কা আন্দোলনৰ বীৰ শ্বহীদৰ ত্যাগে মূল্য পাবই লাগিব: লুৰীণজ্যোতি গগৈ

কা আন্দোলনৰ বীৰ শ্বহীদৰ ত্যাগে মূল্য পাবই লাগিব: লুৰীণজ্যোতি গগৈ
কা জাপি দি ৫৩ বছৰৰ অবৈধ বিদেশীৰ বোজা জাপি দিয়া বিজেপি চৰকাৰৰ বিৰুদ্ধে অজাপৰ যুঁজ অব্যাহত থাকিব: লুৰীণজ্যোতি গগৈ

ৰঙিলী বাৰ্ত্তাসেৱা-  ‘কা’ বিৰোধী গণ সংগ্ৰামত আত্মবলিদান দিয়া পাঁচগৰাকী জাতীয় বীৰ শ্বহীদক সুঁৱৰি অসম জাতীয় পৰিষদে শুকুৰবাৰে ৰাজ্যজুৰি আত্মবলিদান দিৱস পালন কৰে। গুৱাহাটীৰ জু-ৰোডস্থিত দলটোৰ মুখ্য কাৰ্যালয়তো আত্মবলিদান দিৱস পালন কৰা হয়৷ এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত উপস্থিত থাকে দলটোৰ সভাপতি লুৰীণজ্যোতি গগৈ৷ অজাপৰ কামৰূপ মহানগৰ জিলা সমিতিয়ে আয়োজন কৰা আত্মবলিদান দিৱসত উপস্থিত থাকি পাঁচোগৰাকী মহান শ্বহীদৰ প্ৰতিকৃতিত মাল্যাৰ্পণ কৰি তেখেতসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি নিবেদন কৰে সভাপতি লুৰীণজ্যোতি গগৈয়ে৷ কা আন্দোলনৰ বীৰ শ্বহীদসকলক স্মৰণ কৰি তেওঁ কয়, ‘‘কেতিয়াবা একোটা দিন এটা জাতিৰ বাবেই অভিশপ্ত হৈ ৰৈ যায়৷ ১২ ডিচেম্বৰ, তেনে এটি অভিশপ্ত দিন অসমীয়া জাতিৰ বাবে৷ বৰ্বৰ, ক্ষমতালিপ্সু, নিৰ্দয় শাসকৰ নিৰ্দেশত পাঁচগৰাকী অসমসন্তানক গুলীবিদ্ধ কৰা হৈছিল ২০১৯ৰ আজিৰ দিনটোতে৷ ভাষা-জননীৰ সুৰক্ষাৰ বাবে, অসমখনক হিয়া উজাৰি ভাল পাই বাবে ‘কা’ বিৰোধিতা কৰিবলৈ আহি প্ৰাণ আহুতি দি শ্বহীদবৰণ কৰিছিল পাঁচগৰাকী অসমীয়া ডেকাই৷ কোনো স্বাভিমানী অসমীয়াই পঞ্চশ্বহীদৰ বিৰল ত্যাগ আৰু মহানতাক পাহৰিব নোৱাৰে৷ আজিৰ দিনটোত পাঁচগৰাকী জাতীয় শ্বহীদক শ্ৰদ্ধাৰে সোঁৱৰণ কৰি সশ্ৰদ্ধ প্ৰণিপাত যাচিছোঁ৷’’ সভাপতিগৰাকীয়ে পুনৰ কয়, ‘‘অসম আৰু অসমীয়াৰ সুৰক্ষিত ভৱিষ্যতৰ স্বাৰ্থত ছেম, দীপাঞ্জল, আব্দুল, ঈশ্বৰ আৰু বীজেন্দ্ৰৰ আত্মত্যাগে আমাক আপোচবিহীনতাৰ পাঠ শিকাই প্ৰতিনিয়ত৷ মূৰ তুলি কথা ক’বলৈ পঞ্চশ্বহীদৰ ত্যাগৰ ইতিহাস আমাৰ সাহসৰ সৌধ৷ এই পাঁচগৰাকী অসম তনয়ক শ্বহীদ বুলি স্বীকৃতি দিবলৈও চৰকাৰৰ ন্যূনতম সদিচ্ছাৰ অভাৱ৷ আজিপৰ্যন্ত এবাৰলৈও চৰকাৰে পঞ্চ শ্বহীদৰ ত্যাগৰ বাবে ক্ষমা নুখুজিলে৷ আক্ষেপ প্ৰকাশ নকৰিলে। এবাৰলৈ তেওঁলোকৰ অহংকাৰৰ চূড়া লজ্জাত তললৈ নামি নাহিল। শাসকৰ এই অহংকাৰ, অত্যাচাৰক, এই ধৃষ্টতাক ৰাইজে মনত ৰাখিব। সময় সাক্ষী হৈ ৰ’ব সেই নিদাৰুণ সময়ৰ৷ পঞ্চশ্বহীদৰ আত্মত্যাগ আৰু অনন্য অসমপ্ৰেমৰ নিদৰ্শনৰ সাহস আৰু প্ৰেৰণাতে আমি আগত সময়ত খোজ দিম৷ অসমৰ বুকুৱেদি বৰলুইত বৈ থকালৈ আকাশে-বতাহে নিনাদিত হৈ থাকিব শ্বহীদৰ জয়গান৷’’ ‘কা’ কোনোকাৰণতে কোনো স্বাভিমানী অসমীয়াই মানি নলয় বুলি দৃঢ়তাৰে সভাপতি গগৈয়ে লগতে কয়, ‘‘কা বলবৎ কৰি বিজেপি চৰকাৰে অসম চুক্তিৰ মূল আত্মাটোকে হত্যা কৰিছে৷ কা বলবৎ কৰি অসমত অবৈধ বিদেশীৰ অতিৰিক্ত ৫৩ বছৰৰ বোজা জাপি দিয়া হৈছে৷ এই জনবিৰোধী সিদ্ধান্তৰ বিৰুদ্ধে আমাৰ যুঁজ অব্যাহত থাকিব৷’’ সন্ধিয়া দলৰ মুখ্য কাৰ্যালয়ৰ লগতে অসম জাতীয় পৰিষদৰ প্ৰতিখন জিলা সমিতি আৰু আঞ্চলিক সমিতিৰ কাৰ্যালয়ত সন্ধিয়া বন্তি প্ৰজ্বলন কৰি কা আন্দোলনৰ শ্বহীদসকললৈ শ্ৰদ্ধাৰ্ঘ্য নিবেদন কৰা হয়৷ আজি অসম জাতীয় পৰিষদৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত আত্মবলিদান দিৱসত দলটোৰ কেন্দ্ৰীয় সমিতি আৰু কামৰূপ মহানগৰ জিলা সমিতিৰ কেইবাগৰাকীও নেতা-কৰ্মী উপস্থিত থাকি শ্বহীদসকললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে৷