কার্বি আংলঙত ম’বাইল ইণ্টাৰনেট সেৱা কর্তন

কার্বি আংলঙত ম’বাইল ইণ্টাৰনেট সেৱা কর্তন

ৰঙিলী বাৰ্ত্তাসেৱা- পিজিআৰ-ভিজিআৰৰ ভূমিৰ পৰা অনা কাৰ্বিক উচ্ছেদৰ প্রতিবাদত দুটা দিন ধৰি পশ্চিম কার্বি আংলঙৰ খেৰণি-ডংকামোকামকে ধৰি সমগ্ৰ অঞ্চল প্ৰতিবাদৰ ঢৌত জ্বলি আছে। ইখনৰ পাছত সিখনকৈ গাঁৱৰ বাসগৃহ, দোকান-পোহাৰকে ধৰি খেৰণিৰ দৈনিক বজাৰসহ বহু সা-সম্পত্তি অগ্নিকুণ্ডত জাহ গৈছে। উত্তেজিত লোকে ৰাজপথত টায়াৰ জ্বলাই প্রতিবাদ সাব্যস্ত কৰিছে। পৰিণতিত আৰক্ষী, নিৰাপত্তাৰক্ষীৰ সৈতে সংঘাতত লিপ্ত হৈছে প্রতিবাদকাৰীসকল। শিলগুটি নিক্ষেপ, গুলীচালনা, কন্দুৱা গেছ প্রয়োগ যেন এক সাধাৰণ ঘটনাত পৰিণত হৈছে পশ্চিম কাৰ্বি আংলঙৰ সংঘৰ্ষৰ্জৰ্জৰ অঞ্চলত। পৰিস্থিতিৰে মোকাবিলা কৰিবলৈ যোৱা মন্ত্ৰী ৰণোজ পেগুৱে আলোচনাও যেন বিফল হৈছে। অসম আৰক্ষীৰ সঞ্চালকপ্ৰধান হৰমিত সিঙে নিজেই তদাৰক কৰিছে আইন-শৃংখলাজনিত পৰিস্থিতি। ইয়াৰ মাজতো সন্ধিয়াৰ পৰলৈকে অব্যাহত আছে উত্তেজনাময় পৰিস্থিতি। যাৰ ফলত সন্ধিয়ালৈ ইণ্টাৰনেট সেৱা কৰ্তন কৰিবলৈ বাধ্য হৈছে ৰাজ্য প্ৰশাসন। ৰাজ্যৰ গৃহ বিভাগে সন্ধিয়ালৈ জাৰি কৰা ৫৫১৩৫৬/৯৬ নম্বৰৰ নিৰ্দেশনাযোগে কাৰ্বি আৰু পশ্চিম কাৰ্বি আংলঙত ইণ্টাৰনেট সেৱা কৰ্তনৰ কথা ঘোষণা কৰিছে। গৃহ আৰু ৰাজনৈতিক বিভাগৰ আযুক্ত সচিব বিশ্বজিৎ পেগুৱে কাৰ্বি আংলঙৰ পৰিস্থিতি মোকাবিলা কৰিবলৈ এই নির্দেশ জাৰি কৰাৰ কথা ঘোষণা কৰে। নির্দেশনাটোত আয়ুক্ত সচিবগৰাকীয়ে উল্লেখ কৰে যে যিহেতু অসম চৰকাৰে কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলং জিলাৰ জিলা দণ্ডাধীশসকলৰ জৰিয়তে দুয়োখন জিলাত ২৩ ডিচেম্বৰত উদ্ভৱ হোৱা গুৰুতৰ আইন-শৃংখলাজনিত পৰিস্থিতিৰ বিষয়ে প্রতিবেদন লাভ কৰিছে। ইয়াৰ জৰিয়তে দুয়োখন জিলাতে ৰাজহুৱা শান্তি আৰু সম্প্রীতি গুৰুতৰভাৱে ভংগৰ আশংকা কৰা হৈছে। নির্দেশনাটোত লগতে কোৱা হৈছে যে সামাজিক মাধ্যম আৰু ইণ্টাৰনেটৰ জৰিয়তে উত্তেজক বাৰ্তা, উৰাবাতৰি আদি বিয়পাই দিয়াৰ ফলত পৰিস্থিতি আৰু অধিক অৱনতি ঘটিব পাৰে বুলি অসম চৰকাৰে আশংকা কৰিছে। সেয়েহে ৰাজহুৱা শান্তি আৰু স্থিৰতা বজাই ৰখাৰ স্বাৰ্থত আৰু বৰ্তমানৰ পৰিস্থিতিৰ অৱনতি ৰোধ কৰাৰ বাবে অসম চৰকাৰৰ গৃহ আৰু ৰাজনৈতিক বিভাগে ভাৰতীয় টেলিগ্রাফ আইন ১৮৮৫ৰ ধাৰা ৫(২) অধীনত কার্বি আংলং আৰু পশ্চিম কাৰ্বি আংলং জিলাত সকলো ম’বাইল সেৱা প্রদানকাৰীৰ ইণ্টাৰনেট, ম’বাইল ডাটা সেৱা তাৎক্ষণিকভাৱে কর্তন কৰিছে। পৰৱৰ্তী আদেশ নোহোৱালৈকে এই নিষেধাজ্ঞা বলবৎ থাকিব। অৱশ্যে গৃহ আৰু ৰাজনৈতিক বিভাগৰ আয়ুক্ত সচিবে নির্দেশনাটোত স্পষ্ট কৰিছে যে এই সময়ছোৱাত ভয়চ কল আৰু স্থিৰ টেলিফোন লাইনভিত্তিক ব্রডবেণ্ড সংযোগ কার্যকৰী হৈ থাকিব।