কামপুৰত ড° জগদীশ পাটগিৰি সহ ২৫ জনলৈ বটাসহগ্ৰাম্য শিৰোৰত্ন বঁটা প্ৰদান

কামপুৰত ড° জগদীশ পাটগিৰি সহ ২৫ জনলৈ বটাসহগ্ৰাম্য শিৰোৰত্ন বঁটা প্ৰদান

খাইৰুল ইছলাম,কচুৱা,ৰঙিলী বাৰ্ত্তাসেৱা- কামপুৰত অসম গৰিয়সী পুথি সংৰক্ষণ  আৰু সাহিত্য-সংস্কৃতি বিকাশ মঞ্চই কামপুৰত গ্ৰাম্য শিৰোৰত্ন বঁটা প্ৰদাণৰ লগতে বিশেষ সম্বৰ্ধনা অনুস্থান অনুস্থিত কৰে।২০০৮ চনত প্ৰতিষ্ঠিত অসম গৰীয়সী পুথি সংৰক্ষণ আৰু সাহিত্য – সংস্কৃতি বিকাশ মঞ্চ” ,পশ্চিম কাৰবি আলং(অসম) য়ে কামপুৰৰ স্বৰাজ ভৱনত আয়োজিত কৰা অনুষ্ঠানত অসমৰ সাহিত্য সংস্কৃতি সুকুমাৰ কলা স্থাপত্য ভাস্কৰ্য্য সমাজ সংগঠক আৰু সাংবাদিকতা আদিৰ দিশত সমাজলৈ বৰঙণি আগবঢ়োৱা ২৫ গৰাকী ব্যক্তিলৈ গ্ৰাম্য শিৰোৰত্ন বটা প্ৰদান কৰে।অনুস্থানটোত অসম সাহিত্য সভাৰ  প্ৰাক্তন সম্পাদক ড° জগদীশ পাটগিৰি ; সাংবাদিক ৰূপ জ্যোতি ভূঞা ; বিশিষ্ট সমাজসেৱক ,লেখক তথা অসমীয়া গহনা শিল্পী উৎপল বণিয়াকে ধৰি ২৫ গৰাকি অসমৰ বৰেণ্য ব্যক্তিক “অসম গ্ৰাম্য শিৰোৰত্ন  বঁটাৰে” বিভূষিত কৰে।এই সভাত সভাখনত উপস্থিত থাকে কামপুৰ মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ সভাৰাম  মজুমদাৰ;শ্ৰী মম্ভ শংকৰদেৱ সংঘয কামপুৰ  শাখাৰ সভাপতি  স্বৰাজ মোহন বৰা ;লিখক প্ৰমোদ বৰা ;কামপুৰ কবি সন্মিলনৰ  উপদেষ্টা প্ৰৱিন শৰ্মা; কামপুৰ আঞ্চলিক ;কবি সন্মিলনৰ সভাপতি গুন কাকতি; মাজূলিৰ সত্ৰীয়া সংস্কৃতিক সাধক দেৱেন চন্দ্ৰ ভূঞা আদি।সভাখনৰ সভাপতিত্ত্ব কৰে গৰিয়সী পুথি সংৰক্ষণ  আৰু সাহিত্য-সংস্কৃতি বিকাশ মঅসম গৰিয়সী পুথি সংৰক্ষণ  আৰু সাহিত্য-সংস্কৃতি বিকাশ মঞ্চৰ সভাপতি সভাৰাম বৰাই।