কিংবদন্তি কণ্ঠশিল্পী আশা ভোছলে আৰু নাই
ৰঙিলী বাৰ্ত্তাসেৱা- ভাৰতীয় সংগীত জগতৰ কিংবদন্তি কণ্ঠশিল্পী আশা ভোছলে আৰু নাই। দেওবাৰে মুম্বাইৰ ব্ৰীচ কেণ্ডি চিকিৎসালয়ত দিনৰ প্ৰায় ১২.৩০ বজাত ৯২ বছৰীয়া সংগীত শিল্পী আশা ভোছলেই শেষ নিশ্বাস ত্যাগ কৰে। হৃদযন্ত্ৰৰ সংক্ৰমণৰ বাবে শনিবাৰে কণ্ঠশিল্পী আশা ভোছলেক মুম্বাইৰ ব্ৰীচ কেণ্ডি চিকিৎসালয়ত ভর্তি কৰোৱা হৈছিল। তেওঁৰ দেহাৱসানৰ লগে লগে ভাৰতীয় চিনেমা আৰু সংগীত জগতৰ আঠ দশকজোৰা এটা যুগৰ অৱসান ঘটিল। অপূর্ব কণ্ঠৰে সকলোৰে হৃদয় জয় কৰিব পৰা আশা ভোছলেৰ মৃত্যুত সমগ্র দেশজুৰি শোকৰ ছাঁ পৰিছে। সাংগীতিক কেৰিয়াৰত কুৰিৰো অধিক ভাষাত ১২ সহস্রাধিক গীতত কণ্ঠদান কৰা আশা ভোছলেৰ এনে বহু চিৰসেউজ গীত আছে যিবোৰ আজিও সকলোৰে মুখে মুখে। পিয়া টু আব তো আজা, দম মাৰো দম, চুৰা লিয়া হায় তুমনে জো দিল কো, ঝুমকা গিৰা ৰে, য়েহ মেৰা দিল, দিল চেজ ক্যা হায়, অ’ মেৰে সোনা বে, আৰু ইন আঁখো কি মস্তি কে মস্তানে হাজাৰোণ হোই অন্যতম। আশা ভোছলেৰ সাংগীতিক যাত্ৰা আৰম্ভ হয় ১৯৪৩ চনত মাৰাঠী ছবি মাঝে বাল’ৰ প্ৰথম প্লে’বেক গীতৰ পৰা। তাৰপিছত ১৯৪৮ চনত মুক্তি পোৱা হিন্দী ছবি চুনৰিয়া’ৰ সৱন আয়া’ গীতেৰে বলীউড প্লেকেত আত্মপ্রকাশ কৰে শিল্পীগৰাকীয়ে।আশা ভোছলেৰ জন্ম হৈছিল ১৯৩৩ চনৰ ৮ ছেপ্টেম্বৰত। অতি কম বয়সৰ পৰাই সংগীতৰ যাত্ৰা আৰম্ভ কৰি ১৯৫০ চনৰ পৰা এগৰাকী আগশাৰীৰ নেপথ্য গায়িকা হিচাপে বিশ্বজুৰি খ্যাতি লাভ কৰিছিল। কিংবদন্তি কণ্ঠশিল্পীগৰাকীক ২০০০ চনত দাদাচাহেব ফাল্কে বঁটাৰে সন্মানিত কৰা হৈছিল। দাদাচাহেব ফাল্কে বঁটা আৰু পদ্মবিভূষণৰ দৰে সন্মানীয় বঁটাৰে বিভূষিত হোৱা আশা ভোছলেৰ নাম ২০১১ চনত গীনিজ ৱৰ্ল্ড ৰেকৰ্ডছত বিশ্বৰ সৰ্বাধিক গীত বাণীবদ্ধ কৰা শিল্পী হিচাপে অন্তর্ভুক্ত হৈছিল। তেওঁ হিন্দী ভাষাৰ উপৰি ২০টাতকৈ অধিক দেশী-বিদেশী ভাষাত কণ্ঠদান কৰিছে। এইগৰাকী চিৰসেউজ শিল্পী আশা ভোছলেৰ সৈতে অসমৰো আছে নিবিড় সম্পর্ক। ভাৰতৰত্ন ড° ভূপেন হাজৰিকাৰ সংগীত নির্দেশনাত কেইবাটাও অসমীয়া গীতত কণ্ঠদান কৰি অসমবাসীৰো হৃদয় জয় কৰি গৈছে আশা ভোছলেই। ইয়াৰে ‘এই ধুনীয়া গধূলি লগন’ আজিও সকলোৰে মুখে মুখে শুনা যায়। স্বাভাৱিকতেই এইগৰাকী শিল্পীৰ মৃত্যুত অসমতো পৰিছে শোকৰ ছাঁ। উল্লেখ্য যে আশা ভোছলে আছিল প্রখ্যাত নাট্য অভিনেতা তথা শাস্ত্রীয় গায়ক দীনানাথ মংগেশকাৰৰ কন্যা আৰু লতা মংগেশকাৰৰ কনিষ্ঠ ভগ্নী। মাত্র ৯ বছৰ বয়সত দেউতাকৰ মৃত্যুৰ পিছত তেওঁ আৰু জ্যেষ্ঠ ভগ্নী লতা মংগেশকাৰে পৰিয়াল পোহপাল দিবলৈ গান গাবলৈ আৰম্ভকৰিছিল। লতা মংগেশকাৰ আৰু আশা ভোছলে আছিল ভগ্নী। দুয়োগৰাকীয়ে আছিল কিংবদন্তি গায়ক। জন্মৰ ক্ষেত্ৰত যিদৰে চাৰি বছৰৰ ব্যৱধান আছিল। মৃত্যুৰ ক্ষেত্ৰতো একেই ব্যবধানেৰে অজান পৃথিৱীলৈ গুচি গ’ল আশা। লতা মংগেশকাৰৰ জন্ম হৈছিল ১৯২৯ চনত, আনহাতে আশা ভোছলেৰ জন্ম হৈছিল ১৯৩৩ চনত। তেওঁলোকৰ মৃত্যুৰ মাজতো চাৰি বছৰৰ ব্যৱধান আছিল। ২০২২ চনত লতাই শেষ নিশ্বাস ত্যাগ কৰাৰ বিপৰীতে আশাই ২০২৬ চনত শেষ নিশ্বাস ত্যাগ কৰে। তদুপৰি ৰহস্যময় মিলনেৰে দেওবাৰেই ৯২ বছৰ বয়সতে দুয়োৰে মৃত্যু হয়। বিশিষ্ট সংগীতজ্ঞগৰাকীৰ শেষকৃত্য ৰাষ্ট্ৰীয় মর্যাদাৰে সম্পন্ন কৰা হ’ব বুলি চৰকাৰে জানিবলৈ দিছে। কিংবদন্তি কণ্ঠশিল্পী আশা ভোছলেৰ বিয়োগত দেশজুৰি শোকৰ ছাঁ পৰিছে। অনুৰাগীসকলৰ লগতে বিভিন্ন ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তিয়ে এই মহান শিল্পীগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে।
