কাৰ্বিসকলৰ অতি বিশিষ্ট কণ্ঠশিল্পী ডেনিয়েল ইংটিৰ দেহাৱসান
ৰঙিলী বাৰ্ত্তাসেৱা- কাৰ্বিসকলৰ অতি বিশিষ্ট কণ্ঠশিল্পী তথা ডিফু টাউন কমিটিৰ প্ৰাক্তন অধ্যক্ষ ডেনিয়েল ইংটিয়ে সন্ধিয়া প্ৰেচাৰ ষ্ট্ৰোকৰ বাবে শেষ নিশ্বাস ত্যাগ কৰে। পৰিয়ালৰ লোকৰ মতে, ডেনিয়েল ২ নৱেম্বৰৰ দিনৰ প্ৰায় ১ বজাত ঘৰৰ পৰা ওলাই গৈছিল আৰু সন্ধিয়া ৭ বাজি ৩০ মিনিটত ঘৰলৈ উভতি আহিছিল। কিন্তু ঘৰ পোৱাৰ লগে লগে স্কুটিখন ৰখাই থাকোতে হঠাতে ষ্ট্ৰোক হৈ সেই ঠাইতে তেওঁ ঢলি পৰে। লগে লগে তেওঁক ডিফু মেডিকেল কলেজ এণ্ড হস্পিতাললৈ প্ৰেৰণ কৰা হয় যদিও তেওঁৰ প্ৰাণ ৰক্ষা কৰিব পৰা নগ’ল।