কিংবদন্তি জুবিন(জীৱন বৰঠাকুৰ)
ৰুলী গোহাঁই,মৰিগাওঁ
জীৱনটোৰ ভাল সময়বোৰ এনেদৰেই সোনকালে আঁতৰি গুছি যায়। জুবিন গাৰ্গৰ সময় আমাৰ বাবে আছিল এক ভাল সময়। কিন্তু তেওঁ সময়টোক ধৰি ৰাখিব নোৱাৰিলে। তেওঁৰ নিজৰ জীৱনটোৰ প্ৰতি যেন মোহেই কৰিব নাজানিছিল। তেওঁ আনৰ কাৰণেই জীৱনটো বিলাই দিছিল। মাতৃ আৰু ভগ্নীক হেৰুওৱাৰ বেদনা বুকুত লৈ জ্বলি জ্বলি সুবাস বিলাই শেষ হৈ যোৱা ধূপৰ দৰেই তেওঁ নিজৰ জীৱনটোক আনৰ বাবে উচৰ্গা কৰিছিল। তেওঁৰ উচ্ছৃংখল আৰু খেয়ালি স্বভাৱটোৱে বহু সময়ত বহু বিতৰ্কৰ সৃষ্টি কৰিলেও তেওঁ তাৰ মাজৰ পৰা অনায়াসে ওলাই আহিছিল। পশু-পক্ষী আৰু প্ৰকৃতিক ভালপোৱা জুবিন গাৰ্গ সঁচাকৈয়ে এজন অসাধাৰণ লোক আছিল। ধনী-দুখীয়া সকলো লোক তেওঁৰ বাবে অভিন্ন আছিল। জুবিন গাৰ্গে নিজকে এজন বিশিষ্ট লোক হিচাপে ভাৱি লৈ কেতিয়াও আনৰ পৰা নিজক আঁতৰাই ৰখা নাছিল। অনুষ্ঠান পৰিৱেশণ কৰিবলৈ যাওঁতেই হওক বা নিজৰ ঘৰখনতেই হওক সদায়েই সকলো সহযোগীৰ লগত সমানে একেলগে বহি আহাৰ গ্ৰহণ কৰে বুলি জানিব পাৰিছিলো। দুখীয়া-দৰিদ্ৰৰ দুখত তেওঁৰ হৃদয় উচুপি উঠিছিল। আনৰ সন্তানকেই নিজৰ সন্তান বুলি ভাবি লোৱাৰ বাবেই হয়তো তেওঁ নিঃসন্তান হৈ থাকিল।জুবিন গাৰ্গৰ সাহসিকতা আৰু স্পষ্টবাদিতা সকলোৰে শ্বীকাৰ্য। তেওঁৰ আচাৰ-আচৰণত শিশু-সুলভ স্বভাৱ পৰিলক্ষিত হৈছিল আৰু সেই বাবেই শিশুৰ পৰা বয়োবৃদ্ধ জনলৈকে তেওঁ অতি মৰমৰ আৰু আদৰৰ শিল্পী হৈ পৰিছিল। জুবিন গাৰ্গে তেওঁৰ গীত সমূহ সৰ্বসাধাৰণ সকলো লোকে সহজে অনুধাৱণ কৰি বুজিব আৰু গাব পৰাকৈ সৃষ্টি কৰিছিল।তেওঁৰ সিংহৰ দৰে গৰ্জনে সৰ্বসাধাৰণৰ অন্তৰত সাহস যোগাইছিল। আজি সেই মহান শিল্পী জনৰ মৃত্যুৰ দিনটোত হিন্দু- মুছলমান, মিৰি, কৰ্ৱত্য আদি সকলো জাতি ধৰ্মৰ লোকে একে শাৰীতে থিয় হৈ কোনোৱে জুবিন, কোনোৱে জুবিন দা, কোনোৱে জুবিন দাৰ জয় বুলি একেলগে চিঞৰি উঠিছে, হিয়া ধাকুৰি ফেকুৰি ফেকুৰি কান্দিছে। জুবিন গাৰ্গ অসমবাসী ৰাইজৰ বাবে ভগৱান স্বৰূপ! প্ৰতি গৰাকী অসমীয়াৰ হৃদস্পনদন। ভগৱান শ্ৰী কৃষ্ণৰ বাঁহীৰ সুৰত যি দৰে গোকুলৰ গোপীসৱে ঘৰ, স্বামী, সন্তান সকলোকে এৰি কৃষ্ণৰ প্ৰেমত মতলীয়া হৈ লৱৰি আহিছিল; ঠিক সেইদৰে জুবিন গাৰ্গৰ অনুষ্ঠান বুলিলে শিশুৰ পৰা বয়োজ্যেষ্ঠজনলৈকে সকলোৱে ঘৰ শূণ্য কৰি ওলাই আহিছিল প্ৰাণৰ শিল্পী জনক হেঁপাহ পলুৱাই চাবৰ বাবে, তেওঁৰ গীত শুনিবৰ বাবে আৰু হয়তো কোনোৱে তেওঁক একেবাৰে কাষৰ পৰা চাই চুই চাবৰ বাবে। এই প্ৰেম সাধাৰণ প্ৰেম নহয়! এই প্ৰেম আছিল আধ্যাত্মিক! কাম-বাসনাহীন আত্মাৰ মিলন। তেনে এজন দেৱ-শিল্পীৰ অকাল মৃত্যুৱে সমগ্ৰ অসমীয়া জাতিক নিথৰুৱা কৰি তুলিলে। জাতিৰ বাবে তেওঁৰ সৃষ্টি আধৰুৱা হৈ ৰৈ গ’ল।
জুবিন গাৰ্গে অসমীয়া জাতিৰ জাতীয় সত্ত্বাক অসমৰ চুক-কোণৰ পৰা বুটলি আনি নৱ সৃষ্টিৰে আলোকিত কৰি তুলিছিল। জুবিনেই আছিল একমাত্ৰ প্ৰথম ভাৰতীয় সংগীতজ্ঞ যিয়ে নেকি বাংলা আৰু হিন্দী ভাষাৰ চলচ্চিত্ৰৰ সংগীতৰ কাম কৰিছিল আৰু গীত গাইছিল। লগতে তেওঁ বিঞ্চুপ্ৰিয়া, মণিপুৰী, বড়ো, ডিমাচা, ইংৰাজী, গোৱালপৰীয়া ,কণ্ণড়, মালায়ালম, মাৰাঠি, মিচিং, নেপালি, ভোজপুৰী, ওড়িয়া, তিমি, সংস্কৃত, তামিল, সিন্ধু আদিকে ধৰি ৪০টা ভাষা উপভাষাৰ গীত গাইছিল। অসম বাসীৰ বাবে জুবিন গাৰ্গ আছিল লুইত কণ্ঠ, গ’ল্ডি, হাৰ্ট থ্ৰব আৰু জুবিন দা। তেওঁ আছিল অসমৰ Rockstar, Legendary Singer… এনে এজন কিংবদন্তি আমাৰ মাজৰ পৰা হেৰাই গ’ল চিৰদিনৰ বাবে। হেৰাই গ’ল এটা জাতীয় সত্ত্বা! ৰৈ গ’ল মাথো স্বকীয় মহিমাৰে তেওঁৰ অমৰ সৃষ্টি।পৰ্বত, পাহাৰ, আকাশ, বতাহ সকলোতে ঠেকা খাই প্ৰতিধ্বনি হৈ ঘুৰি ঘুৰি সদায়েই আহিব সেই সুৰীয়া কণ্ঠ। কায়িক ভাৱে নাথকিলেও তেওঁৰেই ছাঁয়া হৈ তেওঁৰ সৃষ্টি ৰাজি আমাৰ মাজত জীয়াই থাকিব। লুইত কণ্ঠ মৃত্যু জিনি অমৰ হৈ ৰ’ল। কোনো মৃত্যুৱে মানুহক সন্ত্ৰস্ত কৰে, কোনো মৃত্যুৱে সাহস যোগায়। সেইদৰে কেতিয়াবা মৃত্যুত সমাপ্তি আৰু আৰম্ভও হয়। জুবিনৰ মৃত্যুৱে জনসাধাৰণক এখন নতুন পৃথিৱীৰ সন্ধান দি থৈ গ’ল। হে অমৰ কণ্ঠ ঈশ্বৰে তোমাক দেৱলোকত স্থান দিয়ক । শেষত তোমালৈ শতকোতি প্ৰণাম জনালো..