কামত নলগা বুদ্ধিমত্তাৰ কোনো প্ৰয়োজনীয়তা নাই – চন্দ্ৰ শেখৰ পৰাজুলী

Pc SCience News Explores

কামত নলগা বুদ্ধিমত্তাৰ কোনো প্ৰয়োজনীয়তা নাই

চন্দ্ৰ শেখৰ পৰাজুলী
বিশ্বনাথ চাৰিআলি

আচলতে বিজ্ঞানী সকলৰ গবেষণা অনুসৰি এজন সাধাৰণ মানুহৰ গড় বুদ্ধিমত্তাৰ পৰিসৰ হ’ল  ৮৫ পৰা ১১৫ শতাংশ । আনহাতে এলবাৰ্ট আইনষ্টাইন তাত্ত্বিক পদাৰ্থবিদ্যালৈ অৱদান বিশেষকৈ আলোক বিদ্যুৎ পৰিঘটনাৰ বাবে ১৯২১ চনত পদাৰ্থবিজ্ঞানৰ ন’বেল বঁটা বিজয়ী বিজ্ঞানী জনৰ এসময়ত সকলোবোৰ সাধাৰণ মানুহৰ তুলনামূলকভাৱে বেছিকৈ বুদ্ধিমত্তাৰ পৰিসৰ আছিল ১৬০ শতাংশ । কিন্তু বৰ্তমান সময়লৈকে বিজ্ঞানী সকলে কৰা গবেষণা অনুসৰি ১৯৪৬ চনত আমেৰিকাত জন্ম গ্ৰহণ কৰা মেৰিলিন ভুজ চাভান্ট ( marilyn vos savant) নামৰ এজনী মহিলাৰ বুদ্ধিমত্তাৰ পৰিসৰ হ’ল ২২৮ শতাংশ। এতিয়া কথা হ’ল এজন মানুহৰ জীৱন উচ্চ মেধাসম্পন বা উচ্চ বুদ্ধি যুক্ত হোৱা কোনো কাৰণতে বেয়া বুলি ক’ব নোৱাৰি নহয়নে? তথাপিও মোৰ মতে বৰ্তমান সময়তো কোনো এজন ব্যক্তি উচ্চ বুদ্ধি সম্পন্ন হোৱাৰ পিছতো যদি নিজৰ বুদ্ধিমত্তাৰ সঠিকভাৱে প্ৰয়োগ নকৰে তেন্তে কামত নলগা বুদ্ধিমত্তাৰ কোনো প্ৰয়োজনীয়তা নাই । কাৰণ অসমীয়াত এষাৰ কথা আছেই নহয়,’আছে গৰু নাবায় হাল থকাতকৈ নথকাই ভাল’ । অৰ্থাৎ বুদ্ধিমত্তা থকাৰ পিছতো যদি তাৰ উচিত উপয়োগ নহয় তেন্তে বুদ্ধিমত্তা থকা আৰু নথকাৰ মাজত একোৱেই পাৰ্থক্য নাথাকিব। বৰঞ্চ তাৰ জৰিয়তে সমাজৰ বাবে এক ভাবুকহে উৎপন্ন হ’ব পাৰে।

আচলতে কামত নলগা বুদ্ধিমত্তাৰ কোনো প্ৰয়োজনীয়তা নাই বুলি কোৱাৰ তাৎপৰ্য এইটোৱে যে আমাৰ মাজতে, আমাৰ সমাজতে উঠা,বহা কৰা ভালেসংখ্যক মানুহ আছে যিবোৰ মানুহৰ মস্তিষ্ক সাধাৰণ মানুহৰ তুলনামূলকভাৱে বেছিকৈ চলি থকা দেখিবলৈ পোৱা যায় । তথাপিও সেই বুদ্ধিমত্তাৰ সঠিকভাৱে প্ৰয়োগ নোহোৱাৰ ফলত বহু মানুহৰে জীৱনবোৰ অধপতনে গতি কৰা আমাৰ নিজ নি‌জ চকুৰে পৰিলক্ষিত কৰিবলৈ সক্ষম হৈছোঁ নহয়নে? ইয়াৰ উপৰিও বৰ্তমান সময়ত উঠি অহা অধিকতম নৱপ্ৰজন্ময়ে যিদৰে অধিক বুদ্ধিমত্তাৰ পৰিচয় দিবলৈ আগ্ৰহী হোৱা দেখা যায়। তেওঁলোকৰ মাজৰ পৰা সৰহসংখ্যকৰ শিশুৰ ভবিষ্যত বৰ অন্ধকাৰময় হোৱাটো একেবাৰে নিশ্চিত যেন অনুভৱ হয়। জীৱনত কম বুদ্ধিমত্তাৰ জৰিয়তেও বহু সফলতা অৰ্জন কৰিবলৈ সক্ষম। কিয়নো জীৱনত সফলতা অৰ্জন কৰিবলৈ হলে বুদ্ধিমত্তাতকৈ বেছি আত্মবিশ্বাসৰহে অধিক প্ৰয়োজনীয়তা আছে। কামত নলগা বুদ্ধিমত্তায়ে আমাৰ জীৱনত ক্ষতিসাধন কৰাৰ মাত্ৰা অত্যধিক ৰূপত বৃদ্ধি পায়। সেয়েহে আমি সকলোবোৰ মানুহে উপযুক্ত সময়ত উপযুক্ত বুদ্ধিমত্তাৰ প্ৰয়োগৰ কৌশল যদি আয়ত্ব কৰিব পাৰোঁ তেন্তে একেবাৰে সামান্যতম বুদ্ধিমত্তাৰ জৰিয়তেও বিশ্ব জয় কৰিব পাৰি।