কাৰ্যক্ষম আৰু সুখী বাৰ্ধক্যৰ বাবে স্বাস্থ্যনীতি
নলিনী ৰঞ্জন ভূঞা,জামুগুৰিহাট, শোণিতপুৰ
মানৱ জীৱনৰ চিৰন্তন আৰু অবিচল সত্য হ’ল বাৰ্ধক্য। প্ৰকৃতিৰ নিয়ম অনুসৰিয়েই জন্ম, শৈশৱ, যৌৱন পাৰ হৈ প্ৰতিজন মানুহে জীৱনৰ বিয়লি বেলাত অৰ্থাৎ বাৰ্ধক্যৰ অৱস্থাত উপনীত হয়। সম্প্ৰতি একবিংশ শতিকাৰ দ্ৰুত পৰিৱর্তনশীল সময়ত চিকিৎসা বিজ্ঞানৰ অভূতপূৰ্ব উন্নতিৰ ফলত মৃত্যুৰ হাৰ কমি যোৱাত মানুহৰ গড় আয়ুস বহুলাংশে বৃদ্ধি পাইছে। ইয়াৰ ফলস্বৰূপে জ্যেষ্ঠ নাগৰিকৰ সংখ্যা বিশ্বব্যাপী লগতে আমাৰ ৰাজ্যতো বৃদ্ধি পাইছে। এই পৰিৱর্তনে সমাজত এক নতুন সামাজিক আৰু অৰ্থনৈতিক পৰিস্থিতিৰ উদ্ভৱ ঘটাইছে। এই পৰিৱৰ্তিত জনগাঁথনিৰ প্ৰেক্ষাপটত জ্যেষ্ঠ নাগৰিক সকলৰ বাবে কেৱল জীয়াই থকাই নহয়, বৰঞ্চ এক মৰ্যাদাপূৰ্ণ, সুস্থ, সক্ৰিয় আৰু আনন্দময় জীৱন যাপন নিশ্চিত কৰাটো বৰ্তমান সময়ৰ আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান হৈ পৰিছে । সেয়েহে ‘কাৰ্যক্ষম আৰু সুখী বাৰ্ধক্য’ৰ লক্ষ্যক আগত ৰাখি আমাৰ সমাজ ব্যৱস্থা আৰু চৰকাৰী পৰিকাঠামোৰ ভিতৰত এটা সুচিন্তিত, সুদূৰ প্ৰসাৰী আৰু মানৱীয় দৃষ্টিভংগী সম্পন্ন স্বাস্থ্যনীতি গঠনৰ ব্যৱস্থা অপৰিহাৰ্য হৈছে । এই নীতি কেৱল ৰোগ নিৰাময়তে সীমাবদ্ধ নাৰাখি, জীৱনৰ অন্তিম পৰ্যায়লৈকে সম্মান, সুৰক্ষা আৰু আনন্দেৰে অতিবাহিত কৰিব পৰাকৈ সকলো সুযোগ আৰু সুবিধা প্ৰদান কৰাতো আৱশ্যক ৷
বাৰ্ধক্যৰ লগত জড়িত সমস্যা বোৰক নিৰীক্ষণ কৰিলে দেখা যায় যে– ই কেৱল শৰীৰৰ ছাল শোঁতোৰা পৰা বা চুলি পকাৰ মাজতে সীমাবদ্ধ নহয় ৷ বাৰ্ধক্য এক বহুমুখী জটিল প্ৰক্ৰিয়া, য’ত শাৰীৰিক অৱক্ষয়ৰ লগতে মানসিক আৰু সামাজিক অৱস্থা বোৰো ওত-প্ৰোত ভাৱে জড়িত হৈ থাকে। বয়স বঢ়াৰ লগে লগে মানুহৰ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা স্বাভাৱিক ভাৱে হ্ৰাস