কান্স বিশ্ব আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ চূড়ান্ত প্ৰতিযোগিতাত অসমীয়া চলচ্চিত্ৰ ‘লাইফ বিহাইণ্ড দ্যা লাইফ’
মহানগৰীত পোষ্টাৰ মুকলিঃ শীঘ্ৰে চিত্ৰগৃহলৈ আহিব ছবিখনি
ৰঙিলী বাৰ্ত্তাসেৱা- বৃহস্পতিবাৰে মহানগৰীৰ হোটেল গ্ৰেণ্ড মেজেষ্টিত অনুষ্ঠিত এক সংবাদমেলত নতুন অসমীয়া চলচ্চিত্ৰ ‘লাইফ বিহাইণ্ড দ্যা লাইফ’ (জীৱনৰ আঁৰৰ জীৱন)ৰ পোষ্টাৰ মুকলি কৰা হয়৷ বহু অসমীয়া চলচ্চিত্ৰ, ধাৰাবাহিকৰ সম্পাদনা-পৰিচালনাৰ লগতে বহুকেইখন চুটিছবি আৰু মিউজিক ভিডিঅ’ পৰিচালনাৰে পুষ্ট অনুপম কে বৰদলৈয়ে প্ৰথমবাৰৰ বাবে পূৰ্ণদৈৰ্যৰ চলচ্চিত্ৰ পৰিচালনা কৰা তেওঁৰ ছবি ‘লাইফ বিহাইণ্ড দ্যা লাইফ’এ ইতিমধ্যে ‘‘মোক্ষ’ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ’’ত ক্ৰমে ‘শ্ৰেষ্ঠ নৱাগত পৰিচালক’ আৰু ‘শ্ৰেষ্ঠ চিত্ৰনাট্যকাৰ’ৰ বঁটা লাভ কৰাৰ লগতে ‘কান্স বিশ্ব আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ’ত চলচ্চিত্ৰখনে মহোৎসৱখনিৰ চূড়ান্ত প্ৰতিযোগিতালৈ যোগ্যতা অৰ্জন কৰিবলৈ সক্ষম হৈছে৷ তদুপৰি ভাৰত তথা সমগ্ৰ বিশ্বৰ প্ৰায় ৩৮খন আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱলৈ ছবিখনি প্ৰেৰণ কৰা হৈছে বুলি সংবাদমেলযোগে জানিবলৈ দিয়ে পৰিচালক অনুপম কে বৰদলৈয়ে৷ সম্প্ৰতি ছবিখনিৰ এই সফলতাৰ পৰিপ্ৰেক্ষিতত সামাজিক মাধ্যমত দৰ্শকৰ মাজত চলচ্চিত্ৰখনক লৈ চাঞ্চল্য আৰু উৎসুকতা বৃদ্ধি পোৱাৰ সমান্তৰালভাৱে ছবিখন চাবলৈ উদগ্ৰীৱ হৈ পৰা পৰিলক্ষিত হৈছে৷ এই কথা প্ৰকাশ কৰি ‘লাইফ বিহাইণ্ড দ্যা লাইফ’ৰ প্ৰযোজক মহেশ ৰাজবংশীয়ে আৰু মাত্ৰ কিছুদিনৰ পাছতে চিত্ৰগৃহলৈ ছবিখনি আহিব বুলি সাংবাদিকৰ আগত মন্তব্য কৰে৷ বৃহস্পতিবাৰৰ এই সংবাদমেলখনত উপস্থিত থাকি খ্যাতনামা চলচ্চিত্ৰ নিৰ্মাতা তথা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা ড॰ জোনমণি দেৱী খাউণ্ড, ৰাষ্ট্ৰীয় বঁটাপ্ৰাপ্ত শিল্পী তৰালী শৰ্মা, অভিনয় শিল্পীদ্বয় অসীম