কাৰ্বিভূমিক লৈ মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত ত্ৰিপাক্ষিক বৈঠক

কাৰ্বিভূমিক লৈ মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত ত্ৰিপাক্ষিক বৈঠক

ৰঙিলী বাৰ্ত্তাসেৱা- পশ্চিম কাৰ্বি আংলঙৰ অগ্নিগৰ্ভা পৰিস্থিতিৰ পাছত শুকুৰবাৰে দিছপুৰৰ জনতা ভৱনত সম্পন্ন হয় ত্ৰিপাক্ষিক বৈঠক । কার্বি জনগোষ্ঠীক প্রতিনিধিত্ব কৰা বিভিন্ন সংগঠনৰ প্রতিনিধি তথা কাৰ্বি নাগৰিক সমাজ আৰু কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ বিষয়ববীয়াসকলৰ সৈতে মুখ্যমন্ত্ৰীৰ ড০ শৰ্মা এক সৌহার্দ্যপূর্ণ ত্রিপাক্ষিক বৈঠকত মিলিত হয়। বৈঠকত পশ্চিম কাৰ্বি আংলং জিলাৰ খেৰণি অঞ্চলত শেহতীয়াকৈ সংঘটিত ঘটনাকে ধৰি বিভিন্ন বিষয় সন্দর্ভত পুংখানুপুংখভাৱে আলোচনা কৰা হয়। আলোচনাত কেইবাটাও বিষয়ত ঐক্যমতত উপনীত হৈ বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্রহণ কৰা হয়। বৈঠকৰ অন্তত সংবাদ মাধ্যমৰ সন্মুখত এই সিদ্ধান্তসমূহৰ বিষয়ে অৱগত কৰি মুখ্যমন্ত্ৰী ড° শৰ্মাই কয় যে ভিজিআৰ আৰু পিজিআৰ ভূমিৰ সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ খণ্ড আদালতত বিচাৰাধীন হৈ থকা বিষয়টোৰ ক্ষেত্ৰত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদে অহা ৫ জানুৱাৰীৰ ভিতৰত শপতনামা দাখিল কৰিব। সমান্তৰালভাৱে কাৰ্বি নাগৰিক সমাজেও গোচৰটোৰ ক্ষেত্ৰত এটা পক্ষ হিচাপে নিজৰ বক্তব্য উপস্থাপন কৰিব। বিষয়টোৰ গুৰুত্বলৈ লক্ষ্য ৰাখি ইয়াৰ খৰতকীয়া শুনানি আৰু ৰায়দানৰ বাবে ৰাজ্য চৰকাৰেও আদালতক অনুৰোধ জনাব, যাতে আদালতৰ ৰায়দান অনুসৰি চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব পাৰে। মুখ্যমন্ত্ৰী ড° শৰ্মাই কয় যে খেৰণিৰ ভিজি আৰ-পিজিআৰ এলেকাত থকা চৰকাৰী কার্যালয়সমূহো অতি সোনকালে অন্য স্থানলৈ স্থানান্তৰিত কৰা হ’ব। খেৰণিত থকা ৮ হাজাৰ বিঘা ভিজিআৰ-পিজিআৰ ভূমি কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদে অনতিপলমে বেৰা দিয়াৰ ব্যৱস্থা কৰাৰ লগতে এই ভূমিত বনানীকৰণৰ ব্যৱস্থা কৰিব, যাতে ভৱিষ্যতে কোনেও এই ভূমি দখল কৰিব নোৱাৰে।  খেৰণিত সংঘটিত শেহতীয়া ঘটনাত আৰক্ষীৰ গুলীচালনাত প্রাণ হেৰুওৱা ব্যক্তিগৰাকীৰ নিকটাত্মীয়ক কার্বি আংলং স্বায়ত্তশাসিত পৰিষদে এটা চাকৰি প্ৰদান কৰাৰ লগতে ৰাজ্য চৰকাৰে অতিৰিক্তভাৱে ১০ লাখ টকাৰ ক্ষতিপূৰণ প্ৰদান কৰিব বুলিও মুখ্যমন্ত্ৰী ড° শৰ্মাই কয়।

ভিজিআৰ-পিজিআৰ ভূমিত থকা সকলো ব্যৱসায়িক প্ৰতিষ্ঠানৰ অনুজ্ঞা-পত্রসমূহ কার্বি আংলং স্বায়ত্তশাসিত পৰিষদে তৎকালে বাতিল কৰিব বুলিও মুখ্যমন্ত্ৰী ড° শৰ্মাই সদৰী কৰে। কাৰ্বি আংলং জিলাৰ যিসমূহ চৰকাৰী কাৰ্যালয়ৰ ভূমি বিভিন্ন লোকে বেদখল কৰি বসবাস কৰি আহিছে, সেই সকলো ভূমি কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদে বেদখলমুক্ত কৰিব বুলিও তেওঁ জানিবলৈ দিয়ে। ভোগালী বিহুৰ পিছতে এই সন্দৰ্ভত পৰৱৰ্তী বৈঠকৰ আয়োজন কৰা হ’ব বুলি মুখ্যমন্ত্রীয়ে সংবাদ মাধ্যমক অৱগত কৰে। অহা ১৭ জানুৱাৰীত এই বিষয় লৈ পুনৰ বৈঠক অনুষ্ঠিত হ’ব বুলিও সদৰী কৰে মুখ্যমন্ত্রী ড° শর্মাই। তেওঁ লগতে কয় যে কার্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ কেইবাখনো আইন সম্প্ৰতি ৰাজ্য চৰকাৰৰ বিচাৰাধীন হৈ আছে। এই আইনসমূহকো ৰাজ্য চৰকাৰে অনতিপলমে অনুমোদন দিয়াৰ বাবে পদক্ষেপ গ্রহণ কৰিব বুলি তেওঁ জানিবলৈ দিয়ে। এই বৈঠকত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙকে ধৰি পৰিষদৰ অন্যান্য বিষয় ববীয়াসকল, কাৰ্বি ছাত্ৰ সন্থাৰ নেতৃত্বকে ধৰি কাৰ্বি সমাজক প্রতিনিধিত্ব কৰা বিভিন্ন জাতীয় সংগঠনৰ নেতৃবৃন্দ আৰু মুখ্যমন্ত্ৰীৰ অতিৰিক্ত মুখ্য সচিব ড° কে কে দ্বিবেদী প্ৰমুখ্যে ৰাজ্য চৰকাৰ আৰু কার্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ অন্যান্য শীর্ষ বিষয়াসকল উপস্থিত থাকে।