পায় ৷ যাৰ ফলত উচ্চ ৰক্তচাপ, মধুমেহ, হৃদৰোগ, গাঁঠিৰ বিষ, দৃষ্টিশক্তি কমি যোৱা আৰু শ্ৰৱণ শক্তি হ্ৰাস পোৱাৰ দৰে অসংক্ৰামক ৰোগবোৰে অতি সহজে আৱৰি ধৰে। কিন্তু বৰ্তমান সময়ত শাৰীৰিক ব্যাধিতকৈও বেছি ভয়াৱহ হৈ পৰিছে মানসিক আৰু সামাজিক ব্যাধি সমূহ। আমাৰ চিৰাচৰিত যৌথ পৰিয়ালৰ ব্যৱস্থা ক্ৰমান্বয়ে নাইকীয়া হৈ একক পৰিয়ালৰ ব্যৱস্হা গঢ় লৈ উঠাৰ ফলত বাৰ্ধক্যৰ সময় ছোৱাত বহু সংখ্যকে নিজকে অকলশৰীয়া আৰু অলাগতীয়াল বুলি ভাবিবলৈ বাধ্য হৈছে। সন্তানৰ কৰ্মব্যস্ততা, জীৱিকাৰ সন্ধানত দেশ-বিদেশলৈ গমন বা কেতিয়াবা পাৰিবাৰিক অৱহেলাৰ বাবে বহু বৃদ্ধ পিতৃ- মাতৃয়ে নিজৰ ঘৰতে নিসংগতাত ভুগিবলগীয়া হৈছে । এই একাকীত্বই ক্ৰমান্বয়ে তেওঁলোকক তীব্ৰ বিষাদ গ্ৰস্ততা বা মানসিক দুশ্চিন্তাৰ ফালে ঠেলি দিয়ে। গতিকে, এখন আদৰ্শ স্বাস্থ্যনীতি প্ৰস্তুত কৰা অতিকে প্ৰয়োজন৷ এনে কৰোঁতে সামাজিক আৰু মানসিক দিশবোৰক আওকাণ নকৰাকৈ চিকিৎসা সেৱাক সামাজিক সুৰক্ষাৰ কৱচ হিচাপে গঢ়ি তোলাটো বৰ্তমান সময়ত অপৰিহাৰ্য হৈ পৰিছে ৷
বৰ্তমান সময়ত বিশ্বজুৰি প্ৰচলিত হৈ থকা ‘কাৰ্যক্ষম বাৰ্ধক্য বা এক্টিভ এজিং’ নামেৰে পৰিচিত ধাৰণাটোৰ মূল অৰ্থ হৈছে—বয়স বৃদ্ধিৰ সৈতে এজন ব্যক্তিক সমাজৰ বাবে বোজা বুলি নভবাকৈ, তেওঁক নিজৰ সামৰ্থ্য অনুসৰি উৎপাদনশীল, সৃষ্টিশীল আৰু গৌৰৱজনক কাৰ্যত জড়িত কৰি ৰখা উচিত ৷ অৰ্থাৎ ‘এক্টিভ এজিং’ জীৱনৰ শেষ পৰ্যন্ত সুস্থ, সক্ৰিয় আৰু সমাজৰ বাবে উপযোগী হৈ থাকিবলৈ সহায় কৰা এটা জীৱন দৰ্শন। ‘এক্টিভ এজিং’ হৈছে আধুনিক সময়ৰ অত্যন্ত প্ৰাসংগিক এটি ধাৰণা, যাৰ মূল লক্ষ্য হৈছে– বয়স বৃদ্ধিৰ পিছতো এজন ব্যক্তিক শাৰীৰিক, মানসিক, সামাজিক আৰু অৰ্থনৈতিক সকাহৰে সক্ৰিয় আৰু সুস্থ কৰি ৰাখি তেওঁৰ জীৱন মান উন্নত কৰা। বয়স বঢ়াৰ লগে লগে মানুহে জীৱন যাপনৰ বহু ক্ষেত্ৰত অসহায়তা অনুভৱ কৰে, কিন্তু ‘এক্টিভ এজিং বা কাৰ্যক্ষম বাৰ্ধক্যই’– উপযুক্ত যত্ন, সচেতনতা আৰু সক্ৰিয়তাৰ জৰিয়তে জীৱনৰ সকলো পৰ্যায়েই সমান অর্থবহ আৰু উৎপাদনশীল হৈ উঠিব পাৰে বুলি বাৰ্ধক্যৰ অসহায় ধাৰণাক সলনি কৰিছে ৷ ‘এক্টিভ এজিং’ৰ প্ৰথম আৰু আটাইতকৈ গুৰুত্বপূর্ণ উপকাৰিতা হৈছে– শাৰীৰিক স্বাস্থ্যৰ সুৰক্ষা। নিয়মিত দেহচর্চা, উপযুক্ত খাদ্যাভ্যাস, সময় মতে চিকিৎসা পৰামৰ্শ আৰু সক্ৰিয় জীৱন ধাৰাই শৰীৰক অধিক কাৰ্যক্ষম আৰু শক্তিশালী কৰি ৰাখে। ইয়াৰ ফলত হৃদ্ৰোগ, ডায়বেটিছ, উচ্চ ৰক্তচাপ বা অস্থি আদি সমস্যাৰ দৰে বহুল প্রচলিত শাৰীৰিক ৰোগ সমূহৰ সম্ভাৱনা যথেষ্ট হ্ৰাস পায়। বয়স প্ৰাপ্ত ব্যক্তিয়ে যদি নিয়মিত পঢ়া-শুনা, খেলাধূলা, মানসিক উত্তৰণৰ কাম বা সামাজিক যোগাযোগত জড়িত থাকে, তেনেহলে তেওঁলোকৰ চিন্তাশক্তি, মনোযোগ, স্মৃতি আৰু সিদ্ধান্ত গ্রহণৰ ক্ষমতা দৃঢ় হৈ থাকে। ইয়াৰ উপৰি, সামাজিক যোগাযোগে বৃদ্ধ সকলৰ মাজত একাকীত্বৰ অনুভৱ হ্ৰাস কৰে, মনোবেদনা বা হতাশাৰ সম্ভাৱনাও হ্ৰাস কৰে । পৰিয়াল, প্রতিবেশী বা সমাজিক গোটত সক্ৰিয় ভাৱে জড়িত থাকিলে নিজকে অধিক মূল্যবান আৰু আত্মবিশ্বাসী বুলি অনুভৱ কৰে—যি মানসিক সুস্থতাৰ বাবে অতি প্ৰয়োজনীয়। যেতিয়া এজন বয়োজ্যেষ্ঠ ব্যক্তি শাৰীৰিক ভাৱে সক্ষম আৰু মানসিক ভাৱে সজাগ হৈ থাকে, তেতিয়া তেওঁৰ আত্মবিশ্বাস অটুট থাকে আৰু তেওঁ পৰিয়ালৰ বাবে অমূল্য সম্পদ হৈ পৰে। এই কাৰ্যক্ষমতা ধৰি ৰাখিবলৈ চৰকাৰী স্বাস্থ্যনীতিত কেৱল ঔষধ যোগানতে গুৰুত্ব নিদি পুষ্টিকৰ আহাৰ, বয়স উপযোগী শাৰীৰিক ব্যায়াম, যোগাসন আৰু প্ৰাতঃভ্ৰমণৰ বাবে সুৰক্ষিত স্থানৰ ব্যৱস্থা কৰা আদি বিষয়বোৰ অন্তৰ্ভুক্ত থকাটো নিতান্তই জৰুৰী।
