জম্মু-কাশ্মীৰত সেনা-আৰক্ষীৰ অপাৰেচন মহাদেৱঃ কাশ্মীৰত এনকাউণ্টাৰত পেহেলগাম নৰসংহাৰৰ মাষ্টাৰমাইণ্ডসহ দুই সন্ত্রাসবাদী নিহত
ৰঙিলী বাৰ্ত্তাসেৱা- জম্মু-কাশ্মীৰত সেনা আৰু আৰক্ষীৰ যুটীয়া অভিযানৰ সময়ত পেহেলগাম কাণ্ডৰে জড়িত তিনি সন্ত্রাসবাদীৰে সংঘর্ষ হয়। সেনাৰে হোৱা সংঘর্ষত লস্কৰ-ই-তৈবাৰ দুৰ্ধৰ্ষ সন্ত্রাসবাদী ছুলেইমান শ্বাহৰ লগতে আবু হামজা আৰু য়াছিৰ নামৰ আন দুই সন্ত্রাসবাদী নিহত হয়। ইয়াৰে ছুলেইমানে পাকিস্তানী সেনাবাহিনীৰ অভিজাত ইউনিট এছএছজিৰ প্ৰাক্তন কমাণ্ডো হিচাপে সেৱা আগবঢ়াইছিল আৰু হাছিম মুছা নামেৰে পৰিচিত আছিল। পৰৱৰ্তী সময়ত তেওঁ সন্ত্রাসবাদী কাৰ্যকলাপৰ সৈতে জড়িত হৈ পৰে। ২২ এপ্ৰিলত কাশ্মীৰৰ বৈচাৰন উপত্যকাত ছুলেইমানৰ নেতৃত্বতে নাৰকীয় হত্যাকাণ্ড সংঘটিত হৈছিল বুলি ভাৰতে দাবী কৰে। দুর্ধর্ষ সন্ত্রাসবাদী ছুলেইমানৰ বিৰুদ্ধে অভিযান হাতত লৈ সেনা আৰু আৰক্ষীয়ে তেওঁৰ সন্দৰ্ভত তথ্য যোগান দিওঁতাক ২০ লাখ টকাও পুৰস্কাৰ হিচাপে ঘোষণা কৰিছিল। জুলাই মাহৰ প্রথম ভাগতে জম্মু-কাশ্মীৰত আত্মগোপন কৰি থকাৰ তথ্য লাভ কৰি আৰক্ষী আৰু সেনাই অপাৰেচন মহাদেৱ নামেৰে অভিযান চলাই পেহেলগাম কাণ্ডৰ হত্যাকাৰীৰ সন্ধান অব্যাহত ৰাখিছিল। সেই হিচাপে সোমবাৰে শ্রীনগৰৰ সমীপত আত্মগোপন কৰি থকা সময়তে সেনা-আৰক্ষীৰে এনকাউণ্টাৰত ছুলেইমান শ্বাহ ওৰফে হাছিম মুছা, আবু হামজা আৰু য়াছিৰক হত্যা কৰে। এই অভিযানৰ সময়ত সেনা-আৰক্ষীয়ে স্থানীয় লোকক চোৰাংচোৱা হিচাপে নিযুক্ত কৰাৰ লগতে ছেটেলাইটৰ জৰিয়তে তেওঁলোকৰ আত্মগোপন কৰা স্থান চিনাক্ত কৰিছিল। সোমবাৰে পুৱা ১১.৩০ বজাত ২৪ ৰাষ্ট্ৰীয় ৰাইফল আৰু চাৰি অৰ্ধসামৰিক বাহিনীৰ সদস্যৰ লগতে একাংশ সেনাই তিনি সন্ত্রাসবাদীয়ে আত্মগোপন কৰা স্থান ঘেৰাও কৰি আক্ৰমণ কৰে। এই আক্রমণতে দুর্ধর্ষ সন্ত্রাসবাদী তিনিজন নিহত হয়। এনকাউণ্টাৰৰ সময়ত সেনা-আৰক্ষীয়ে বৃহৎ পৰিমাণৰ বিস্ফোৰক, এ কে ৪৭ ৰাইফল, কাৰ্বাইন আৰু ১৭টা গ্রেনেড উদ্ধাৰ কৰে। খবৰ অনুসৰি নিৰাপত্তা বাহিনীয়ে চোৰাংচোৱাৰ তথ্যৰ ভিত্তিত শ্রীনগৰৰ হৰৱানৰ মূলনাৰ অঞ্চলত অভিযান আৰম্ভ কৰে। ইফালে, নিহত মুছা শ্রীনগৰ-সোণমাৰ্গ সংযোগী সুৰংগৰ নিৰ্মাণত জড়িত সাতজন লোকক হত্যাৰ গোচৰতো অভিযুক্ত আছিল।