কা বিৰোধী জাতীয় মঞ্চৰ নাগৰিক সভা

কা বিৰোধী জাতীয় মঞ্চৰ নাগৰিক সভা

ৰঙিলী বাৰ্ত্তাসেৱা- কা বিৰোধী জাতীয় মঞ্চ অসমৰ উদ্যোগত গুৱাহাটী প্ৰেছ ক্লাবত এখন নাগৰিক সভা অনুষ্ঠিত হয়। উক্ত সভাত জাতীয় মঞ্চৰ আমন্ত্ৰণ মৰ্মে উপস্থিত থাকে কা বিৰোধী সমম্বয় সমিতিৰ মুখ্য আহ্বায়ক বিশিষ্ট বুদ্ধিজীৱী ডঃ হীৰেন গোহাঁই, বিশিষ্ট লেখিকা ডঃ মাইনী মহন্ত, বিশিষ্ট কবি নীলিম কুমাৰ, বিশিষ্ট শিক্ষাবিদ ডঃ অপূৰ্ব বৰুৱা আৰু ইন্দ্ৰানী দত্তৰ লগতে কা বিৰোধী জাতীয় মঞ্চৰ আহ্বায়ক ৰুবুল দাস, প্ৰদীপ কলিতা, সঞ্জীৱ চিৰাম দেউৰী, যাদৱ গগৈ, ৰিতুৰাজ কলিতা, ৰবি শইকীয়া চুতীয়াকে আদি কৰি কেইবাজনো বিশিষ্ট ব্যক্তি উপস্হিত থাকে। ডঃ হীৰেন গোহাঁইয়ে ভাষণ প্ৰসংগত কয় যে কা আইন যি কোনো মূল্যৰ বিনিময়ত বাতিল হ’বই লাগিব কিন্তু আমাৰ প্ৰধান লক্ষ্য এই চৰকাৰক অতি সোনকালে উৎখাত কৰা। তেওঁলোকৰ চৰিত্ৰ বেয়া, সেয়েহে সিহঁতে কা আইন আনিছে নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবে। বৰ্তমান ৰাজ্যত অসমীয়া জাতি অস্তিত্বৰ সংকটত। মানুহ হিচাবে জীয়াই থকাৰ অধিকাৰ প্ৰতিটো মূহুৰ্তত খৰ্ব হৈ আছে। এই চৰকাৰক অতি শীঘ্ৰে উৎখাত নকৰিলে গণতন্ত্ৰৰ প্ৰতি ভাবুকিৰ সৃষ্টি হোৱাৰ লগতে অসমীয়া জাতিটো ভৱিষ্যতলৈ গোলাম হৈ থাকিব লাগিব। এজন বদমাছ, নিলজ্য মানুহে ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ পদবীত থাকি প্ৰতিদিনে গণতন্ত্ৰক হত্যা কৰিছে। কাৰোবাৰ বিয়া খাবলৈ গলে হেলিকপ্টাৰ লৈ গৈ বিয়া খায়। লাখ লাখ টকা দিনে অপব্যৱহাৰ কৰিছে অথচ স্কলাৰশ্বিপ দিবলৈ টকা নাথাকে। দৈনিক অৰ্থহীন কামত, নিজৰ মুনাফাত টকা খৰচ কৰে। সেয়ে ৰাইজলৈ তেওঁৰ আহ্বান যাতে প্ৰতিজন সচেতন ব্যক্তিয়ে এই কথাবোৰ বিবেচনা কৰে।সভাত উপস্হিত বক্তা সকলেও কা আইনৰ ভয়াবহতাৰ বিষয়ে বক্তব্য প্ৰদান কৰাৰ লগতে সকলো ৰাইজক কা আইনৰ বিৰুদ্ধে মাৰ বান্ধি থিয় হ’বলৈ আহ্বান জনায়।সদৌ শেষত কা বিৰোধী জাতীয় মঞ্চৰ আহ্বায়ক ৰুবুল দাসে কয় যে অসমীয়া জাতি ধ্বংসী বিজেপি দল মানে এই যন্ত্ৰটোক অতি সোনকালে উৎখাত কৰিব লাগিব। জাতিৰ এই সংকটৰ সময়ত সকলোৱে একে লগ হৈ কা আইনৰ বিৰুদ্ধে প্ৰতিবাদ অতি তীব্ৰতৰ কৰিব লাগিব বুলি কোৱাৰ লগতে ৰাইজৰ সহায় সহযোগিতা কামনা কৰে। সভাত অতি গুৰুত্ব সহকাৰে তেওঁলোকে কেইটামান প্ৰস্তাৱ গ্ৰহণ কৰে। জানিব পৰা মতে জিলাই জিলাই নাগৰিক সভা আহ্বান কৰা হ’ব। কা আইনৰ বিৰুদ্ধে সন্মিলিতভাৱে অধিক তীব্ৰতৰ আন্দোলন গঢ়ি তোলা হ’ব। আৰু যিহেতু বিজেপি চৰকাৰে কা আইন বলৱৎ কৰিলে গতিকে বিজেপিক ভোট দানৰ পৰা সকলো ৰাইজক বিৰত থাকিবলৈ আহ্বান জনোৱা হ’ব, লগতে এক গণ স্বাক্ষৰ অভিযান আৰম্ভ কৰা হ’ব।