আমাৰ বৰ্তমানৰ চিকিৎসা ব্যৱস্থাটো মূলতঃ ৰোগ হোৱাৰ পিছতহে চিকিৎসা কৰাৰ ওপৰত আধাৰিত ৷ কিন্তু বাৰ্ধক্যৰ ক্ষেত্ৰত ‘প্ৰতিৰোধমূলক স্বাস্থ্যসেৱা’ বা ৰোগ হোৱাৰ আগতেই ল’বলগীয়া সাৱধানতাই আটাইতকৈ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে। প্ৰস্তাৱিত স্বাস্থ্য নীতিত ষাঠি বছৰৰ ঊৰ্ধ্বৰ প্ৰতিজন নাগৰিকৰ বাবে প্ৰতিটো প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ বা জিলা চিকিৎসালয়ত সম্পূৰ্ণ বিনামূলীয়া আৰু নিয়মিত স্বাস্থ্য পৰীক্ষাৰ ব্যৱস্থা বাধ্যতামূলক কৰিব লাগে। নিয়মীয়া পৰীক্ষাত ৰক্তচাপ, চুগাৰ, চকুত ছানি পৰা , দাঁতৰ ৰোগ আৰু কৰ্কট আদি ৰোগৰ দৰে সমস্যাবোৰ যদি প্ৰাৰম্ভিক অৱস্থাতে ধৰা পেলাব পাৰি, তেতিয়া ভৱিষ্যতে হ’ব পৰা জটিলতা আৰু চিকিৎসাৰ ব্যয় বহু পৰিমাণে হ্ৰাস কৰিব পাৰি। বিশেষকৈ গ্ৰামাঞ্চলত বাস কৰা যিসকল বৃদ্ধ লোকে যাতায়াতৰ অসুবিধাৰ বাবে চহৰলৈ আহিব নোৱাৰে, তেওঁলোকৰ বাবে ভ্ৰাম্যমাণ চিকিৎসা সেৱা বা ঘৰে ঘৰে গৈ স্বাস্থ্য পৰীক্ষা কৰাৰ ব্যৱস্থা কৰিলে এক বৈপ্লৱিক পৰিৱৰ্তন নিশ্চিত ভাৱে আহিব। ইয়াৰ উপৰিও, বয়সৰ লগে লগে হাড়ৰ ঘনত্ব কমি যোৱা বা পুষ্টিহীনতাত ভোগা সমস্যা ৰোধ কৰিবলৈ চৰকাৰী ভাৱে কেলচিয়াম, ভিটামিন আৰু প্ৰয়োজনীয় পৰিপূৰক খাদ্য যোগান ধৰাৰ এখন সুকীয়া আঁচনি গ্ৰহণ কৰা উচিত।
চিকিৎসা বিজ্ঞানৰ এটা গুৰুত্বপূৰ্ণ অথচ আমাৰ দেশত সাধাৰণতে অৱহেলিত হৈ থকা শাখা হ’ল– বৃদ্ধাৱস্থাৰ চিকিৎসা ব্যৱস্হা । শিশুৰ বাবে যেনেকৈ শিশু বিশেষজ্ঞ বা মহিলাৰ বাবে যেনেকৈ স্ত্ৰীৰোগ বিশেষজ্ঞ থাকে, ঠিক তেনেকৈ বৃদ্ধ সকলৰ শাৰীৰিক আৰু মানসিক সমস্যা বোৰৰ প্ৰকৃতি ভিন্ন হোৱাৰ বাবে তেওঁলোকৰ বাবেও বিশেষভাৱে প্ৰশিক্ষণ প্ৰাপ্ত চিকিৎসকৰ প্ৰয়োজন। বৃদ্ধাৱস্থাত শৰীৰৰ বিভিন্ন অংগ-প্ৰত্যংগই ঔষধ গ্ৰহণ কৰাৰ ক্ষমতা হেৰুৱাই পেলায়, গতিকে তেওঁলোকৰ ঔষধৰ মাত্ৰা নিৰ্ধাৰণ কৰাটো এক জটিল প্ৰক্ৰিয়া। আমাৰ স্বাস্থ্যনীতিত ৰাজ্যৰ প্ৰতিখন চিকিৎসা মহাবিদ্যালয় আৰু জিলা চিকিৎসালয়ত