কাব্যপ্ৰিয়া ….
আজি এটা কবিতা লিখিম…
আৱেগ মিশ্ৰিত দীপ্ত কাননৰ,
প্ৰফুল্লিত অনুভৱ পুষ্পৰ
আহ্লাদিত ৰেণুৰ পৰা…।
পঢ়ি চাব নে আপুনি…?
“মইত” থকা “মইজনীক”…!
অনুৰাগ দি যোৱা শব্দেৰে
অনুভৱ হৈ যোৱা ভাষাৰে
“কাব্যস্নাতা” হ’ব খোজে
মন বিহংগই,
“আপুনি” নামৰ বৰ্ষাত তিতা ,
ভাৱনাৰ টোপালবোৰেৰে…!
✍️ সংগীতা ডেকা
#ৰঙিয়া