কামৰূপ জিলা আয়ুক্তক জুবিন ক্ষেত্ৰ পৰিষ্কাৰ-পৰিচ্ছন্ন কৰি চাৰিসীমাত দেৱাল দিয়াৰ কঠোৰ নিৰ্দেশ মুখ্যমন্ত্রী  ড° শৰ্মাৰ

কামৰূপ জিলা আয়ুক্তক জুবিন ক্ষেত্ৰ পৰিষ্কাৰ-পৰিচ্ছন্ন কৰি চাৰিসীমাত দেৱাল দিয়াৰ কঠোৰ নিৰ্দেশ মুখ্যমন্ত্রী  ড° শৰ্মাৰ

ৰঙিলী বাৰ্ত্তাসেৱা- সোণাপুৰৰ জুবিন ক্ষেত্ৰৰ পৰা সকলো দোকান-পোহাৰ আঁতৰোৱাৰ লগতে অঞ্চলটো পৰিষ্কাৰ-পৰিচ্ছন্ন কৰি চাৰিসীমাৰ দেৱাল দিয়াৰ বাবে নির্দেশ দিছে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই। দুপৰীয়া জিলা আয়ুক্তক মুখ্যমন্ত্রী ড° শর্মাই এই নির্দেশ দিয়ে। এই সম্পর্কত সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্রী ড° শর্মাই কয় যে তেওঁ যেতিয়া জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰ নিশা ১০ বজাৰ পিছত বন্ধ কৰাৰ কথা কৈছিল, তেতিয়া তেওঁক বহুতে বেয়া পাইছিল। তেওঁক গালি-গালাজো কৰিছিল। তাৰ বাবে তেওঁ বিষয়টোক লৈ অধিক আগবঢ়া নাছিল। কিন্তু শেহতীয়াকৈ পৰিয়ালৰ লোকে যেতিয়া তেওঁক জুবিনৰ সমাধি ক্ষেত্ৰ পৰিষ্কাৰ-পৰিচ্ছন্ন কৰি ৰখাৰ বাবে পদক্ষেপ ল’বলৈ আহ্বান জনালে, লগে লগে তেওঁ সোমবাৰে দুপৰীয়াই জিলা আয়ুক্তক এইক্ষেত্ৰত ব্যৱস্থা ল’বলৈ নির্দেশ দিয়ে। মুখ্যমন্ত্রী ড° শর্মাই কয় যে জিলা আয়ুক্তক জুবিন ক্ষেত্ৰৰ সন্মুখত থকা দোকান-পোহাৰসমূহ আঁতৰোৱাৰ ব্যৱস্থা কৰিবলৈ নির্দেশ দিয়া হৈছিল। সেইদৰে জুবিন ক্ষেত্ৰ পৰিষ্কাৰ-পৰিচ্ছন্ন কৰি ৰখাৰ লগতে অতি সোনকালে চাৰিসীমাৰ বেৰ নিৰ্মাণ কৰাৰ বাবেও ব্যৱস্থা ল’বলৈ নিৰ্দেশ দিয়া হৈছে।