সুকীয়াকৈ ‘জৰা বিজ্ঞান বিভাগ’ ( Geriatrics ) অৰ্থাৎ বয়স্ক লোকৰ চিকিৎসা-বিজ্ঞান খোলাটো নিশ্চিত কৰিব লাগে। কেৱল সেয়াই নহয়, চিকিৎসালয়ৰ পৰিৱেশটোও জ্যেষ্ঠ নাগৰিকৰ বাবে সুবিধাজনক হ’ব লাগে। দীঘলীয়া শাৰীত থিয় হৈ থকাৰ কষ্ট লাঘৱ কৰিবলৈ তেওঁলোকৰ বাবে সুকীয়া কাউণ্টাৰ, বহিবলৈ আৰাম দায়ক আসন, পিছলি নোযোৱা মজিয়া আৰু তেওঁলোকৰ লগত নম্ৰতাৰে কথা পাতিবলৈ বিশেষভাৱে প্ৰশিক্ষণ প্ৰাপ্ত নাৰ্ছ বা স্বাস্থ্যকৰ্মীৰ ব্যৱস্থা থাকিব লাগে। চিকিৎসালয়লৈ গ’লে যাতে তেওঁলোকে সন্মান আৰু মৰম পায়, সেয়া নিশ্চিত কৰাটো স্বাস্থ্যনীতিৰ এক অবিচ্ছেদ্য অংগ হোৱাটো প্ৰয়োজন ৷
শাৰীৰিক সুস্থতাৰ সমান্তৰালভাৱে মানসিক স্বাস্থ্যৰ দিশটোও বৰ্তমান সময়ত সৰ্বাধিক গুৰুত্বপূৰ্ণ । অৱসৰৰ পিছত হঠাতে কৰ্মহীন হৈ পৰা, জীৱন সংগীক হেৰুৱাৰ বেদনা, আৰু সমাজৰ মূলসুঁতিৰ পৰা বিচ্ছিন্ন হৈ পৰাৰ অনুভৱে বহু জ্যেষ্ঠ নাগৰিকক তীব্ৰ হতাশাত পেলায়। ইয়াৰ লগতে ‘ডিমেনচিয়া’ বা ‘এলঝাইমাৰ’ৰ দৰে স্মৃতিশক্তি লোপ পোৱা ৰোগত বৰ্তমান বহু সংখ্যক লোক আক্ৰান্ত হৈছে । সাধাৰণতে আমাৰ সমাজত মানসিক স্বাস্থ্যক লৈ সচেতনতাৰ অভাৱৰ বাবেই বহু সময়ত এই সমস্যা বোৰক ‘বুঢ়া কালৰ বেমাৰ’ বুলি উলঙ্ঘন কৰা হয়। এই ধাৰণাক স্বাস্থ্য নীতিয়ে সলনি কৰিবলৈ চেষ্টা কৰা উচিত ৷ লগতে প্ৰতিটো ব্লক বা জিলা পৰ্যায়ত জ্যেষ্ঠ নাগৰিকৰ বাবে বিশেষ পৰামৰ্শ কেন্দ্ৰ স্থাপন কৰিব লাগে য’ত তেওঁলোকে মনৰ কথা খুলি ক’ব পাৰে। তদুপৰি, ‘দিবা-যত্ন কেন্দ্ৰ’ৰ ধাৰণাটো জনপ্ৰিয় কৰিব লাগে। বৃদ্ধসকলৰ দিবা-যত্ন কেন্দ্ৰ (Elderly Day-care Centre) হৈছে এনে এটা সেৱা ব্যৱস্থা– য’ত বয়সস্হ ব্যক্তি সকলক প্ৰতিদিনে নিৰাপদ ভাৱে চোৱাচিতা, যত্ন আৰু সামাজিক সম্পৰ্কৰ সুযোগ প্ৰদান কৰা হয়। এই ধৰণৰ কেন্দ্ৰ বিলাক সেইবোৰ পৰিয়ালৰ বাবে অত্যন্ত সহায়ক হয়– যিবোৰত