কাৰাবাও কাপৰ খিতাপ দখল মানচেষ্টাৰ চিটীৰ
ৰঙিলী বাৰ্ত্তাসেৱা- মানচেষ্টাৰ চিটীয়ে নৱমবাৰৰ বাবে কাৰাবাও কাপৰ খিতাপ দখল কৰিলে। লণ্ডনৰ বেম্বলীত দেওবাৰে নিশা অনুষ্ঠিত চলিত বৰ্ষৰ প্ৰতিযোগিতাখনৰ ফাইনেলত মানচেষ্টাৰ চিটীয়ে আছেনালক ২-০ গ’লত পৰাস্ত কৰি চেম্পিয়নৰ সন্মান অর্জন কৰে। মানচেষ্টাৰ চিটীৰ খিতাপ জয়ৰ মূলতে হ’ল নিকো অ’ৰেইলীৰ দুটাকৈ দর্শনীয় গ’ল। উত্তেজনাপূর্ণ খেলখনৰ প্ৰথমার্ধ গ’লশূন্যভাবে সমাপ্ত হয়। অৱশ্যে প্রথমার্ধত দুয়োটা দলে গ’ল স্ক’ৰ কৰাৰ কেইবাটাও সুযোগ লাভ কৰিছিল যদিও তাক কাৰ্যকৰী কৰাত ব্যর্থ হয়। কিন্তু দ্বিতীয়ার্ধত মানচেষ্টাৰ চিটীয়ে আক্ৰমণৰ চোক বৃদ্ধি কৰি বিপক্ষ আছেনালক চাপত ৰাখে। গ’লৰ সন্ধানত থকা মানচেষ্টাৰ চিটীয়ে ৬০ মিনিটত বৃহৎ সফলতাৰ মুখ দেখে। তাৰকা খেলুৱৈ নিকো অ’ৰেইলীয়ে দর্শনীয় গ’ল স্ক’ৰ কৰি দলটোক গুৰুত্বপূর্ণ অগ্রগতি প্ৰদান কৰাৰ ৪ মিনিট পাছত অর্থাৎ ৬৪ মিনিটত নিকো অ’বেইলীয়ে ব্যক্তিগতভাবে দ্বিতীয়টো গ’ল স্ক’ৰ কৰি মানচেষ্টাৰ চিটীক ২-০ গ’লত অগ্রগতি প্রদান কৰাই নহয়, দলটোক চেম্পিয়নৰ সোৱাদ দিয়াতো গুৰুত্বপূর্ণ ভূমিকা পালন কৰে।
