কালিকা ল’গা পুখুৰী –  ইভা গন্ধীয়া ফুকন

PC - ThoughtCo
কালিকা ল’গা পুখুৰী
 ইভা গন্ধীয়া ফুকন
পুখুৰী আৰু মানুহৰ সম্বন্ধ যুগ যুগান্তৰৰ
জয়সাগৰ, শিৱসাগৰ পুখুৰী চিনাকী আহোম যুগৰ
মিঠা পানী যোৰহাটৰ মিঠা পুখুৰীৰ !
ৰজা মহাৰজা সকলে খন্দাইছিল পুখুৰী
পানীৰ উঁহ থকা ঠাইত
নুশুকাই পানী খৰালি কালত
কোনো কোনোৱে আকৌ ক’ব খোজে
কালিকা ল’গা পুখুৰী
সেয়ে সদায় উপচি থাকে পানী
সন্ধিয়া ভূত ভূতুনীৰ বিচৰণ স্থলী !
পথাৰত খান্দে সৰু সৰু পুখুৰী
শস্য ডৰাত  দিবলৈ পানী
মাছ পুথি কেইটাও সহজে পাম বুলি
যদিহে খোৱা হয় পুখুৰীৰ পানী
গা ধোৱা, কাপোৰ ধোৱা নকৰাই ভাল সমূলি
পুখুৰী খান্দি মাছ পালন কৰি
হোৱা আৰ্থিক ভাৱে স্বাবলম্বী
আছে মাছ পালনৰ বহুতো চৰকাৰী আঁচনি
নিবনুৱা সকল লোৱা জানি বুজি
ভেটফুল , পদুমফুলে কৰি ৰাখে পুখুৰী শুৱনি ।