অণুগল্প
কাৰুণ্যৰ ছবি
ৰশ্মি ৰেখা দুৱৰা
ডিব্ৰুগড়
টিপ চহী কৰি কৰি আঙুলিৰ মূৰ বিষ হৈ গৈছে। দুবেলা দুসাঁজ ভাতৰ বাবেই অতখন কষ্ট কৰিব লগা হৈছে।হাজিৰা দিলেও ৰোৱনী পাবলৈ নাই।কোন আহিব? নিজৰ মাটিখিনি কোনোমতে ঢাকিছে।ধান হয়নে নহয় তাকো থিক নাই।
ঐ, ৰূপহীৰ মাক ৰুইছ? মোৰ আঙুলি বিষত ততেই পোৱা নাই।বেমাৰৰ ৰূপ লৈ যদিও থিক নাই।আজি হোলাং লৈ আহিছোঁ।কোনোমতে ঢাকি থৈ যাওঁ বুলি ভাবিছোঁ।ধান হ’লেই হ’ল আৰু,পুনৰ আহি ৰুবলৈ দেহা থৰক-বৰক।
বৰষুণজাকে অলপো চকু মেলি চাব নাপায়নে? দুখীয়াৰ মুখ ভৰিবলৈ।পথাৰৰ মাটি শুকাই কৰকৰীয়া।খেনো ডৰা চিৰাল ফাট মেলিছে।দুখীয়াৰ ভঁৰালত এইবাৰ ধানেৰে উপচি নপৰে,কাৰুণ্যৰ ছবিয়ে বিৰাজ কৰিব।