শৰ্মা আৰু সত্যেন শৰ্মাই ছবিখনিৰ পোষ্টাৰ মুকলি কৰাৰ লগতে ‘লাইফ বিহাইণ্ড দ্যা লাইফ’ৰ সফলতাৰ আঁত ধৰি সাৰুৱা ভাষণ প্ৰদান কৰে৷ উল্লেখ্য যে, ভৱৰঞ্জনী প্ৰডাকচনৰ বেনাৰত মহেশ ৰাজবংশীয়ে নিৰ্মাণ কৰা তথা অনুপম কে বৰদলৈয়ে পৰিচালনা কৰা ছবিখনিৰ কাহিনী-চিত্ৰনাট্যকাৰ বিশিষ্ট নাট্যকাৰ ৰাতুল ফুকন৷ সহকাৰী পৰিচালক হিচাপেও আছে নাট্যকাৰ ৰাতুল ফুকন৷ সাধাৰণতে, আমাৰ সমাজত এনে কিছু অতিসংবেদনশীল ব্যক্তি থাকে যাৰ ভিতৰত একাধিক ব্যক্তিত্ব বা চিন্তাধাৰা বিকশিত হয়৷ এই ব্যক্তিত্ববোৰে নিজৰ স্বতন্ত্ৰ নাম, অভ্যাস, আচৰণ, আৰু চিন্তাৰ ধৰণক কেতিয়াবা নিয়ন্ত্ৰিত কৰি ৰাখিব নোৱাৰা হৈ পৰে৷ ফলত ব্যক্তিজনে কেতিয়াবা নিজকে চিনিব নোৱাৰে বা নিজৰ আচৰণৰ ওপৰত নিয়ন্ত্ৰণ হেৰুৱাই পেলায়৷ যাক কোৱা হয় Dissociative Identity Disorder (DID)৷ ইয়াকে কাহিনীৰ আধাৰ হিচাপে লৈ নিৰ্মাণ কৰা ছবিখনিৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ স্নাতক প্ৰয়াস ফুকনে৷ নায়িকাৰ চৰিত্ৰত অভিনয় কৰিছে মোহময়ী অভিনেত্ৰী আদ্ৰিতা পৰশা মহন্তই৷ অন্যান্য চৰিত্ৰসমূহত অভিনয় কৰা শিল্পীসকল ক্ৰমে– চিমি গোস্বামী, অসীম শৰ্মা, হৰিপ্ৰসাদ বৰঠাকুৰ, অমৰ শৰ্মা, ৰাতুল ফুকন, নিজমণি বৰা, সুনীল কুমাৰ দাস, পাৰ্থ প্ৰতীম বৰদলৈ, নিকিতা বৰা (শিশু শিল্পী), মনু বৰা, দুলন বাহেক, মনজিৎ শৰ্মা, প্ৰদীপ হাজৰিকা, ৰত্নেশ্বৰ মৰাঙৰ লগতে বহু নবীন-প্ৰবীণ অভিনয় শিল্পীয়ে৷ সম্পাদনা, ডি-আই আৰু গ্ৰাফিক্স কৰিছে পৰিচালক অনুপম কে বৰদলৈয়ে৷ সংগীত পৰিচালক তৰালী শৰ্মা৷ নিবিড় জ্যোতি কলিতাৰ সুমধূৰ সুৰেৰে সজোৱা ছবিখনিৰ মনপৰশা গীতদুটি ৰচনা কৰিছে প্ৰযোজক মহেশ ৰাজবংশীয়ে৷ গীতদুটিত কণ্ঠদান কৰিছে বিশিষ্ট শিল্পী জুবিন গাৰ্গ আৰু তৰালী শৰ্মাই৷ শব্দ সংমিশ্ৰণ কৰিছে লৌকিক খাউণ্ডে৷ ৰূপসজ্জাৰ দায়িত্বত আছে তীব্ৰ জ্যোতি বৈৰাগী৷ অসমৰ বিভিন্ন প্ৰান্তত ছবিখনিৰ চিত্ৰগ্ৰহণ কৰিছে মূম্বাইৰ সঞ্জয় সিঙে৷