‘কা’ আইন প্ৰত্যাহাৰৰ দাবীৰে সমগ্ৰ অসমতেই ব্যাপক আন্দোলন তৃণমূল কংগ্ৰেছৰ

‘কা’ আইন প্ৰত্যাহাৰৰ দাবীৰে সমগ্ৰ অসমতেই ব্যাপক আন্দোলন তৃণমূল কংগ্ৰেছৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  ‘কা’ আইন প্ৰত্যাহাৰৰ দাবীৰে অসমৰ প্ৰতিখন জিলাতে প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ন কৰে অসম তৃণমূল কংগ্ৰেছ দলে। ইয়াৰ সমান্তৰালকৈ আজি জয়ানগৰস্থিত অসম তৃণমূল কংগ্ৰেছৰ মুখ্য কাৰ্যালয়তো দলৰ সভাপতি ৰিপুণ বৰাৰ নেতৃত্বত প্ৰতিবাদ সাব্যস্ত কৰা হয়। উক্ত প্ৰতিবাদী কাৰ্য্যসূচীত ‘কা’ আইনৰ প্ৰতিলিপি দহন আৰু “বিজেপিৰ ভোট বেংক সৃষ্টি কৰিবলৈ অসমৰ ওপৰত ‘কা’ আইন জাপি দিলে ন’হব”, “কা’ আইনৰ জৰিয়তে বিজেপি আৰু আৰ-এছ-এছৰ অসম ধ্বংসৰ ষড়যন্ত্ৰ বন্ধ কৰক”, “জাতি ধ্বংসী ‘কা’ আইনৰ বিৰুদ্ধে জাতীয়তাবাদৰ মুখা পিন্ধা ক্ষমতা লোভী অগপ নিমাত কিয়””কা আইনৰ পৰা অসমক ৰক্ষা কৰক” ইত্যাদি শ্লোগানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে অসম তৃণমূল কংগ্ৰেছ দলৰ কৰ্মীসকলে। দলৰ সভাপতি ৰিপুণ বৰাই নিজৰ ক্ষোভ প্ৰকাশ কৰি কয় যে, “কোনো অসমীয়াই নিজৰ অস্তিত্ব আৰু স্বাভিমানত আঘাত কৰা অপশাসনৰ বিৰুদ্ধে মনে মনে বহি নাথাকে। বিজেপিয়ে নিজৰ ক্ষমতা আৰু ভোটবেংকৰ স্বাৰ্থত ‘কা’ বলৱৎ কৰিছে, কিন্তু আমি অসম আৰু অসমীয়াৰ অস্তিত্ব বিপন্ন হোৱাৰ ভয়ত প্ৰতিবাদ কৰিছো। এখন গণতান্ত্ৰিক দেশত এজন নাগৰিকৰ নিজৰ সাংবিধানিক অধিকাৰ থকাৰ স্বত্তেও নিজৰ দেশ-মাটিৰ বাবে মাত মতাৰ বাবে বিজেপিয়ে নিজৰ ক্ষমতাৰ অপ-প্ৰয়োগেৰে জনতাৰ কণ্ঠ ৰূদ্ধ কৰিব বিচাৰিছে। এয়া চৰম জংঘলৰাজ আৰু হিটলাৰী শাসন। সুবিধাবাদী অগপ দলে ক্ষমতাৰ লালসাত অসম আন্দোলনৰ শ্বহীদ সকলক অপমান কৰি আজি নিমাত হৈ আছে। আমি প্ৰতিবাদ কৰিছো নিজৰ স্বদেশ আৰুজাতিৰ স্বাৰ্থত। আমি মাত মাতি আহিছো দেশ- জাতিৰ বাবে আৰু আগলৈও মাতি যাম। যদি বিজেপিয়ে অতিশীঘ্ৰেই ‘কা’ আইন বাতিলৰ বাবে কোনো পদক্ষেপ গ্ৰহণ নকৰে তেন্তে আমি ইয়াতকৈও অধিক তীব্ৰ আন্দোলন গঢ়ি তুলিম।”