কা’ৰ অধীনত নাগৰিকত্বৰ আবেদনৰ সময়সীমাৰ ম্যাদ বৃদ্ধিক প্রত্যাহ্বান জনাব অগপই
ৰঙিলী বাৰ্ত্তাসেৱা- কেন্দ্ৰীয় চৰকাৰে নাগৰিকত্ব সংশোধনী আইনৰ অধীনত আবেদনৰ সময়সীমাৰ ম্যাদ বৃদ্ধি কৰা সন্দৰ্ভত প্রতিক্রিয়া প্ৰকাশ কৰি অসম গণ পৰিষদ দলে শনিবাৰে আমবাৰীস্থিত মুখ্য কার্যালয়ত এখন সংবাদ মেল সম্বোধন কৰে। কেন্দ্ৰই জাৰি কৰা The Emigra-tion and Foreigners Examtion Orderৰ বিৰোধিতা কৰি অগপৰ প্ৰাক্তন সাংসদ কুমাৰ দীপক দাসে কয় যে এই নির্দেশনাই অসম চুক্তিক অৱমাননা কৰিব। অগপ দলে অসম চুক্তিৰ ক্ষেত্রত কোনোদিনে আপোচ কৰা নাই আৰু নকৰে। এই নিৰ্দেশনাৰ জৰিয়তে অসম তথা উত্তৰ-পূৰ্বাঞ্চলক সামৰি লোৱা বিষয়টোত অসন্তুষ্টি প্রকাশ কৰি অগপ দলে স্থিতি স্পষ্ট কৰে যে এনডিএৰ অংশীদাৰ হ’লেও এই নির্দেশনাক অগপই সমর্থন নকৰে। অগপই পূৰ্বৰ ‘কেব’ আৰু বৰ্তমানৰ ‘কা’ প্ৰথমাৱস্থাৰ পৰাই বিৰোধিতা কৰি আহিছে। তদুপৰি, দেশৰ অন্যান্য দলসমূহকো ‘কা’ৰ বিৰোধিতা কৰাৰ বাবে সমর্থন বিচাৰিছিল অগপই। অগপই ‘কা’ আইনক প্রত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ত গোচৰ তৰিছিল। অগপৰ লেখ আবেদনৰ বাবেই সর্বোচ্চ ন্যায়ালয়ে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ বাবে সুকীয়া শুনানিৰ নির্দেশনা দিছিল। তেনেস্থলত কেন্দ্ৰৰ শেহতীয়া নির্দেশনাক প্রত্যাহ্বান জনাই পুনৰ ন্যায়ালয়ত লেখ আবেদন দাখিল কৰিব অগপই। অসম চুক্তিক নস্যাৎ কৰাৰ বিৰোধিতাৰে যিকোনো প্রত্যাহ্বান গ্রহণ কৰি আইনী যুঁজ চলাই যাব বুলি আজিৰ সংবাদমেলত স্পষ্ট কৰে অগপই। আজিৰ সংবাদ মেলত অগপৰ উপ-সভাপতি ড° জয়নাথ শর্মা, সাধাৰণ সম্পাদক ৰমেন্দ্ৰ নাৰায়ণ কলিতা, ড° তপন দাস, সুনীল ভেকা, সম্পাদক কিশোৰ দেউৰী, প্ৰচাৰ সম্পাদক অংশুমান দত্ত, অসম যুৱ পৰিষদৰ সভাপতি জিতু বৰগোহাঁই আৰু কাৰ্যকৰী সভাপতি হৃষিকেশ শর্মা উপস্থিত থাকে।