কানৈ মহাবিদ্যালয়ত প্রকৃতিবিদ প্রয়াত ড° ডিম্বেশ্বৰ চলিহাৰ দুখন গ্ৰন্থ উন্মোচন: গ্ৰন্থৰ আগ কথা লিখিছিল প্রয়াত প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰু

কানৈ মহাবিদ্যালয়ত প্রকৃতিবিদ প্রয়াত ড° ডিম্বেশ্বৰ চলিহাৰ দুখন গ্ৰন্থ উন্মোচন: গ্ৰন্থৰ আগ কথা লিখিছিল প্রয়াত প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰু

এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- ঐতিহ্যপূর্ণ ডিব্ৰুগড় হনুমানবক্স সুৰজমল কানৈ মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ, বিশিষ্ট লেখক, প্রয়াত ড° ডিম্বেশ্বৰ চলিহাৰ দুখনকৈ গ্ৰন্থ উন্মোচন কৰা হয়। বিশ্ববিখ্যাত প্রকৃতিবিদ ই পি জীৰ ‘ৱাইল্ড লাইফ অফ ইণ্ডিয়া’ৰ ডিম্বেশ্বৰ চলিহাই কৰা অসমীয়া অনুবাদ ‘ভাৰতৰ বন্যপ্রাণী’ গ্রন্থখন কানৈ মহাবিদ্যালয়ৰ শ্ৰীমন্ত শংকৰদেৱ সভাকক্ষত এক গাম্ভীর্যপূর্ণ অনুষ্ঠানত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পদার্থ বিজ্ঞান বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড° পৰমানন্দ মহন্তই উন্মোচন কৰে। দ্বিতীয়খন শিশু উপযোগী পদ্য পুথি ‘ফেঁচু ৰজা হ’ল’ উন্মোচন কৰে কানৈ মহাবিদ্যালয়ৰ অধ্যক্ষ, বিশিষ্ট লেখক ড° শশীকান্ত শইকীয়াই।’ভাৰতৰ বন্যপ্রাণী’ গ্ৰন্থখন উন্মোচন কৰি ড° পৰমানন্দ মহন্তই কয়-ড° ডিম্বেশ্বৰ চলিহা এজন সঁচা অৰ্থত জ্ঞান পিপাসু ব্যক্তি আছিল। অধ্যক্ষৰ দৰে গুৰুত্বপূৰ্ণ দায়িত্ব থকাৰ পিছতো তেওঁ নিৰলসভাৱে সাহিত্য সৃষ্টি কৰি গৈছিল। তেওঁৰ সাহিত্য কর্মসমূহ অসমীয়া সাহিত্য জগতৰ বাবে অমূল্য সম্পদ হৈ আছে বুলি তেওঁ উল্লেখ কৰি কয়- প্রয়াত চলিহাই অসমীয়া জাতি আৰু সাহিত্যৰ বাবে বহুখিনি কৰি গ’ল। অসম বিজ্ঞান সমিতিৰ স’তে জড়িত হৈ থকা সময়খিনিৰ স্মৃতি ৰোমন্থন কৰি ড° মহন্তই কয় যে ড০ চলিহাৰ কৰ্মৰাজিয়ে আজিও সকলোকে অনুপ্রাণিত কৰে। উল্লেখ্য যে ভাৰতৰ বন্য প্রাণী গ্ৰন্থখনত ভাৰতৰ বিভিন্ন ঠাইৰ লগতে অসমৰ বনাঞ্চল তথা বন্যপ্ৰাণীৰ বিষয়ে বিশদভাবে উল্লেখ আছে। গ্ৰন্থখনৰ আগকথা লিখিছিল সেই সময়ৰ প্রধানমন্ত্রী পণ্ডিত জৱাহৰলাল নেহেৰুৱে। অনুষ্ঠানৰ আৰম্ভণিতে প্রয়াত ড° ডিম্বেশ্বৰ চলিহাৰ প্ৰতিচ্ছবিত বন্তি জ্বলাই শ্রদ্ধা জনোৱা হয়। ১৫ অক্টোবৰৰ বিয়লি অনুষ্ঠিত একেটা অনুষ্ঠানতে প্রয়াত ড° ডিম্বেশ্বৰ চলিহাই লিখা শিশু উপযোগী পদ্য পুথি ”ফেচু ৰজা হ’ল”ৰ তৃতীয় সংস্কৰণ মুকলি কৰি কানৈ মহাবিদ্যালয়ৰ অধ্যক্ষ ড° শশীকান্ত শইকীয়াই কয়- ডিম্বেশ্বৰ চলিহা অধ্যক্ষ হিচাপে দক্ষ আছিল আৰু লেখক, সাহিত্যিক হিচাপেও সুপ্রতিষ্ঠিত আছিল। তেওঁ একেধাৰে লেখক, সাহিত্যিক,কবি, প্রকৃতিবিদ, জনপ্রিয় বিজ্ঞান লেখক আছিল বুলি তেওঁ কয়। তেওঁ ৰচনা কৰা বহু গ্ৰন্থৰ উদাহৰণ দাঙি ধৰি তেওঁ কয়-তেওঁৰ প্ৰতিখন গ্রন্থত জীৱনবোধৰ পৰিচয় পোৱা যায়। ‘ভাৰতৰ বন্যপ্রাণী’ গ্রন্থখন গৱেষকসকলৰ হাতপুথি স্বৰূপ হ’ব পাৰে বুলি তেওঁ কয়। অনাতাঁৰ শিল্পী বর্ণালী বৰুৱাই আঁত ধৰা অনুষ্ঠানত উদ্দেশ্য ব্যাখ্যা কৰে প্রয়াত ড° ডিম্বেশ্বৰ চলিহাৰ সুযোগ্য পুত্র ডাঃ জয়ন্ত মাধৱ চলিহাই। অনুষ্ঠানত ড° ডিম্বেশ্বৰ চলিহাৰ পত্নী ডালিমী চালিহাই অনুভৱ ব্যক্ত কৰে। অনুষ্ঠানত মনোহাৰী দেৱী কানৈ মহিলা মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ড° দিলীপ কুমাৰ ভূঞা, কানৈ মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যাপিকা ড° ভাৰতী দত্ত, ৰাষ্ট্ৰীয় বঁটা প্রাপ্ত শিক্ষক, বিশিষ্ট লেখক গন্ধেশ্বৰ শইকীয়াকে ধৰি কেইবাগৰাকীয়েও প্রয়াত ড° চলিহাৰ সান্নিধ্যৰ স্মৃতি ৰোমন্থন কৰে। অনুষ্ঠানত ডিব্ৰু কলেজৰ ৰসায়ন বিভাগৰ প্ৰাক্তন অধ্যাপক ড° অমূল্য গোস্বামী, কানৈ বাণিজ্য মহাবিদ্যালয়ৰ প্রাক্তন অধ্যক্ষ ড° ৰঘুনাথ বৰবৰা, কানৈ মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি অভিমন্যু বৰুৱাকে আদি কৰি চহৰখনৰ শতাধিক বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