বৃদ্ধসকলৰ দৈনন্দিন যত্ন লোৱাত অসুবিধা হয় বা অভিভাৱক সকলৰ কাম-কাজৰ সময়ত বৃদ্ধ গৰাকীক একেলগে ৰখাৰ সুযোগ নথাকে। প্ৰকৃততে দিবা-যত্ন কেন্দ্ৰৰ মূল লক্ষ্য হৈছে– বৃদ্ধ সকলক সুৰক্ষিত পৰিবেশ, সামাজিক যোগাযোগ আৰু স্বাস্থ্য সন্তুলিত কার্যকলাপৰ সুযোগ দি তেওঁলোকৰ মানসিক আৰু শাৰীৰিক সুস্থতা অক্ষুন্ন ৰখা। বৃদ্ধ সকলৰ বাবে অতিকে প্ৰয়োজন হোৱা মানসিক সুস্থতা, বন্ধুত্ব আৰু আত্ম সম্মান বৃদ্ধিতো এই কেন্দ্ৰ সমূহে উল্লেখযোগ্য ভূমিকা পালন কৰে। দিনটোৰ একাংশ সময় বয়োজ্যেষ্ঠ জনক এই কেন্দ্ৰত ৰখাৰ ব্যৱস্হা ললে পৰিয়ালে নিজৰ কাম-কাজ বা ব্যক্তিগত দায়িত্ব সম্পাদনৰ বাবেও সময় পায় ৷ এনে কেন্দ্ৰত চিকিৎসক, পৰামৰ্শদাতা বা নাৰ্ছিং সহায়তাও উপলব্ধ থাকে, যাৰ ফলত স্বাস্থ্য সম্বন্ধীয় ক্ষুদ্ৰ সমস্যা তৎক্ষণাত ধৰা পৰে। এই কেন্দ্ৰবোৰ এনে হ’ব লাগে যাতে অঞ্চলটোৰ জ্যেষ্ঠ নাগৰিক সকলে দিনৰ ভাগত একত্ৰিত হ’ব পাৰে, কিতাপ পঢ়িব পাৰে, গান শুনিব পাৰে বা সমবয়সীয়া সকলৰ সৈতে সুখ-দুখৰ কথা পাতিব পাৰে। এনে ধৰণৰ সামাজিক সংযোগে তেওঁলোকৰ মনক সজীৱ কৰি ৰাখে আৰু মানসিক ৰোগৰ পৰা বহু দূৰত ৰাখে।
অৰ্থনৈতিক নিৰাপত্তা আৰু স্বাস্থ্যসেৱাৰ মাজত এক পোনপটীয়া সম্পৰ্ক আছে। দেখা যায় যে– বহু সময়ত কেৱল আৰ্থিক অনাটনৰ বাবে বহু বৃদ্ধ লোকে প্ৰয়োজনীয় চিকিৎসা গ্ৰহণ কৰিব নোৱাৰে বা দামী ঔষধ কিনিবলৈ সক্ষম নহয়। যদিও চৰকাৰে বিভিন্ন স্বাস্থ্য বীমা আঁচনি প্ৰৱৰ্তন কৰিছে, তথাপিও প্ৰক্ৰিয়াগত জটিলতা আৰু সচেতনতাৰ অভাৱত বহুতে ইয়াৰ সুফল নাপায়। এক কল্যাণকামী ৰাষ্ট্ৰৰ স্বাস্থ্যনীতি হিচাপে ই ষাঠি বছৰৰ ঊৰ্ধ্বৰ সকলো নাগৰিকৰ বাবে, লাগিলে তেওঁ চৰকাৰী পেঞ্চনাৰ হওক বা দিন হাজিৰা কৰা শ্ৰমিক হওক, সকলোৰে বাবে সম্পূৰ্ণ বিনামূলীয়া আৰু কাগজ-বিহীন চিকিৎসা সেৱা নিশ্চিত কৰিব লাগে । বিশেষকৈ জীৱন