কামৰূপ জিলা কবি সন্মিলনৰ উদ্যোগত ছয়গাঁ‌ও শাখা কবি সন্মিলন গঠন তথা কবিতা আবেলি কাৰ্যসূচী অনুষ্ঠিত

কামৰূপ জিলা কবি সন্মিলনৰ উদ্যোগত ছয়গাঁ‌ও শাখা কবি সন্মিলন গঠন তথা কবিতা আবেলি কাৰ্যসূচী অনুষ্ঠিত

ৰঙিলী বাৰ্ত্তাসেৱা- ইংৰাজী ২৯-০৬-২০২৫ তাৰিখ দেওবাৰে বিশিষ্ট কবি লেখক অচ্যুত কলিতাৰ তত্ত্বাৱধানত ছয়গাঁ‌ৱৰ গোবৰ্ধন নিম্ন প্ৰাথমিক বিদ্যালয়ত সদৌ অসম কবি সন্মিলনৰ অন্তৰ্গত কামৰূপ জিলা কবি সন্মিলনৰ উদ্যোগত ছয়গাঁ‌ও শাখা কবি সন্মিলন গঠনৰ লগতে কবিতা আবেলি কাৰ্যসূচী অনুষ্ঠিত হয়। অনুষ্ঠানত সভাপতিত্ব কৰে স্থানীয় বিশিষ্ট ব্যক্তি মানিক চন্দ্ৰ দত্তই। সভাত উপস্থিত থাকে কৃষ্ণ দৈমাৰী, সম্পাদক, সদৌ অসম কবি সন্মিলন, ২) মৃণাল কুমাৰ বৰা, সাংগঠনিক সম্পাদক, সদৌ অসম কবি সন্মিলন, ৩) শোভন কুমাৰ মেধি, ৰাজ্যিক সাধাৰণ পৰিষদৰ সদস্য আৰু সাংগঠনিক সম্পাদক, কামৰূপ মহানগৰ জিলা কবি সম্পাদক, ৪) কুমাৰ ৰাহুল, ৰাজ্যিক সাধাৰণ পৰিষদৰ সদস্য আৰু সহঃ সম্পাদক, কামৰূপ মহানগৰ জিলা কবি সন্মিলন ৫) পঞ্চমী সৰকাৰ, আহ্বায়িকা, সদৌ অসম কবি সন্মিলনৰ যুৱ শাখা বিভাগ ৬) জগন্নাথ কলিতা, মুখ্য তত্ত্বাবধায়ক, কামৰূপ জিলা কবি সন্মিলন ৭) মেদিনী মোহন ভট্টাচাৰ্য, মুখ্য তত্ত্বাবধায়ক, কামৰূপ জিলা কবি সন্মিলন, ৮) ড° শেৱালী কলিতা দাস, আহ্বায়িকা, কামৰূপ জিলা কবি সন্মিলন ৯)ড° উপেন ডেকা(অধ্যাপক ,ছয়গাঁও মহাবিদ্যালয়)। অনিল কুমাৰ সাউদক সভাপতি আৰু মৃদুল কলিতাক সম্পাদক হিচাপে লৈ ৩১ জনীয়া ছয়গাঁ‌ও শাখা কবি সন্মিলনখনি পূৰ্ণাংগৰূপত গঠন কৰা হয়।