কিছুমান সময়
মই যে কোনো কামৰ মানুহ নহয়
সেয়ে ক’লা ৰং সানি মোক মচি পেলোৱা হ’ল
এৰা, আৰু বা কাৰ কাৰ আহে
এই দিন
তেতিয়াৰ পৰাই মই দিন মুঠেই ভাল নোপোৱা হ’লো
ৰাতি হ’লে অন্ততঃ লুকাই থাকিব পাৰো
আচৰিত মোক ভাল পোৱা মানুহ এজনো নাই
এই চুবুৰীটোত
ধেৎতেৰী ইমান দিনে মই ক’ত আছিলোঁ
এতিয়া বুজিলোঁ। প্ৰথমে নিজকে আপোন কৰি ল’ব লাগে
পাছতে আনক। আজিয়েই আপোনাক কৈ থ’লো
নহলে…
আজি নিজকে সান্ত্বনা দি তত পোৱা নাই
পলমকৈ হ’লেও যে মোক চিনি পালে
সঁচাই ধন্যবাদৰ পাত্ৰ
জীৱনটোৰ কিছুমান সময়
লক্ষী প্ৰসাদ ৰেগন