কা’ৰ অধীনত অবৈধ বিদেশীক নাগৰিকত্ব প্ৰদানৰ সময়সীমা বৃদ্ধিৰ ঘোৰ প্ৰতিবাদ অসম জাতীয় পৰিষদৰ

কা’ৰ অধীনত অবৈধ বিদেশীক নাগৰিকত্ব প্ৰদানৰ সময়সীমা বৃদ্ধিৰ ঘোৰ প্ৰতিবাদ অসম জাতীয় পৰিষদৰ,অধিসূচনাৰ প্ৰতিলিপি দাহ, মোদী-শ্বাহ-হিমন্ত বিশ্বৰ বিৰুদ্ধে শ্লোগান
অসমীয়া মানুহৰ প্ৰতি ইতিহাসৰ সৰ্ববৃহৎ অন্যায়-প্ৰৱঞ্চনা বিজেপি চৰকাৰৰ: অজাপ

ৰঙিলী বাৰ্ত্তাসেৱা-   নাগৰিকত্ব সংশোধনী আইন চমুকৈ কা’ৰ অধীনত অবৈধ বিদেশীক ভাৰতীয় নাগৰিকত্ব প্ৰদানৰ সময়সীমা ২০২৪ চনৰ ৩১ ডিচেম্বৰলৈ বৃদ্ধি কৰাৰ তীব্ৰ বিৰোধিতা কৰিছে অসম জাতীয় পৰিষদে। কা’ বিৰোধী গণ-আন্দোলনৰ ঔৰসত জন্মগ্ৰহণ কৰা জাতীয়তাবাদী আঞ্চলিক ৰাজনৈতিক দলটোৰ মতে, অসমবাসীৰ প্ৰতি ইতিপূৰ্বে অজস্ৰ অপৰাধ কৰা বিজেপি চৰকাৰৰ এইটো সৰ্ববৃহৎ অপৰাধ। অসমীয়া মানুহৰ সৈতে এনে পৰ্যায়ৰ অপৰাধ আন কোনেও কোনোদিন সংঘটিত কৰা নাই।চৰকাৰে কা’ৰ অধীনত বিদেশীক নাগৰিকত্ব প্ৰদানৰ সময়সীমা বৃদ্ধিৰ খবৰ ৰাজহুৱা হোৱাৰ লগে লগে অসম জাতীয় পৰিষদৰ শতাধিক বিষয়ববীয়া-সদস্য দলটোৰ জুৰোডস্থিত মুখ্য কাৰ্যালয়ত সমবেত হৈ ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰে। তেওঁলোকে কা’ আইনৰ নতুন সংশোধনীৰ অধিসূচনাখনৰ কেইবাটাও প্ৰতিলিপি ফালি ছিৰাছিৰ কৰাৰ লগতে উক্ত প্ৰতিলিপি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদকাৰীসকলে বিজেপি মুৰ্দাবাদ, নৰেন্দ্ৰ মোদী-অমিত শ্বাহ মুৰ্দাবাদ, হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ ধ্বনি দি পৰিৱেশ উত্তাল কৰি তোলে। তেওঁলোকে ‘কা আমি নামানো’, ‘বিজেপি বাংলাদেশীৰ সমৰ্থক’, ‘বাংলাদেশীৰ ভোটেৰে গাদী দখলৰ সপোন দেখিছে মোদী-হিমন্তই’, ‘অসমীয়া বিৰোধী বিজেপি গ’ বেক’ আদি শ্লোগান দিয়ে। ইফালে জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাই এক প্ৰেছ বিজ্ঞপ্তিত কয় যে বাংলাদেশীৰ ভোটৰ বাবে লালায়িত বিজেপিয়ে অসমীয়া জাতিৰ অস্তিত্ব বিপন্ন কৰি কেৱল হিন্দু বাংলাদেশীৰ ভোটৰ স্বাৰ্থত অসমত কা’ আইনৰ সময়সীমা বৃদ্ধি কৰিছে।গগৈ আৰু ভূঞাই কয়, “বিজেপিৰ নেতাসকলে এইটো কথা ভালকৈ জানে যে অসমত দিনে দিনে অসমীয়া ভাষী লোকৰ সংখ্যা কমি আহিছে । প্ৰতি দহ বছৰত অসমীয়া ভাষা কোৱা লোকৰ সংখ্যা পাঁচ শতাংশকৈ কমি আহিছে। ২০১১ৰ লোকপিয়ল মতে অসমত অসমীয়া ভাষা কোৱা লোকৰ হাৰ মাত্ৰ ৪৮ শতাংশ। এইবোৰ কথা জনাৰ পাছতো বিজেপিৰ নেতাসকলে কা’ প্ৰয়োগ কৰি অসমীয়া জাতিৰ অস্তিত্ব বিপন্ন কৰাৰ পথ প্ৰশস্ত কৰিছিল। এতিয়া আকৌ কা’ৰ অধীনত অবৈধ বিদেশীক নাগৰিকত্ব প্ৰদানৰ সময়সীমা ১০ বছৰ বৃদ্ধি কৰি ২০২৪ চনৰ ৩১ ডিচেম্বৰ কৰি দিলে। তাৰ মানে অসমে আগত ৪৩ বছৰৰ বিদেশীৰ বোজা লবলগীয়া হৈছিল। এইবাৰ ৫৩ বছৰৰ বোজা লব লাগিব। এয়া ঘোৰ অন্যায়। পৃথিৱীৰ আন কোনো দেশ বাৰতৰ আন কোনো ৰাজ্যৰ সৈতে নিজ দেশৰ চৰকাৰে ইমান ডাঙৰ অন্যায় কৰাৰ নজিৰ নাই। বিজেপিক অসমৰ ৰাইজে ২০১৪ চনৰে পৰাই ভোট দি আহিছে। অসমত অসমীয়া মানুহে দুবাৰকৈ বিজেপিৰ চৰকাৰ পাতিলে। কিন্তু বিজেপিয়ে অসমীয়া মানুহৰ সৈতে ইমান ডাঙৰ অন্যায় কৰিব বিলি কোনোবাই কল্পনা কৰিব পাৰেনে – যিটো বিজেপিয়ে কৰিলে। ইতিহাসত অসমীয়া মানুহৰ সৈতে ইয়াতকৈ ডাঙৰ অন্যায় আৰু বিশ্বাসঘাটকতা আন কোনেও কৰা নাই। নৰেন্দ্ৰ মোদী, অমিত শ্বাহ আৰু অমিত শ্বাহে অসমবাসীক তাৰ উত্তৰ দিব লাগিব।”