দায়িনী ঔষধ সমূহ যাতে তেওঁলোকে সহজে আৰু বিনামূলীয়াকৈ লাভ কৰে, তাৰ বাবে চৰকাৰী ঔষধালয় সমূহক অধিক শক্তিশালী কৰিব লাগে। যি সকল বৃদ্ধৰ চোৱা-চিতা কৰিবলৈ কোনো নাই, তেওঁলোকৰ বাবে চৰকাৰী ভাট্টা বৃদ্ধি কৰা আৰু সেই ভাট্টা যাতে বজাৰৰ বৰ্ধিত মূল্যৰ সৈতে সংগতি ৰাখি তেওঁলোকৰ খাদ্য আৰু ঔষধৰ খৰচ জোৰাব পৰাকৈ পৰ্যাপ্ত হয়, সেয়া নিশ্চিত কৰাটো চৰকাৰৰ দায়িত্ব। অৱশ্যে, যিমানেই সুন্দৰ চৰকাৰী নীতি নহওক কিয়, পৰিয়াল আৰু সমাজৰ সক্ৰিয় সহযোগিতা অবিহনে ই কেতিয়াও সফল হ’ব নোৱাৰে। আমাৰ ভাৰতীয় পৰম্পৰাত বৃদ্ধ সকলক দেৱতুল্য জ্ঞান কৰা হৈছিল, কিন্তু বৰ্তমানৰ যান্ত্ৰিক জীৱনশৈলীত এই মূল্যবোধত ঘূণে ধৰিছে। স্বাস্থ্যনীতিৰ এক অংশ হিচাপে ব্যাপক জনসচেতনতা অভিযান গঢ়ি তোলাটো অত্যন্ত জৰুৰী। বিদ্যালয় আৰু মহাবিদ্যালয়ৰ পাঠ্যক্ৰমত জ্যেষ্ঠ নাগৰিকৰ প্ৰতি দায়িত্ববোধ আৰু সেৱাৰ মনোভাৱ গঢ়ি তোলা বিষয় সমূহ অন্তৰ্ভুক্ত কৰিব লাগে। নতুন প্ৰজন্মক বুজাব লাগে যে– বাৰ্ধক্য কোনো বোজা বা অভিশাপ নহয়, বৰঞ্চ ই অভিজ্ঞতাৰ ভঁৰাল। ঘৰৰ বয়োজ্যেষ্ঠ সদস্য জনৰ লগত সময় কটোৱা, তেওঁলোকৰ স্বাস্থ্যৰ সৰু-সুৰা খবৰ ৰখা আৰু পৰিয়ালৰ যিকোনো সিদ্ধান্ত গ্ৰহণ প্ৰক্ৰিয়াত তেওঁলোকৰ মতামতক গুৰুত্ব দিয়াটোৱেই তেওঁলোকৰ বাবে আটাইতকৈ ডাঙৰ মহৌষধ।
বাৰ্ধক্যৰ জীৱন যাত্ৰা সহজ কৰাৰ ক্ষেত্ৰত আধুনিক প্ৰযুক্তি আৰু বিজ্ঞানৰ সুবিধা সমূহক সঠিকভাৱে ব্যৱহাৰ কৰিব পাৰি। ‘টেলিমেডিচিন’ সেৱাৰ জৰিয়তে দুৰ্গম অঞ্চলত থকা বা ঘৰৰ পৰা ওলাই যাব নোৱাৰা বৃদ্ধ সকলে ঘৰতে বহি চহৰৰ বিশেষজ্ঞ চিকিৎসকৰ পৰামৰ্শ ল’ব পৰা ব্যৱস্থা ব্যাপক কৰিব লাগে। চৰকাৰে জ্যেষ্ঠ নাগৰিকৰ বাবে সহজে ব্যৱহাৰ কৰিব পৰা বিশেষ মোবাইল এপ্লিকেচন বিকশিত কৰিব পাৰে, যাৰ দ্বাৰা তেওঁলোকে জৰুৰীকালীন অৱস্থাত মাত্ৰ এটা বুটাম টিপিয়েই এম্বুলেন্স, আৰক্ষী