কালচক্ৰৰ প্ৰতিপক্ষত আত্মদংশন
নাচিমা য়াচমিন,বিশ্বনাথ চাৰিআলি
যি হেৰুৱালোঁ আমি
তাৰ পুনৰুদ্ধাৰৰ কোনো সম্ভাবনা
সময়ৰ নিৰ্মমত্বত সম্পূর্ণ লুপ্ত।
এই অমোঘ সত্যৰ ভাৰেই, সম্ভৱতঃ,
মনুষ্য জীৱনৰ সকলোতকৈ গভীৰ বোধ।
তথাপি, চিত্তৰ গুপ্ততম কণিকাত
এতিয়াও জ্বলি থাকে
এক তীব্ৰ, ক্ষীণ আকাংক্ষা
যদি সময়ৰ স্থবিৰ পৃষ্ঠাত
মাত্ৰ এটি নিমিষলৈ
উভতি যাব পাৰিলোঁহেঁতেন!
যদি ভাগ্যৰ নিৰ্মম লিপি
অল্পমাত্র হ’লেও পুনৰলিখন
কৰিব পাৰিলোঁহেঁতেন!
কিন্তু সেই সম্ভাৱনাও
মানসিক কল্পনাৰ সীমাহীন দিশত বিলীন,
বাস্তৱ নামৰ কঠিন সত্যৰ
সম্পূৰ্ণ প্ৰতিপক্ষ।