কাহিলিপাৰাৰ প্ৰতীক্ষাৰাণী বৰগোহাঁইৰ শিৰত জিলিকিল এই বৰ্ষৰ ‘বিহু সম্ৰাজ্ঞী’ৰ সন্মান

কাহিলিপাৰাৰ প্ৰতীক্ষাৰাণী বৰগোহাঁইৰ শিৰত জিলিকিল এই বৰ্ষৰ ‘বিহু সম্ৰাজ্ঞী’ৰ সন্মান

ৰঙিলী বাৰ্ত্তাসেৱা-  ঐতিহ্যমণ্ডিত লতাশিল বিহু সন্মিলনীৰ  ২০২৩ বৰ্ষৰ বিহু সম্ৰাজ্ঞী , বিহু ৰাণী আৰু বিহু কুঁৱৰী প্ৰতিযোগিতাৰ ফলাফল ঘোষণা। গুৱাহাটীৰ কাহিলিপাৰাৰ প্ৰতীক্ষাৰাণী বৰগোহাঁইৰ শিৰত জিলিকিল এই বৰ্ষৰ ‘বিহু সম্ৰাজ্ঞী’ৰ সন্মান। ‘বিহু ৰাণী’ৰ খিতাপ দখল কৰে মৰাণৰ বন্যানী গগৈয়ে আৰু ‘বিহু কুঁৱৰী’ৰ খিতাপ লাভ কৰে লখিমপুৰৰ অনন্যা ফুকনে।এই সন্মান লাভ কৰাৰ পিছতে সংবাদ মাধ্যমৰ আগত প্ৰতীক্ষাৰাণী বৰগোহাঁয়ে কয়, ‘‘বুজাব নোৱাৰো এই অনুভৱ। বিহুৱতী হোৱাৰ পৰা এটাই সপোন থাকে ‘বিহু সম্ৰাজ্ঞী’। বহুত কষ্ট কৰাৰ পিছত এই ফল পাইছো। প্ৰতিবাৰেই মনত এটা হেঁপাহ পুহি ৰাখো যে এইবছৰ হ’ম, চেষ্টাৰ অসাধ্য একো নাই। সেইটোৱে আজি ফল দিলে। চেষ্টাৰ ফলত এটা সন্মান পালো।’