কামৰূপৰ গৰৈমাৰীত ভয়ংকৰ অগ্নিকাণ্ড

কামৰূপৰ গৰৈমাৰীত ভয়ংকৰ অগ্নিকাণ্ড

ৰঙিলী বাৰ্ত্তাসেৱা-  কামৰূপৰ গৰৈমাৰীৰ জাহিৰপুৰত ভয়ংকৰ অগ্নিকাণ্ড ।  ঘৰত জুই লাগি একেলগে প্ৰাণ গ’ল দুই ভাতৃৰ৷  পুৱতি নিশা ২ বজাত সংঘটিত হৈছিল এই অগ্নিকাণ্ডৰ ঘটনা৷ অগ্নিদগ্ধ হৈ মৃত্যু হোৱা যুৱক দুজন হ’ল সাজন আলী আৰু সমেজ আলী ৷ গুৰুতৰভাৱে আহত হৈছে যুৱক দুজনৰ মাতৃ আঞ্জুৱাৰা বেগম৷ বৈদ্যুতিত শ্বৰ্ট চাৰ্কিটৰ ফলত অগ্নিৰকাণ্ড সংঘটিত হোৱাৰ সন্দেহ স্থানীয় ৰাইজৰ৷ জাহিৰপুৰ গাঁৱৰ বাহাদুৰ আলীৰ ঘৰত সংঘটিত হৈছে এই মৰ্মান্তিক ঘটনা৷ ঘটনা সংঘটিত হোৱা কেইবাঘন্টাৰ পাছত অগ্নিনিৰ্বাপক বাহিনীয়ে নিৰ্বাপন কৰে জুই৷  ঘটনাস্থলীত গৰৈমাৰী আৰক্ষী উপস্থিত হৈ উদ্ধাৰ কৰিছে দুই যুৱকৰ মৃতদেহ৷ মৃত যুৱক দুজনৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে জি এম চি এইচলৈ প্ৰেৰণ কৰিছে গৰৈমাৰী আৰক্ষীয়ে৷ আহত আঞ্জুৱাৰা বেগমক ভৰ্তি কৰোৱা হৈছে চিকিৎসালয়ত৷ মৃত যুৱক দুজন আছিল মূকবধিৰ। ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে৷