কামৰূপ মহানগৰ জিলাত ন’ মাস্ক, ন’ ছেলছ নীতি ঘোষণা উপায়ুক্ত বিশ্বজিৎ পেগুৱৰ

pc-the sentinalassam

 

বাৰ্ত্তাসেৱা-  কামৰূপ মহানগৰ জিলাৰ প্ৰতিখন ব্যৱসায়িক প্ৰতিষ্ঠানৰ সন্মুখত বাধ্যতামুলকভাৱে ন’ মাস্ক ন’ ছেলছ লিখা একোখনকৈ বেনাৰ আঁৰিব লাগিব। জিলাখনৰ বজাৰ সমিতিসমূহক ব্যৱসায়িক অনুষ্ঠানসমূহে যাতে -বেনাৰ আঁৰিব লাগিব। জিলাখনৰ বজাৰ সমিতিসমূহক ব্যৱসায়িক প্ৰতিষ্ঠানসমূহে  যাতে-বেনাৰ লগায় সেইটো নিশ্চিত কৰিবলৈ জিলা প্ৰশাসনে নিৰ্দেশ দিছে।মহানগৰ জিলাৰ উপায়ুক্ত বিশ্বজিৎ পেগুৱে জিলাখনৰ বজাৰ সমিতিসমূহৰ বিষয়ববীয়াসকলৰে হোৱা এক জৰুৰী সভাত এই নিৰ্দেশ জাৰি কৰে। জিলা প্ৰশাসনৰ হৈ কামৰূপ মহানগৰ জিলাৰ জনসংযোগ বিভাগে সংবাদ মাধ্যমলৈপ্ৰেৰণ কৰা একপ্ৰেছ বাৰ্তাযোগে প্ৰশাসনৰ এই কঠোৰ নিৰ্দেশনা কথা সদৰী কৰে। প্ৰেছ বাৰ্তাত উল্লেখ কৰা অনুসৰি কৰ’নাৰ গণসংক্ৰমণে যাতে ভয়াৱহ ৰূপ ধাৰণ কৰিব নোৱাৰে সেই উদ্দেশ্যৰ এই নিদেÊশ দিয়ে উপায়ুক্ত পেগুৱে। এনে একোখনকৈ বেনাৰ আৰি দিয়াৰ উদ্দেশ্যে লগত সংগতি ৰাখি মাস্ক পৰিধান নকৰা গ্ৰাহকক সামগ্ৰী বিক্ৰী নকৰিবলৈও ব্যৱসায়ীসকলক আহ্বান জনোৱা হয়। উপায়ুক্তজনে জিলা উপায়ুক্তৰ কাযালয়ত সভাকক্ষত অনুষ্ঠিত বৈঠকত কয়- ন’ মাস্ক ম’ ছেলছৰ বেনাৰ আঁৰি দিয়াৰ লগতে ব্যৱসায়িক প্ৰতিষ্ঠানৰ স্বত্বাধিকাৰ আৰু প্ৰতিজন কৰ্মচাৰীয়ে বাধ্যতামূলকভাৱে পৰিদান কৰিব লাগিব মাস্ক। তদুপৰি ব্যৱস্থা থাকিব লাগিব চেনিটাইজাৰ বা হাত ধোৱা চাবোনৰ। এই নিয়ম ভংগ কৰিবলে প্ৰশাসনৰ টাস্ক ফোৰ্চে তৎমুহূৰ্ততে কাৰ্যকৰী হোৱাকৈ বাতিল কৰিব ব্যৱসায়িক প্ৰতিষ্ঠানৰ অনুজ্ঞাপত্ৰ। সভাখনত উপস্থিত থকা গুৱাহাটী পৌৰ নিগমৰ আয়ুক্ত দেৱাশিস শৰ্মাই মংহানগৰীৰ অলিয়ে-গলিয়ে কাঠফুলাৰ দৰে গজি উঠা পদপথৰ অস্থায়ী দোকানসমূহ বন্ধ কৰিবলৈ বা উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিবলৈ বজাৰ সমিতিসমীহক আহ্বান জনায়। অন্যথা তেনে দোকানৰ সামগ্ৰী জব্দ কৰা হ’ব বুলি শমাই সকীয়াই দিয়ে। তেওঁ আৰু কয়- যেতিয়ালৈকে কোভিড বিধি বা চৰকাৰী নীতি-নিৰ্দেশনাসমূহ আখৰে আখৰে পালন কৰা নহয় তেতিয়ালৈ কোভিদ পৰিস্থিতি নিয়ন্ত্ৰণলৈ অনাটো সম্ভৱ নহয়। উল্লেখ্য যে সভাত মহানগৰ জিলা উপায়ুক্ত, পৌৰ আয়ুক্তৰ লগতে অতিৰিক্ত আয়ুক্ত পুলক মহন্ত, জিলা উন্নয়ন আয়ুক্ত নিবেদন দাস পাটোৱাৰীৰ লগতে মহানগৰ জিলাৰ বজাৰ সমিতিসমূহৰ বিষয়ববীয়াসকল উপস্থিত থাকে।