কামৰূপ জিলাৰ বিশ্বজিৎ বৈশ্যক আন্তঃৰাষ্ট্ৰীয় “নৃত্য শিৰোমণি সন্মান” প্ৰদান
ৰঙিলী বাৰ্ত্তাসেৱা- গুৱাহাটীৰ কাহিলীপাৰাস্থিত জ্যেতি চিত্ৰবন ফিল্ম ষ্টুডিওত “সংস্কৃতি সংগম” ২০২৫ য়ে আয়োজন কৰা (৯ম)আন্তঃৰাষ্ট্ৰীয় আৰু (১৩)ৰাষ্ট্ৰীয় পৰ্যায়ত নৃত্য প্ৰতিযোগিতাত অসমৰ বিভিন্ন প্ৰান্তৰ লগতে কামৰূপ জিলাৰ দলিবাৰী,দদৰা অঞ্চলৰ ছাত্ৰী সকলে অংশগ্রহণ কৰে। নৃত্য পৰিচালক বিশ্বজিৎ বৈশ্যৰ তত্বাবধানত প্ৰশিক্ষণ লোৱা প্ৰায় ১৭ গৰাকীকৈ ছাত্রীয়ে বিভিন্ন স্থানত পুৰস্কাৰ আজুৰি অনিবলৈ সক্ষম হয়, লগতে এই অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনে। উক্ত প্ৰতিযোগিতাখনি যোৱা ১১জুলাইত শুভাৰম্ভ কৰি ৩১ জুলাই ২০২৫ সামৰণি পৰে। এই অনুষ্ঠানতে শুৱালকুছি-বংশৰৰ গৌৰৱ উদীয়মান অভিনেতা তথা নৃত্য পৰিচালক বিশ্বজিৎ বৈশ্যক আন্তঃৰাষ্ট্ৰীয় “নৃত্য শিৰোমণি সন্মান” প্ৰদান কৰা হয়।