বা আত্মীয়ৰ সহায় বিচাৰিব পাৰে। লগতে জ্যেষ্ঠ নাগৰিকৰ সুৰক্ষা আৰু সাৱধানতাৰ বাবে প্ৰযুক্তিগত নিৰীক্ষণ ব্যৱস্থা গঢ়ি তোলাৰ কথাও চিন্তা কৰিব পাৰি। ইয়াৰ উপৰিও আমাৰ স্থানীয় খাদ্যাভ্যাস, জলবায়ু আৰু জীৱনশৈলীয়ে কেনেকৈ আমাৰ বাৰ্ধক্যক প্ৰভাৱিত কৰে, সেই বিষয়ে আমাৰ বিশ্ববিদ্যালয় আৰু গৱেষণা কেন্দ্ৰ সমূহত নিৰন্তৰ গৱেষণা হোৱা উচিত, যাতে পশ্চিমীয়া আৰ্হিৰ সলনি আমাৰ মাটিৰ লগত খাপ খোৱা এখন বাস্তৱসন্মত নীতি প্ৰস্তুত কৰিব পৰা যায়।
পৰিশেষত ক’ব পাৰি যে— ‘কাৰ্যক্ষম আৰু সুখী বাৰ্ধক্য’ নিশ্চিত কৰাটো কেৱল চৰকাৰী স্বাস্থ্য বিভাগৰে দায়িত্ব নহয়, ই আমাৰ সমগ্ৰ সমাজৰ বিবেকৰ পৰীক্ষা। এখন সমাজ বা সভ্যতা কিমান উন্নত সেয়া নিৰ্ধাৰণ হয়–সমাজে জ্যেষ্ঠ নাগৰিক সকলক সন্মান, যত্ন আৰু মমতাৰ দ্বাৰা প্ৰতিপালন কৰাৰ বিষয়ক কেন্দ্ৰ কৰি ৷ যিমানেই কোনো সমাজে বয়োজ্যেষ্ঠ লোকৰ অভিজ্ঞতা, জ্ঞান আৰু অৱদানক মূল্য দিয়ে, তিমানেই সেই সমাজ মানৱিকতা, দায়িত্ববোধ আৰু সাংস্কৃতিক সমৃদ্ধিৰ দিশে অগ্ৰসৰ হয় বুলি গণ্য কৰা হয়। বৃদ্ধ সকলৰ শ্ৰম আৰু ত্যাগৰ বিনিময়তে আজিৰ প্ৰজন্মই এখন সুন্দৰ পৃথিৱী দেখা পাইছে । গতিকে তেওঁলোকক জীৱনৰ বিয়লি বেলাত অৱহেলা কৰাটো এক অমার্জনীয় অপৰাধ। চৰকাৰৰ সঠিক নীতি নিৰ্ধাৰণ, শক্তিশালী আন্তঃগাঁথনি, আৰু সমাজৰ আন্তৰিক মৰম-চেনেহে জ্যেষ্ঠ নাগৰিক সকলৰ মুখত সন্তুষ্টিৰ হাঁহি বিৰিঙাব পাৰিব বুলি আশা কৰিব পাৰি ৷ এক কথাত যেতিয়া আমাৰ সমাজৰ প্ৰতিজন বৃদ্ধই নিৰাপদ, সুস্থ আৰু সন্মানজনক জীৱন কটাব পাৰিব, তেতিয়াহে প্ৰকৃত অৰ্থত এখন সুস্থ আৰু বিকশিত সমাজ নিশ্চিত ভাৱে গঢ় লৈ উঠিব ।
(লেখক অৱসৰপ্ৰাপ্ত শিক্ষক, উত্তৰ জামুগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়) , জ্যেষ্ঠ সাংবাদিক, প্ৰতিষ্ঠাপক সম্পাদক — শোণিতপুৰ জিলা সাংবাদিক সন্থা ৷
