কামনাৰ বলি
দিলদাৰ হুছেইন, কলিয়াবৰ নগাঁও
হে ভদ্ৰ সমাজ তোমালৈ মোৰ প্ৰশ্ন
উত্তৰ জানো দিব পাৰিবা?
আজি প্ৰতিবাদ কৰা নাই জানিবৰ হেঁপাহ
মই এইখন ভদ্ৰ সমাজৰ জীয়ৰী।
মোৰ ফুল কুমলীয়া বয়সত
পখিলাৰ লগত খেলা শৰীৰত,
কিয় দিলা বদনামি দাগ?
ৰঙ্গ-তৃপ্তি কৰিবলৈ নাপালা তুমি মঞ্চ।
আজি কিয় ভয় হয় প্ৰতি ঘৰৰ জীৱৰীৰ?
নানা,ককা,আত্মীয়,ওচৰচুবুৰীয়ালৈ,
ধৰ্ষণৰ বলি হ’ব লগা হয় নৰপিশাসৰ উন্মুক্ত কামনাৰ,
ভদ্ৰতাৰ কাপোৰেৰে মেৰুৱা ভদ্ৰ সমাজলৈ লাজ লাগে।
মোৰো মন যায় মুক্ত মনে ফুৰিবলৈ ধৰণীত,
ফুল-পখিলাৰ লগত আলিঙ্গন বাৰ্তালাপ কৰিবলৈ,
ওলাব নোৱাৰোঁ হ’ব লগা হয় কামনাৰ বলি ভদ্ৰ সমাজৰ
ঘৰৰ ভিতৰত থাকিব নোৱাৰি আত্মীয় লৈ ভয়।
কিয় কিয় তোমালোকৰ পশুৰ আচৰণ?
কোনোৱা কামনাৰ বলি হ’লে জাষ্টিছ বুলি চিঞৰি থকা,
অথচ নিজৰ ভিতৰত সেই একে গুণ
যদি সেই গুণ নাই মুক্ত বাবে শাস্তি দিবলৈ ওলাই আহা।
হে চৰকাৰ হে মানৱ অধিকাৰ
আমাকো মুক্ত বাবে জীয়াবলৈ দিয়া অধিকাৰ,
সেই মানৱৰূপী দানৱ নৰপিশাসক
বধ কৰিবলৈ আইন প্ৰণয়ন কৰা।
হে মানৱ জাতি মোৰ কাতৰ অনুৰোধ
নকৰিবা পাপ ভয় কৰা সৃষ্টিকৰ্তালৈ,
এদিন দিব লাগিব সকলো কৰ্মৰ হিচাপ
দিব নোৱাৰিলে যাব লাগিব জাহন্নামলৈ।
পাপ এৰি পূণ্য কৰা আমাক মুক্ত বাবে জীয়াবলৈ দিয়া
আমিয়েই মাতৃ আমিয়েই গৌৰৱ,
নকৰিবা আৰু পাপ জীয়াবলৈ দিয়া সকলো জীয়ৰী
এয়াই মোৰ কাতৰ আহ্বান সকলো মানৱ জাতিলৈ।