কাৰ্বি আংলঙৰ ছুখয় যুদ্ধ বিমান দুৰ্ঘটনাত নিহত দুই পাইলট

Pc The Sunday Guardian

কাৰ্বি আংলঙৰ ছুখয় যুদ্ধ বিমান দুৰ্ঘটনাত নিহত দুই পাইলট

ৰঙিলী বাৰ্ত্তাসেৱা-কাৰ্বি আংলঙৰ চকীহোলাৰ দুৰ্গম পাহাৰত সংঘটিত হোৱা ছুখয় – ৩০ এম কে আই (Sukhoi Su-30MKI) যুঁজাৰু বিমান দুৰ্ঘটনাত ভাৰতীয় বায়ুেনাৰ দুজন পাইলটৰ পৰিচয় অৱশেষত উদ্ধাৰ হৈছে। ভাৰতীয় বায়ুসেনাই সামাজিক মাধ্যমযোগে মৃত বায়ুসেনাৰ বিষয়া দুগৰাকী ক্ৰমে স্কোৱাড্ৰ’ন লীডাৰ অনুজ আৰু ফ্লাইট লেফটেনেন্ট পূৰ্বেশ দুৰাগকাৰ বুলি নিশ্চিত কৰিছে। উল্লেখ্য যে  বৃহস্পতিবাৰে সন্ধিয়া যোৰহাটৰ ভাৰতীয় বায়ুসেনাৰ বিমানঘাটিৰ পৰা নিয়মীয়া প্ৰশিক্ষণৰ বাবে উৰা মাৰিছিল ছুখয় এছইউ-৩০ এমকেআই শ্ৰেণীৰ যুঁজাৰু বিমানখন। সন্ধিয়া ৭.৪২ বজাৰ পৰা বায়ুসেনাৰ ৰাডাৰত যোগাযোগ বিচ্ছিন্ন হৈ পৰা বিমানখনৰ সন্ধান বিচাৰি অভিযান আৰম্ভ কৰাৰ সময়তে কাৰ্বি আংলঙৰ চকীহোলা অঞ্চলৰ শান্তিলাংছ’ৰ কালাপাহাৰ নামৰ ঠাইত বিমানখন দুৰ্ঘটনাত পতিত হোৱাৰ খবৰ আহিছিল। জানিব পৰা মতে, দুয়োজন পাইলট প্ৰশিক্ষণৰত অৱস্থাত আছিল। আনদিনাৰ দৰে  বৃহস্পতিবাৰেও নিয়মীয়া প্ৰশিক্ষণৰ অনুশীলনৰ বাবে সন্ধিয়াৰ ভাগত দুয়োগৰাকী পাইলটে বিমানখনত উৰা মাৰিছিল। অঞ্চলটোৰ প্ৰত্যক্ষদর্শীসকলে উল্লেখ কৰা অনুসৰি অঞ্চলটোৰ এখন ওখ পাহাৰৰ দিশৰ পৰা প্রচণ্ড বিস্ফোৰণৰ শব্দ আহিছিল। এই শব্দ ইমানেই ডাঙৰ আছিল যে অঞ্চলটোৰ আশে-পাশে থকা গাঁওসমূহত মুহূর্ততে এক আতংক বিয়পি পৰিছিল। ইয়াৰ লগে লগে পাহাৰখনৰ বুকুত বৃহৎ অগ্নিকাণ্ড হোৱাও দেখা গৈছিল। অঞ্চলবাসীয়ে লগে লগে এই সন্দর্ভত স্থানীয় আৰক্ষীক অৱগত কৰে। জানিব পৰা মতে, দুর্ঘটনা সংঘটিত হোৱা পাহাৰখনৰ দুৰ্গম অঞ্চলটোত কমেও ৫ বিঘা মাটিত বিমানখনৰ ধ্বংসাৱশেষ সিঁচৰতি হৈ পৰিছে। তদুপৰি অঞ্চলটো ইমানেই দুর্গম যে দুর্ঘটনা সংঘটিত হোৱা পাহাৰখনলৈ খোজকাঢ়ি যাবলৈ অতি কমেও ৪/৫ ঘণ্টা সময়ৰ প্ৰয়োজন হয়।  বৃহস্পতিবাৰে সন্ধিয়া ঘটনাটো সংঘটিত হোৱাৰ পাছতে স্থানীয় আৰক্ষী আৰু বায়ুসেনাৰ ১০-১২জনীয়া দলে নিশা ১১ বজাত কালাপাহাৰ অঞ্চলত হেলিকপ্টাৰৰ জৰিয়তে উপস্থিত হৈ বিমানখনৰ সন্ধান চলায়। ইতিমধ্যে ঘটনাটোৰ পাছত বন বিভাগত কৰ্মৰত এজন যুৱকে নিশাই পাহাৰখনত উঠি ঘটনাস্থলীৰ সম্ভেদ লাভ কৰাৰ পাছত তেওঁক লগত লৈ বায়ুসেনাৰ দলটোৱে নিশাই দুর্গম পাহাৰ এলেকাটোত উপস্থিত হয়। বায়ুসেনাৰ দলটোৱে পুৱাৰ ভাগলৈকে পাহাৰখনত উদ্ধাৰ অভিযান চলাই বিমানখনৰ ব্লেকবক্সটো উদ্ধাৰ কৰাৰ লগতে দুয়োজন পাইলটৰ ছিন্ন-ভিন্ন হৈ পৰা মাংসপিণ্ড উদ্ধাৰ কৰে। উদ্ধাৰ অভিযান শুক্ৰবাৰৰ দিনৰ ভাগলৈকে অব্যাহত থাকে। বায়ুসেনাৰ আন এটা দলে স্থানীয় লোকৰ সহায়ত ঘটনাস্থলীত উপস্থিত হৈ বিমানখনৰ ধ্বংসাৱশেষৰ লগতে পাইলট দুজনৰ ছিন্ন-ভিন্ন হৈ পৰা মৃতদেহৰ অংশ উদ্ধাৰ কৰে। গোটেই পাহাৰখনত প্রায় তিনি শতাধিক লোকে এই উদ্ধাৰ অভিযানত বায়ুসেনা তথা স্থানীয় প্রশাসনক সহায় কৰে। কাৰ্বি আংলং জিলাৰ আয়ুক্ত আৰণ্যক শইকীয়া আৰু আৰক্ষী অধীক্ষক পুষ্পৰাজ সিঙে ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লোৱাৰ লগতে দুর্ঘটনাগ্ৰস্ত বিমানখনৰ উদ্ধাৰ অভিযানত বায়ুসেনাক সকলো ধৰণৰ সহযোগিতা আগবঢ়াব বুলি সদৰী কৰে। দুর্ঘটনাটোত মৃত পাইলট দুজনৰ মৃতদেহৰ অৱশিষ্ট উদ্ধাৰ কৰি বায়ুসেনাৰ দলটোৱে যোৰহাটৰ বিমানঘাটিলৈ নিয়ে। জানিব পৰা মতে, প্ৰশিক্ষণৰত অৱস্থাত থকা পাইলট দুজনৰ বিমানখন কি কাৰণত এনেদৰে দুৰ্ঘটনাত পতিত হ’ল, তাৰ তদন্ত বায়ুসেনাই অব্যাহত ৰাখিছে।