কিছু প্ৰশ্ন নিজক লৈ কৰোঁ আহক – অৰ্ণৱ কটকী

কিছু প্ৰশ্ন নিজক লৈ কৰোঁ আহক

অৰ্ণৱ কটকী
জাঁজী, যোৰহাট

বিগত কিছু দিনত হৈ অহা অপৰাধ জনিত কাম বিলাকৰ পৰা চিন্তিত হৈ পৰিছে সচেতন মহল।

উঠি অহা একাংশ নৱ প্ৰজন্মই যি দৰে অপৰাধ মূলক কামত লিপ্ত হৈ পৰিছে , সেইয়া চাগে নিশ্চিত ভাৱে ভালৰ লক্ষণ নহয়। তাৰ বাবে দোষ কাৰ??? আপোনাৰ, মোৰ নে সমাজৰ নে শিক্ষক সকল বা অভিভাৱক। কৰবাত কোনোবা এখিনিত ভুল আছে। আমি বাৰু নিজৰ লৰা ছোৱালী কত কিয় গৈছে খবৰ লওঁ নে? সিহঁতৰ লগত কথা পাতি মনৰ খবৰ ৰাখোঁ নে? নে যেতিয়াই যি বিচাৰে তাকেই হাতত তুলি দায়িত্ব শেষ বুলি ভাবোঁ! সন্তানক মৰম কৰক সিহঁতি নজনাকৈ।

কোনোবাই কোৱা শুনিছিলো যি বিচাৰে তাকেই হাতত তুলি দিব নালাগে যদি ভাৱে বহুত বেছি জৰুৰী বস্তু তেতিয়া বেলেগ কথা। নহলে অলপ সময় লৈহে বিচৰা মতে দিব লাগে যাতে সেই বস্তুটোৰ মূল্য সন্তানে বুজি পায়। অনলাইন ক্লাছ হৈছে মোবাইল চাই থাকে বুলি বহুতে কয় আপুনিও আপোনাৰ সন্তানৰ হাতত থকা মোবাইল ত কি কৰে মাজে মাজে চেক কৰক সি গম নোপোৱাকৈ।

কলেজ স্কুল পঢ়ি থকা লৰা হাতত অস্ত্ৰ আচৰিত। মাৰো বুলি কাৰোবাক মাৰি দিব পাৰে লাগিলে শিক্ষা গুৰুয়েই নহওঁক কিয়? অপৰাধী মানসিকতা লৈ শিক্ষা গ্ৰহণ কৰি জানো লাভ আছে??

মানৱতা আজি ক’ত??

সহন কৰিব পৰা ক্ষমতা ক’ত??

চেকনিৰ আগত বিদ্যা আগতে আছিল আজিও যেন প্ৰাসংগিকতা আহি পৰিছে । কৰণীয় সকলোৰে আছে। নহলে এদিন আমি নিজেই নিজৰ শত্ৰু হৈ পৰিম। সমাজ খনক ধ্বংস হোৱাৰ পৰা ৰক্ষা কৰোঁ আহক। চেকনি আগত বিদ্যা, মৰম আৰু শাসন, ডাঙৰ মানু্হক সন্মান শ্ৰদ্ধা, মানৱতাবাদী মানু্হ গঢ়াত মন দিওঁ আহক।

যেতিয়া পৰা কিছু প্ৰশ্ন অভিভাৱক সমাজে শিক্ষক বা আন ব্যক্তিক সন্তানৰ পক্ষত থাকি কৰিব ললে তেতিয়া পৰা সন্তানে এনে বেয়া পথ লব ললে বুলি কলেও চাগে ভুল নহয়।

সৰু কালত মইও ঘৰৰ শাসন বা পিটন খাইছোঁ।সেই শাসন এতিয়াও আছে।

অতি বেছি সকলোৰে বেয়া সেয়া লাগিলে মৰম হওঁক বা শাসন। মোৰ অভিজ্ঞতা নাই বা আপোনালোকক পৰামৰ্শ দিয়াৰ ধৃষ্টতা নাই। এবাৰ ভাৱি চাব আপোনাৰ মা দেউতা বা ঘৰৰ শাসন আৰু আপোনাৰ সন্তানক আপুনি কৰা শাসন একেই আছে নে??

নে যুগৰ পৰিবৰ্তন বুলি দোহাই দি আপুনিও চকু মুদা কুলি ভাওঁ লব! বেলেগৰ সন্তান জহন্নামে গলেও যাওঁক বুলি এৰি দি অকল নিজৰ সন্তানৰ কথা ভাবিব??