কিং ক’হলীক অভিনন্দন-মুন শৰ্মা

কিং ক’হলীক অভিনন্দন
মুন শৰ্মা,লখিমপুৰ
প্ৰথমে এটা প্ৰশ্ন ভাৰতত সৰ্বাধিক জনপ্ৰিয় খেল বিধ কি? ইয়াৰ উত্তৰ ক্ৰিকেট। মুঠ জনসংখ্যাৰ খেল প্ৰিয় লোক সকলৰ অধিক খিনি ভাৰতীয় মানুহ  ক্ৰিকেটৰ অনুৰাগী। অকল জনপ্ৰিয়ই যে সেইটো নহয়। দল হিচাপে ও এক শক্তিশালী দল ইয়াৰ মূলতে হল  বিভিন্ন সময়ত দেশত সৃষ্টি হোৱা প্ৰতিভা সমূহ।
চনটো আছিল২০০৮ ভাৰতৰ ১৯বছৰৰ তলৰ কেইজন মান প্ৰতিভাই গৈছিল  ১৯ বছৰ তলৰ খেল বোৰৰ সকলো কৈ ডাঙৰ প্ৰতিযোগিতা u-19 বিশ্বকাপ । তাৰেই এজন খেলুৱৈ নাম আছিল বিৰাট ক’হলী। তেওঁ  দলটোৰ কেপ্টেইনৰ দায়িত্ব আছিল আৰু সেই বাৰ দলে এই প্ৰতিযোগিতাত কিছু বছৰ থিতাপ জিকিব নোৱাৰা খৰাং অন্ত কৰি থিতাপ আনি দিছিল লগে লগে গোটেই ভাৰতত তেওঁৰ চৰ্চা হৈছিল।
এটা গুচি গ’ল, ২০০৯ আৰম্ভ হ’ল সময় তেতিয়া শ্ৰীলংকা লগত ভাৰতৰ খেল দলৰ নিৰ্বাচকে বিচাৰিলে যুৱ প্ৰতিভাক দল ল’বলৈ। সিফালে তেওঁ আছিল সেই সময়ত সকলোকৈ অধিক যোগ্য খেলুৱৈ। বহুতে ভাবিছিল তেওঁ ঠাই পাব ।ঠিকেই ভাবিলে তেওঁকে ঠাই দিলে নিৰ্বাচকে।
তেতিয়া ভাৰত আছিল বিশ্ব ক্ৰিকেটৰ সকলোকৈ শক্তিশালী বেটাৰে ভৰা। শচীন, সেহবাগ, গম্ভীৰ যুৱৰাজ, ধোনি আদিৰে ভৰা গতিকে ১৫জনীয়া দলত ঠাই ললে ঠিকেই কিন্তু মূল একাদশত ঠাই ল’বলৈ সহজ নাছিল কিন্তু ভাগ্যৰ বলত  ঠাই লৈছিল।
সময় বাগৰি গ’ল,, এই যুৱক লাহে লাহে দলৰ এজন নিয়মীয়া খেলুৱৈ হৈ পাৰিছিল কম দিনতে কাৰণ যি যেনেকৈ সুযোগ পাইছিল তেওঁ  সদব্যবহাৰ কৰিছিল।
এই লৰা জন আজি মাষ্টাৰ খেলুৱৈ।অকল ভাৰত নহয় বিশ্বৰ বহুতো উঠি অহা খেলুৱৈৰ  আদৰ্শ ৰূপে নিজক প্ৰতিষ্ঠা কৰিছে। ক্ৰিকেটৰ বহুত ৰেকৰ্ড নিজৰ নামত লিখি যোৱা লগতে ক্ৰিকেটৰ ঈশ্বৰ ৰূপে জনাজাত শচীন টেণ্ডুলকাৰৰ ভাঙিব নোৱাৰিব বুলি এটা সময়ত কৈ থোৱা ৰেকৰ্ড ও এফালৰ পৰা ভাঙি এদিনীয়া ক্ৰিকেটৰ  সৰ্বাধিক শতক ও ভাঙিব মাত্ৰ এখোজ হে বাকী তেওঁ।
ভাৰতৰ আন্তৰাষ্ট্ৰীয় ক্ৰিকেটৰ বহু যুঁজৰ নায়ক তেওঁ যি  দৰে  দলৰ  বৰ্তমানৰ প্ৰধান শক্তি ঠিক তেনে দৰে  চিন্তাৰ কাৰণ হৈ আহিছে। দলৰ প্ৰয়োজন অনুসৰি যিকোনো ধৰণৰ খেল যিকোনো সময়ত প্ৰদৰ্শন কৰাৰ ক্ষমতা থকা কিং ক’হলীক আজি জনালো অশেষ অভিনন্দন।
অদম্য যুঁজাৰু খেলুৱৈ ৰূপে বিশ্বত চিনাকি ভাৰতৰ প্ৰতি জন ক্ৰিকেট প্ৰেমীৰ তেওঁ হৈছে কলিজাত জিলিকি থকা এটুকুৰা সোণ।  যাৰ উজ্বলতাই ভাৰতীয় ক্ৰিকেট জিলিকাই ৰখাৰ লগতে ক্ৰিকেট বলিয়া ভাৰতীয় মন।