কাম নকৰা লোকসকলে চাকৰি বাদ দিয়কঃ বিটিচিৰ মুখ্য কার্যবাহী প্রমোদ বড়ো

PC- Wikipedia

কাম নকৰা লোকসকলে চাকৰি বাদ দিয়কঃ বিটিচিৰ মুখ্য কার্যবাহী প্রমোদ বড়ো

অনলাইন বাৰ্ত্তাসেৱা- বাক্সা জিলাৰ গোৰেশ্বৰ উন্নয়ন খণ্ডৰ কলাগুৰু বিষ্ণু ৰাভা ভৱনত এখন গুৰুত্বপূৰ্ণ পর্যালোচনা সভাত অংশ লৈ বিটিচিৰ মুখ্য কার্যবাহী প্রমোদ বড়োই কামত হেমাহি কৰা বিষয়া কৰ্মচাৰীসকলক ধমক দি কয় কাম নকৰা লোক আমাক নালাগে। কাম নকৰা লোকসকলে চাকৰি বাদ দিয়ক, কাৰণ বহু ডেকা ল’ৰা এনেই আছে তেওঁলোকে চাকৰি কৰিব। বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য প্রমোদ বড়োৱে পর্যালোচনা সভাত উপস্থিত হৈয়ে প্ৰথমে কৰ্মৰত বিভাগীয় বিষয়া-কৰ্মচাৰী তথা পর্যালোচনা সভাত কোন কোন উপস্থিত আছে তেওঁলোকক থিয় হ’বলৈ দিয়ে আৰু যিসকল বিষয়া-কৰ্মচাৰী উপস্থিত নাই তেওঁলোকৰ এদিনৰ দৰমহা কৰ্তন কৰিবলৈ গোৰেশ্বৰ খণ্ড উন্নয়ন বিষয়াক নির্দেশ দিয়ে। ইয়াৰ পাছত তেওঁ পৰ্যায়ক্ৰমে অভিযন্তা, কনিষ্ট অভিযন্তা, জি আৰ এছ আদিৰ পৰা উন্নয়নৰ খতিয়ান লয়।বেছিসংখ্যক বিষয়া-কৰ্মচাৰীয়ে সঠিক তথ্য দিব নোৱাৰাত একাংশ কৰ্মীক হেমাহি কৰাৰ বাবে প্ৰমোদ বড়োৱে ধমক দিয়ে। উল্লেখ্য যে উন্নয়ন খণ্ডত ২০১৭-১৮ বৰ্ষৰে প্রধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ নিৰ্মাণৰ কামেই সমাপ্ত হোৱা নাই। ইয়াৰ কাৰণ হিচাপে বিষয়াসকলে ‘তৃতীয় পক্ষ’ জড়িত হৈ থকাৰ কথা উল্লেখ কৰে। প্ৰমোদ বড়োৱে খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ৰ বিষয়া কৰ্মচাৰীৰ নিজৰ নিজৰ কৰ্মৰ ওপৰত থকা জ্ঞানৰ নমুনা দেখি আচৰিত হয়।