কানৈ মহাবিদ্যালয়ত ৰাষ্ট্ৰীয় মহাকাশ দিৱস-২০২৪ ‘মহাকাশ গৱেষণাও হ’ব পাৰে এক সুন্দৰ কেৰিয়াৰ’: উপাচাৰ্য ড° জিতেন হাজৰিকা
ডিব্ৰুগড় ,ৰঙিলী বাৰ্ত্তাসেৱা- ডিব্ৰুগড়ৰ হনুমানবক্স সূৰজমল কানৈ মহাবিদ্যালয়ে ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (ইচৰো)ৰ সহযোগত “ৰাষ্ট্ৰীয় মহাকাশ দিৱস”ৰ দৰে গুৰুত্বপূৰ্ণ কাৰ্যসূচী গ্ৰহণ কৰি অসমত এক ব্যতিক্রমী চিন্তাৰ বাট মুকলি কৰিলে। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচার্য ড০ জিতেন হাজৰিকাই ঐতিহ্যপূর্ণ ডি এইচ এছ কানৈ মহাবিদ্যালয়ত ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (ইচৰো)ৰ উদ্যোগত অনুষ্ঠিত ‘ৰাষ্ট্ৰীয় মহাকাশ দিবস-২০২৪’ ত মুখ্য অতিথি হিচাপে উপস্থিত থাকি আজি(৮- ৮-২৪ )এইদৰে কয়। কানৈ মহাবিদ্যালয়ে বহুত ভাল কাম কৰি থকা বুলি উল্লেখ কৰি এনে ব্যতিক্রমী চিন্তাৰে পোনপ্ৰথমবাৰৰ বাবে এনে অনুষ্ঠান আয়োজন কৰাৰ বাবে তেওঁ কানৈ মহাবিদ্যালয়ক ভূয়সী প্রশংসা কৰে। মহাবিদ্যালয়খনৰ এনে চিন্তাই মহাকাশ গবেষণা, অধ্যয়ন কৰিব খোজা ছাত্র-ছাত্রীসকলক অনুপ্ৰেৰণা যোগোৱাত সহায় কৰিব বুলি উল্লেখ কৰি উপাচাৰ্য্য গৰাকীয়ে কয় যে মহাকাশ গৱেষণাক শিক্ষাৰ্থীসকলৰ মাজত গৱেষণা, অধ্যয়ন আদি চৰ্চাৰ বিকাশত এনে অনুষ্ঠানে সহায় কৰিব। তেওঁ ছাত্রী-ছাত্রীসকলক মহাকাশ গৱেষণাক কেৰিয়াৰ হিচাপে গ্রহণ কৰিবলৈ আহ্বান জনাই কয়- মহাকাশ গৱেষণাও এক সুন্দৰ কেৰিয়াৰ হ’ব পাৰে আৰু ইয়াৰ অধ্যয়নৰ পৰিসৰ অসীম। কেৱল সাধাৰণ বিজ্ঞানৰ বিষয়সমূহৰ বাহিৰেও আনুসাংগিক বিষয়বোৰৰ পৰাও ছাত্র-ছাত্রীসকলে মহাকাশ বিজ্ঞানত কেৰিয়াৰ গঢ়িব পাৰে। উপাচার্য ড° হাজৰিকাই আৰু কয়- ছাত্র-ছাত্রীসকলে জীৱনত সদায় বিকল্প পৰিকল্পনা লৈ আগবাঢ়িব লাগে, যাতে তেওঁলোক কেতিয়াও থমকি ৰ’ব লগা নহয়। গায়ন-বায়ন, এন চি চি আৰু বিহু নৃত্যৰে সভাগৃহলৈ উষ্ম আদৰণি জনাই অনা অনুষ্ঠানটিত তেওঁ কয় ৰাষ্ট্ৰীয় মহাকাশ দিৱসটি কেৱল উদযাপনৰ দিশতে আৱদ্ধ নাৰাখি নৱ প্ৰজন্মৰ মাজত বিজ্ঞানৰ প্ৰসাৰ আৰু অধ্যয়নৰ প্ৰতি অনুপ্রাণিত হ’বলৈ অনুৰোধ জনায়। অধ্যাপিকা ড০ তৃঞ্চা দুৱৰা কলিতাই আঁত ধৰা অনুষ্ঠানটিত আদৰণী ভাষণ প্ৰদান কৰে ডি এইচ এছ কানৈ মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ শশীকান্ত শইকীয়াই। ভাষণ প্ৰসংগত অধ্যক্ষ ড° শইকীয়াই কয় যে নিষ্ঠাৰে পঢ়া-শুনা, অধ্যয়ন কৰি আগুৱাই গ’লেহে কোনে জানে, এতিয়া মোৰ সন্মুখত বহি থকা শিক্ষাৰ্থীসকলৰ মাজৰ পৰাই এদিন দুঃসাহসীক মহাকাশ অভিযানৰ বৰেণ্য বিজ্ঞানী হব পাৰিব আৰু গৱেষক সৃষ্টি হৈ ভৱিষ্যতে যুগান্তকাৰী মহাকাশ অভিযানৰ এক চালিকা শক্তি হ’ব পাৰে বুলি উল্লেখ কৰি বাংগালুৰুস্থিত ইচৰো আৰু মেঘালয়স্থিত নেচাকে ডি এই এচ কানৈ মহাবিদ্যালয়ক এনে এটি অনুষ্ঠান অনুষ্ঠিত কৰাৰ সুবিধা প্রদান কৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। বাংগালুৰুস্থিত ইচৰো, মেঘালয়স্থিত নর্থ-ইষ্টার্ন স্পেচ এপ্লিকেশ্যনচ (নেচাক) আৰু ডি এইচ এছ কানৈ মহাবিদ্যালয়ৰ যুটীয়া উদ্যোগত অনুষ্ঠিত ‘ৰাষ্ট্ৰীয় মহাকাশ দিৱস-২০২৪’-ত পি পি ইজি, নেচাকৰ মুৰব্বী ড° বিজয় কৃষ্ণ সন্দিকৈয়ে ‘ৰাষ্ট্ৰীয় মহাকাশ দিৱস- ২০২৪’-ৰ আঁৰৰ বিষয়বস্তু অৱগত কৰাৰ উপৰিও অনুষ্ঠানটিত মহাকাশ প্রযুক্তি আৰু সমাজত ইয়াৰ প্ৰয়োগৰ বিষয়ে এক বিষদ আলোচনা আগবঢ়ায়। অনুষ্ঠানটিত ডিব্রুগড় বিশ্ববিদ্যালয়ৰ প্ৰাক্তন প্রাধ্যাপক পি কে ভূঞাই মহাকাশ বিজ্ঞানৰ বহুখিনি তত্ত্বগধুৰ সমলৰ বিষয়ে অৱগত কৰে। ৰাষ্ট্ৰীয় মহাকাশ দিৱস-২০২৪-ৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা প্ৰদৰ্শনীৰ দ্বাৰ মুকলি কৰে অধ্যাপক ড০ পৰমানন্দ মহন্তই। অধ্যাপক গোপাল হাজৰিকাই “স্পেচ অন হুইল “-শীর্ষক তথ্য প্রযুক্তি সম্পন্ন এখন অত্যাধুনিক প্রদর্শনীমূলক বাছৰ দ্বাৰ মুকলি কৰে। অনুষ্ঠানটিত ইচৰোৰ বিশিষ্ট বিজ্ঞানী আদিত্য আৰয়ে চন্দ্রায়ন-৩ ৰ সফল অভিযানৰ লগত জড়িত সকলো বিষয়বস্তু সামৰি এক বিষদ বর্ণনা আগবঢ়ায়। প্রথম পৰ্যায়ৰ অনুষ্ঠানটিত শলাগ জ্ঞাপন কৰে নর্থ-ইষ্টার্ন স্পেচ এপ্লিকেশ্যনচ চেণ্টাৰৰ বিশিষ্ট বিজ্ঞানী ড° অৰূপ বৰগোহাঁয়ে। অনুষ্ঠানটিৰ লগত সংগতি ৰাখি আবেলি ৩ বজাৰ পৰা ছাত্ৰ-ছাত্ৰীসকলৰ মাজত এখন কুইজ প্রতিযোগিতাও অনুষ্ঠিত হয়। কুইজ প্রতিযোগিতাখনিত কুইজমাষ্টাৰ হিচাপে উপস্থিত থাকি প্রতিযোগিতাখনি পৰিচালনা কৰে নেচাকৰ ফ্রান্সিছ দত্ত আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ড° জিতুৰঞ্জন চেতিয়াই। কুইজ প্রতিযোগিতাখনিত সম্পূর্ণ কেন্দ্রীয় বিদ্যালয়, ডিব্ৰুগড়ৰ ৰাজজিৎ শর্মা, তন্ময় চক্রবর্তীয়ে প্রথম স্থান, ড০ ৰাধাকৃষ্ণণ স্কুলৰ আদিত্য হাজৰিকা, স্নেহাংশু অনুভৱ শৰ্মাই দ্বিতীয় স্থান আৰু নাৰ্চাৰ ইন্টাৰনেশ্যনেল স্কুল ডিব্ৰুগড়ৰ দেৱনীন ৰয়, উজ্জীবন ভট্টাচার্যই তৃতীয় স্থান লাভ কৰে। অনুষ্ঠানটিত ডিব্ৰুগড় চহৰৰ ভালেসংখ্যক গণ্যমান্য ব্যক্তি, অধ্যাপক-অধ্যাপিকা, কৰ্মচাৰীৰ লগতে ডিব্ৰুগড় জিলাৰ প্ৰায় ২৫ খন বিদ্যালয়, মহাবিদ্যালয়ৰ চাৰি শতাধিক ছাত্র-ছাত্রী উপস্থিত থাকে।