‘ কা ‘ সমন্বয় সমিতি, অসমৰ সংবাদ মেল

‘ কা ‘ সমন্বয় সমিতি, অসমৰ সংবাদ মেল

ৰঙিলী বাৰ্ত্তাসেৱা- গুৱাহাটী প্ৰেছ ক্লাবত কা সমন্নয় সমিতিয়ে আজি এখন সংবাদ মেল সম্বোধন কৰে।উক্ত সংবাদ মেলত তেওঁলোকে চৰকাৰে অসমৰ ৰাইজৰ বিৰুদ্ধে গৈ উন্নয়নৰ নামত কিছুমান নীতি বিৰুদ্ধ কাম কৰিবলৈ যোৱাৰ প্ৰতিবাদত তিনিটা প্ৰস্তাৱ গ্ৰহণ কৰে। অসম চুক্তি ৬ নং দফা ১৯৫১ ৰ সলনি ১৯৭১ চনৰ বিৰোধ আৰু এখন শুদ্ধ এন আৰ চি প্ৰস্তুত কৰন। গুৱাহাটী ক্লাব ৰটাৰিস্থিত ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ প্ৰতিমূৰ্তি সেই স্থানৰ পৰা উঠাই আনি টি চি পইন্তৰ ওচৰত ৰাখি থবলৈ ওলোৱা কাৰ্য্যৰ তীব্ৰ বিৰোধিতা আৰু উন্নয়নৰ নামত দীঘলীপুখুৰী পাৰৰ পুৰণি গছবোৰ কাটিব ওলোৱা কাৰ্য্যৰ বিৰোধ৷অসমৰ বিভিন্ন ঠাইৰ পৰা থলুৱা লোকক উচ্ছেদ কৰি ৬ লাখ বাংলাদেশী মূলৰ লোকক স্থায়ী নাগৰিকত্ব প্ৰমাণ পত্ৰ দিবলৈ ওলোৱা কাৰ্য্যৰ বিৰোধ। ইয়াৰ উপৰিও ‘ কা ‘ আন্দোলন, তথা হিমন্ত বিশ্ব শৰ্মাই এককভাৱে ৰাজ্যত শৈৰাচাৰি শাসন চলোৱাৰ ওপৰতো বিভিন্ন বক্তাই ভাষণ প্ৰদান কৰে।আনহাতে তেওঁলোকৰ এই বিষয় বোৰৰ হকে অসমৰ ৰাইজে সমানে মাত মাটি এক তীব্ৰ আন্দোলন কৰাৰ আহ্বান জনায়। আজিৰ সংবাদ মেলত ডঃ হীৰেন গোহাঁই, আহ্বায়ক দেবেন তামূলী, ৰাইজৰ দলৰ আহ্বায়ক ডঃ ঘনশ্যাম নাথ, প্ৰাক্তন অধ্যাপক ডঃ আব্দুল মান্নান, চি পি আইৰ জ্যেষ্ঠ নেতা মুনিন মহন্ত, শঙ্কৰ শইকীয়া, এন চি পিৰ পৰেশ বৰুৱা, কংগ্ৰেছৰ বেদব্ৰত শইকীয়া, জিপাল কৃষক সভাৰ সভাপতি জয়ন্ত গগৈৰ লগতে কেবা গৰাকীমান বিশিষ্ট ব্যক্তি উপস্থিত থাকে। উল্লেখ কৰিব পাৰি যে আজিৰ সংবাদ মেলত ৰূপ কোঁৱৰ জ্যোতি প্ৰসাদ আগৰৱালাৰ দুই জীয়াৰী ক্ৰমে জ্ঞানশ্ৰী পাঠক আৰু সত্যশ্ৰী দাস উপস্থিত থাকে৷