কাৰবি পাহাৰত অসম সাহিত্য সভা আৰু কাৰবি সাহিত্য সভাৰ এনাজৰী অনুষ্ঠান সম্পন্ন
কাৰবিয়ে অনাকাৰবি ভাষা আৰু অনাকাৰবিয়ে কাৰবিৰ দৈনন্দিক জীৱনত ব্যৱহৃত ভাষাসমূহ আয়ত্ত কৰিব লাগিব : ড° বসন্তকুমাৰ গোস্বামী
ৰঙিলী বাৰ্ত্তাসেৱা- “সম্প্ৰীতি একপক্ষীয় নহয়, ইয়াত সুষম সম্পৰ্ক সাধন হ’ব লাগিব ৷ কাৰবিয়ে অনাকাৰবি ভাষা আৰু অনাকাৰবিয়ে কাৰবিৰ দৈনন্দিক জীৱনত ব্যৱহৃত ভাষাসমূহ আয়ত্ত কৰি শিকাৰ চেষ্টা কৰিব লাগিব, তেহে সমন্বয় গঢ় ল’ব ৷ কাৰবি আংলঙৰ পাহাৰ-পৰ্বতসমূহৰ ইতিবৃত্ত সম্বলিত এক গ্ৰন্থ অচিৰেই অসম সাহিত্য সভাই প্ৰকাশ কৰিব ৷”—এই মন্তব্য অসম সাহিত্য সভাৰ সভাপতি ড°বসন্তকুমাৰ গোস্বামীৰ ৷ বুধবাৰে দিনজোৰা কাৰ্যসূচীৰে ডিফু-লামডিং পথৰ কাৰবি লাম্মেট আমেই (কাৰ্বি সাহিত্য সভা)ৰ কাৰ্যালয়ত কাৰবি লাম্মেট আমেই আৰু অসম সাহিত্য সভাৰ যৌথ উদ্যোগত অনুষ্ঠিত সাহিত্য-সংস্কৃতি বিনিময়ৰ অন্তৰংগ অনুষ্ঠান “এনাজৰী” অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি এই মন্তব্য কৰে অসম সাহিত্য সভাৰ সভাপতিগৰাকীয়ে ৷ উক্ত অনুষ্ঠানত অসম সাহিত্য সাহিত্য সভাৰ সভাপতি বসন্ত কুমাৰ গোস্বামীৰ উপৰিও উপ-সভাপতি পদুম ৰাজখোৱা, প্ৰধানসম্পাদক দেৱজিৎ বৰা, কে চি এছৰ প্ৰাক্তন সভাপতি চন্দ্ৰছিং ক্ৰ’, পদ্মশ্ৰী ধনেশ্বৰ ইংতি, অসম সাহিত্য সভাৰ ৰাজ্যভাষা আৰু মাতৃভাষা প্ৰয়োগ উপসমিতিৰ কাৰ্যকৰী সভাপতি দেৱেন বসুমতাৰী, বিশিষ্ট সাহিত্যিক অজিত চিংনাৰ, খগেন ইংতি আৰু জয়ছিং টকবী উপস্থিত থাকে ৷ কে এল এৰ সভাপতি কামছিং হাঞ্চেৰ পৌৰহিত্যত অনুষ্ঠিত গাম্ভীৰ্যপূৰ্ণ ‘এনাজৰী’ অনুষ্ঠানৰ আঁত ধৰে অসম সাহিত্য সভা ডিফু ৰাংছিনা ভৱনৰ সম্পাদক বিশ্বজ্যোতি হাজৰিকাই ৷ অন্তৰংগ অনুষ্ঠানৰ জৰিয়তে কাৰবি লাম্মেট আমেই আৰু অসম সাহিত্য সভাৰ সাহিত্যানুৰাগী আৰু সুধী সমাজৰ মাজত গভীৰ ভাৱ বিনিময় হয় ৷ অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰি সাহিত্য সভাৰ প্ৰধানসম্পাদক দেৱজিৎ বৰাই কয়, — কাৰবি পাহাৰত আজি কাৰবি সাহিত্য সভা আৰু অসম সাহিত্য সভাই যৌথভাৱে আয়োজন কৰা এই “এনাজৰী“ অনুষ্ঠানে অসমৰ ভূখণ্ডত বসতি স্থাপন কৰি থকা সকলো জাতি জনগোষ্ঠীৰ বাবে এক বাৰ্তাবাহক অনুষ্ঠান হিচাপে পৰিগণিত হৈছে ৷ কাৰবি আংলঙত আজি সমন্বয়ৰ সুৰ বাজিছে ৷ অসম সাহিত্য সভাই সকলো জনগোষ্ঠীকে বুকুত লৈ বৃহত্তৰ শক্তিশালী জাতি হিচাপে পৰিচয় দিব বিচাৰিছে ৷ কাৰবি ভাষাৰ সাৰ্বিক বিকাশৰ বাবে অসম সাহিত্য সভাই প্ৰযত্ন কৰিব লাগিব আৰু সংযোগী ভাষা হিচাপে অসমীয়া ভাষাক সেই একেই প্ৰযত্ন কৰিব লাগিব কাৰবি সাহিত্য সভাই ৷ ডিফুৰ এই এনাজৰী অনুষ্ঠানৰ দ্বাৰা সমন্বয়, ভাতৃত্ববোধ, চেনেহ, ভালপোৱা আদিৰে একতাৰ সাঁকো গঢ়াৰ প্ৰচেষ্টা কৰা হৈছে ৷” তেওঁ লগতে কয় যে বহু সংগ্ৰামৰ অন্তত কাৰবিসকলে সাংবিধানিক সুৰক্ষা পাইছে ৷ গতিকে এতিয়া আৰু পিছলে ঘূৰি চোৱাৰ সময় নহয় ৷ অসম সাহিত্য সভাৰ ৰাজ্যভাষা আৰু মাতৃভাষা প্ৰয়োগ উপসমিতিৰ সহযোগত অনুষ্ঠিত সভাখন জাতীয় সংগীত পৰিৱেশনেৰে সফল সামৰণি পৰে।।