কা’ বিৰোধী সমন্নয় সমিতিৰ সভা

p.c- The Quint

কা’ বিৰোধী সমন্নয় সমিতিৰ সভা
গুৱাহাটী,৩০ জুলাইঃ

৩ আগষ্টত বি এছ এন এল ভৱনৰ সন্মুখত হ’ব লগা কা’ বিৰোধী প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ন সন্দৰ্ভত তথা প্ৰতিবাদীত সমবেত সন্দৰ্ভত আজি হেদায়েৎপুৰস্থিত ইলোৰা বিজ্ঞান মঞ্চৰ কাৰ্যালয়ত কা’ বিৰোধী সমন্নয় সমিতিয়ে এখন ৰুদ্ধদ্বাৰ বৈঠক অনুষ্ঠিত কৰে। আহ্বায়ক দেবেন তামূলী, চি পি আইৰ প্ৰাক্তন সভাপতি মুনিন মহন্ত, চি পি আই এম এল ৰ কামৰূপ মহানগৰ সমিতিৰ সম্পাদক পংকজ দাস, ইছফাকুৰ ৰহমান, চি পি আই এমৰ ৰাজ্যিক সম্পাদক সুপ্ৰকাশ তালুকদাৰ, চিভিল
চোচাইটিৰ অধ্যাপক আব্দুল মান্নান, ফণীধৰ দাসকে আদি কৰি কেবাজনো বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে। অহা ইং ৩ আগষ্টৰ কাৰ্যসূচীত মুনিন মহন্তৰ নেতৃত্বত ৩০ জন, পংকজ দাসৰ নেতৃত্বত ৫০ জন, সুপ্ৰকাশ তালুকদাৰৰ নেতৃত্বত ৫০ জন, দেবেন তামুলীৰ নেতৃত্বত ৪০ জন, আৰু আব্দুল মান্নানৰ নেতৃত্বত ৩০ জন প্ৰতিবাদ কাৰ্যসূচীত সমবেত হ’ব বুলি জানিব পৰা যায়।