কালাইন-শিলচৰ সংযোগী দলং ভাঙি নৈত পৰিল ডাম্পাৰ

কালাইন-শিলচৰ সংযোগী দলং ভাঙি নৈত পৰিল ডাম্পাৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  কাছাৰ জিলাৰ শিলচৰ-কালাইন সংযোগী পথত সংঘটিত হৈছে এক ভয়ংকৰ দুৰ্ঘটনা । কাছাৰৰ কালাইন-শিলচৰ সংযোগী ভাঙ্গাৰপাৰ দলং হাৰাং নদীত ভাঙি পৰিল । বুধবাৰে নিশা প্রায় ১.৩০ বজাত দুটা অভাৰলোড ট্রাক একেলগে দলং পাৰ হোৱাৰ সময়ত সংঘটিত হয় এই ভয়ংকৰ দুর্ঘটনা। দলং ভঙাৰ ফলত দুয়োখন ট্রাক নদীত পৰি যায়। কোনো মতে চালক আৰু সহযোগীৰ প্ৰাণে ৰক্ষা হয়।বিগত এমাহ ধৰি বন্ধ হৈ আছে গেমন দলং। নিশা কালাইনৰ ভাঙ্গাৰপাৰ দলং ভাঙি পৰাৰ পিছত বৰাকসহ ত্ৰিপুৰা, মিজোৰামৰ যাতায়াত সম্পূৰ্ণ বন্ধ হৈ পৰে। ঘটনাস্থলীত নিশা ২ বজাত উপস্থিত হয় আৰক্ষী অধীক্ষক নোমাল মাহাতো। নোমল মাহাত্তাই কয়, “আজি পুৱতি নিশা প্ৰায় ১.৩০ বজাত ভাংগাৰপাৰত হাৰাং নৈৰ ওপৰত থকা দলঙখন ভাঙি যায় । আমি লগে লগে ইয়ালৈ আহি উদ্ধাৰ অভিযান চলাইছো । ইয়াৰ সমীপত এটা সৰু পথ আছে আৰু সেই পথেৰেই সৰু সৰু বাহনৰ লগতে ছাত্ৰ-ছাত্ৰীসকল অহা-যোৱা কৰিব পাৰিব ।”  ইতিমধ্যে আৰম্ভ কৰিছে তদন্ত। দলং ভাঙি যোৱাৰ ফলত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে বৰাকত।