কানৈ মহাবিদ্যালয় ছাত্ৰীনিৱাসৰ ষষ্ঠ ষান্মাষিকৰ আৱাসীসকলৰ বিদায় অনুষ্ঠান

কানৈ মহাবিদ্যালয় ছাত্ৰীনিৱাসৰ ষষ্ঠ ষান্মাষিকৰ আৱাসীসকলৰ বিদায় অনুষ্ঠান
এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা-  সফলতাৰ পথ সহজ নহয়, সফলতা লাভ কৰিবলৈ জীৱনত কঠোৰ পৰিশ্ৰম আৰু সন্মুখলৈ অহা প্ৰত্যাহ্বানসমূহ সাহসেৰে মুখামুখি হোৱা উচিত- ঐতিহ্যমণ্ডিত ডিব্ৰুগড় হনুমানবক্স সূৰজমল কানৈ মহাবিদ্যালয়ৰ ছাত্ৰীনিৱাসৰ ষষ্ঠ ষান্মষিকৰ আৱাসীসকলৰ ৯ এপ্ৰিলত অনুষ্ঠিত বিদায় সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি অসম আদিত্য কাকতৰ মুখ্য সম্পাদক, বিশিষ্ট লেখক, চিকিৎসক ডাঃ নির্মল চাহেৱালাই এইদৰে কয়। মহাবিদ্যালয়ৰ মুখ্যদ্বাৰৰ পৰা ছাত্ৰীনিৱাসৰ ছাত্ৰীসকলে আৰতি কৰি পুস্পাঞ্জলীৰে উষ্ম আদৰণী জনাই সভাগৃহলৈ অনা অনুষ্ঠানত ডাঃ চাহেৱালাই কয়— জীৱনলৈ কেতিয়াবা নভবাকৈ পৰিৱৰ্তন আহে। দিন দৰিদ্ৰ, পৰিৱেশৰ অভাৱৰ ফলতো কেতিয়াবা মানুহে সফল হ’ব পাৰে। তেওঁৰ জীৱনৰ উদাহৰণ দাঙি ধৰি কয়- তেওঁ ভবা নাছিল যে এদিন তেওঁ চিকিৎসা বিজ্ঞান পঢ়িব আৰু চিকিৎসক হ’ব। কিন্তু তেওঁ কৰা কষ্টৰ ফলত আওঁহতীয়া অঞ্চলত জন্ম হ’লেও তেওঁৰ পৰিশ্ৰমৰ ফলত সপোনবোৰ পূৰণ হ’ল। ছাত্ৰীসকলক জীৱনত কঠোৰ পৰিশ্ৰম, লক্ষ্য আৰু উদ্দেশ্য আগতলৈ জীৱনৰ সঠিক দিশত আগুৱাই যাবলৈ তেও আহ্বান জনায়। অনুষ্ঠানত উপস্থিত সকলোকে আদৰণী জনায় কানৈ মহাবিদ্যালয়ৰ অধ্যক্ষ ড° শশীকান্ত শ‍ইকীয়াই কয়— আজিৰ দিনটো আনন্দ কৰাৰ দিন নহয়,আজিৰ দিনটো এক আৱেগিক দিন। মহাবিদ্যালয়ৰ ছাত্ৰীনিৱাস কেৱল এটা আৱাস নহয় বুলি উল্লেখ কৰি তেওঁ কয়— এয়া হ’ল জ্ঞান, বিজ্ঞান, প্রজ্ঞা, অভিজ্ঞতা, শিক্ষা আহৰণৰ এটুকুৰা ঠাই। ছাত্ৰীনিৱাসত মানুহে জীয়াই থকাৰ উপলব্ধি কৰিব পাৰে বুলি তেওঁ সদৰি কৰি কয়— ছাত্ৰীনিৱাসত লাভ কৰা অভিজ্ঞতা আৰু শিক্ষা সদায় হৃদয়ত ৰাখিবলৈ আহ্বান জনায়। তেওঁ ছাত্ৰীসকলক সপোনৰ বাটেদি আগুৱাই গৈ নিজকে ভৱিষ্যতৰ শ্ৰেষ্ঠ নাগৰিক হিচাপে গঢ়ি তুলিবলৈ আহ্বান জনায়। বিদায়ী ছাত্রীসকলক অন্যান্য কণিষ্ঠ ছাত্রীসকলে মঞ্চলৈ আদৰি আনে আৰু এক আৱেগিক, কৰুণ পৰিৱেশৰ সৃষ্টি হয়।অনুষ্ঠানৰ লগত সংগতি ৰাখি ছাত্ৰীনিৱাসৰ ছাত্ৰীসকলে গীত-নৃত্য পৰিৱেশনেৰে উপস্থিত সকলোকে আপ্লুত কৰে। অনুষ্ঠানটিত মহাবিদ্যালয়ৰ উপাধ্যক্ষ অভিজিত বৰুৱা, আভ্যন্তৰীণ মান নির্ণায়ক কোষৰ সমন্বয়ক ড° দীপংকজ গগৈ, ছাত্ৰ সম্পৰ্ক সমন্বয়ক ড° জ্যোতি প্রসাদ ফুকন, ছাত্ৰীনিৱাসৰ অধীক্ষিকা উর্মিলা ৰামছিয়াৰী প্ৰাক্তন উপাধ্যক্ষ ড° প্রিয়দেৱ গোস্বামী, মৰাণমহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি অসীমাভা দত্তই ছাত্ৰীসকলক উদ্দেশ্যি মননশীল বক্তব্য প্ৰদান কৰে। উল্লেখ্য যে এই অনুষ্ঠানতে ছাত্ৰীনিৱাসৰ বাৰ্ষিক আলোচনী ‘প্রতীতি’ৰ দ্বিতীয় সংখ্যাটি উন্মোচন কৰে মহাবিদ্যালয়ৰ অধ্যক্ষ ড° শশীকান্ত শ‍ইকীয়াই। ইয়াৰ পূৰ্বে বন্তি প্ৰজ্বলন কৰে মুখ্য অতিথি ডাঃ নিৰ্মল চাহেৱালাই।