কাৰণ তাই এজনী ছোৱালী
চিন্তাৰ টোপোলাটি গধুৰ হ’ল,
মাক-দেউতাকৰ
কাৰণ তাই গাভৰু হ’ল..
“আগৰদৰে উৰি নুফুৰিবি,
তই এতিয়া ডাঙৰ হ’লি মাজনী”
বুলি কোৱা মাকৰ দুচকুত ভয়-সন্ত্ৰাসে
আৱৰি ধৰে..
স্কুলীয়া দিনবোৰ পাৰ কৰি
কলেজত ভৰি দিলে তাই..
ক্লাছ,প্ৰেকটিকেলবোৰ কৰি ঘৰমুৱা হওঁতে
প্ৰায় বেলি লহিয়াবৰ হয়..
মাকে ফোন কৰে,
“মাজনী,সোনকালে আহ
আন্ধাৰে হ’ব এতিয়া”..
ভয়…
দিনৰ পোহৰৰ দেৱতাবোৰ
আন্ধাৰত পিশাচ হ’বলৈ জানো সময় লাগে!!
সেই পিশাচবোৰে সিহঁতৰ তৃপ্তি পূৰণৰ হকে
তাইৰ যৌৱনপাপ্ত দেহৰ সোৱাদ লবলৈ
কুণ্ঠাবোধ কৰিব জানো..
তাৰপিছতো কিন্তু,
দোষ সোৱাদ লোৱাবোৰৰ নহয়
চৰিত্ৰৰ দোহাই দি দোষী সজাব,
জীৱ হৈও জড় সদৃশ হৈ পৰা তাইক..
কাৰণ তাই যে ছোৱালী…
সকলো জানিও সকলোৱে,
ভদ্ৰতাৰ চাবিকাঠিৰে তাইৰ মুখতো
তলা লগাবলৈ বাধ্য কৰাব..
সাহসৰ লাখুটিডাল হোৱাৰ সলনি
ভয় তথা লাজৰ বালিঘৰটি সজাত সহায় কৰিব তাইক..
কাৰণ তাই যে এজনী ছোৱালী…
সভ্যতাৰ মুখাপিন্ধি সম্বন্ধকো ভৰিৰে মুহাৰি
নিজৰ নীচ মানসিকতাক অগ্ৰাধিকাৰ দিয়া সমাজখনৰ,
মাত থাকিও বোবা ছোৱালী তাই…
সাহস থাকিও অসহায় তাই…
তাই…