কালাকান্দ ৰেছিপি – লখিমী শৰ্মা

PC - Wikipedia

কালাকান্দ ৰেছিপি

একেবাৰে সহজ পদ্ধতিৰে বনাব পৰা কালাকান্দ ৰেছিপি –
উপকৰণ :-
১) গাখীৰ
২) ভিনেগাৰ
৩) পানী
৪) চেনী
৫) ইলাচী পাউদাৰ
৬) পিচ্‌টা বাদামৰ গুৰি
৭) কেচ্‌ৰ অকণমান
বনোৱা পদ্ধতি :-এটা বাতিত ৩ চামুচমান ভিনেগাৰ ৰাখি লৈ এখন কেৰাহীত ১.২৫ লিটাৰ গাখীৰ উতলাই মাজে মাজে লৰাই লৰাই নমাই লৈ ভিনেগাৰ খিনি গাখীৰখিনিত চামুচেৰে দি অলপ সময় হেতা এখনেৰে লৰাই দি মিক্স কৰি গাখীৰখিনি ফাটি যোৱাৰ পিছত এটা ডাঙৰ বাটিৰ ওপৰত এখন কাপোৰ দি লৈ তাত ফাটি যোৱা গাখীৰখিনি ঢালি পানীৰে সেইখিনি ধুই লৈ , পানীখিনি নোহোৱা কৰি কাপোৰখন টানকৈ চেপি দি আন এখন কেৰাহী গৰম কৰি তাত ৭৫০ মি:লি: গাখীৰ গৰম কৰি কৰি নাইকিয়া কৰি তাত ১/২ চামুচ চেনী দি লৰাই লৰাই ফাটি যোৱা গাখীৰখিনি হেতা এখনেৰে ভাঙি ভাঙি মিহি কৰি বেলেগকৈ চেনী দি গৰম কৰি থোৱা কেৰাহীখনত ফাটি যোৱা গাখীৰৰ চানাখিনি দি ভালকৈ মিক্স কৰি লৰাই লৰাই নমাই লৈ ইলাচী পাউদাৰ দি মিহলাই লৈ এটা বাচনত মিশ্ৰণখিনি ঢালি ৬ ঘণ্টামানৰ বাবে ফ্ৰীজত ৰাখি ঠাণ্ডা হোৱাৰ পিছত চুৰি কটাৰী এখনে কালাকান্দ আকৃতিত কাটি লৈ পিচ্‌টা বাদামৰ টুকুৰা ছটিয়াই দি কেচ্‌ৰ ছটিয়াই লৈ পৰিৱেশনৰ উপযোগী কৰি তুলিব পাৰে  ।
লখিমী শৰ্মা, যোৰহাট