কবিতাৰ?
কবিতাৰ কিতাপটো আৰু নপঢ়ে
উপন্যাস দুই এখন বিক্রী হ’ব পাৰে
ইমান দামত বিক্রী নহয়
দাম কম হ’ব লাগে।
ছপাত যে ইমান দাম লয়।
কাষ্টমাৰে নুবুজে।