কামৰূপ জিলাৰ ৰামপুৰত খেল মহাৰণ ২.০ ৰ বিধানসভা সমষ্টি পৰ্যায়ৰ প্ৰতিযোগিতাৰ শুভাৰম্ভণি কৰিলে ক্ৰীড়া আৰু যুৱ কল্যাণ মন্ত্ৰী নন্দিতা গাৰ্লোচাই
ৰঙিলী বাৰ্ত্তাসেৱা- কামৰূপ জিলাৰ পলাশবাৰী সমষ্টিৰ অন্তৰ্গত ৰামপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত পলাশবাৰী বিধানসভা সমষ্টিৰ বাবে দুদিনীয়াকৈ অনুষ্ঠিত বিধানসভা সমষ্টি পৰ্যায়ৰ খেল মহাৰণ ২.০ ৰ প্ৰতিযোগিতাসমূহৰ আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে ৰাজ্য চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ আদি বিভাগৰ মন্ত্ৰী নন্দিতা গাৰ্লোচাই। উদ্বোধনী ভাষণ প্ৰদান কৰি মন্ত্ৰী নন্দিতা গাৰ্লোচাই কয় যে ৰাজ্যখনৰ ক্ৰীড়া প্ৰতিভাসমূহৰ উৎকৰ্ষ সাধনৰ বাবে এখন মঞ্চ প্ৰদানৰ উদ্দেশ্যৰে ৰাজ্য চৰকাৰে অনুষ্ঠিত কৰা খেল মহাৰণ ২.০ৰ প্ৰতিযোগিতাই ৰাজ্যখনত এক ক্ৰীড়াৰ পৰিবেশ গঢ়ি তোলাত সহায় কৰিব । তেওঁ লগতে ছাত্ৰ-ছাত্ৰীসকলক আগবাঢ়ি আহি খেল মহাৰণত যোগদান কৰিবলৈ আহ্বান জনায়। কামৰূপ জিলাৰ জিলা আয়ুক্ত দেৱ কুমাৰ মিশ্ৰই আদৰণি ভাষণ প্ৰদান কৰা আজিৰ অনুষ্ঠানত পলাশবাৰী বিধানসভা সমষ্টিৰ বিধায়ক হেমাংগ ঠাকুৰীয়া আৰু অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ সচিব কে জে হিলালীয়েও ভাষণ প্ৰদান কৰে। উক্ত অনুষ্ঠানত ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ সঞ্চালক প্ৰদীপ টিমুং, কামৰূপ জিলাৰ অতিৰিক্ত জিলা আয়ুক্ত সুজাতা গগৈ, কামৰূপ জিলাৰ জিলা ক্ৰীড়া বিষয়া সত্যব্ৰত গগৈ, বিশিষ্ট সমাজসেৱক অঞ্জন গোস্বামী, খেল মহাৰণ ২.০ ৰ বাবে গঠিত পলাশবাৰী বিধানসভা সমষ্টিৰ সমষ্টি পৰ্যায়ৰ সমিতিৰ সভাপতি গোলাপ মালাকাৰ, দক্ষিণ কামৰূপ ক্ৰীড়া সন্থাৰ সম্পাদক সুকুমাৰ মেধি, খো খো খেলৰ আন্তঃৰাষ্ট্ৰীয় ৰেফাৰী ৰূপা ঠাকুৰীয়া, কাবাডীৰ ৰাষ্ট্ৰীয় পদক প্ৰাপ্ত খেলুৱৈ ভাৰতী কলিতাকে জিলা প্ৰশাসনৰ বিষয়া-কৰ্মচাৰী, খেলুৱৈ আৰু ভালেসংখ্যক ক্ৰীড়া প্ৰেমী ৰাইজ উপস্থিত থাকে। এই অনুষ্ঠিত ক্ৰীড়া প্ৰতিযোগিতাত প্ৰায় ১৩০০ খেলুৱৈয়ে অংশগ্ৰহণ কৰে।