কানৈ কলেজৰ বেণী  গোঁঠা ছোৱালীজনী আশীৰ দশকৰ – ইভা গন্ধীয়া ফুকন 

কানৈ কলেজৰ বেণী  গোঁঠা ছোৱালীজনী আশীৰ দশকৰ

ইভা গন্ধীয়া ফুকন 

কঁকাল খামুচীয়া ছোৱালীজনী
মেখেলা চাদৰ পিন্ধি কঁকাললৈ পৰা বেণীডালেৰে
 লিচিক -পিচিক কৰি
কানৈ কলেজৰ শ্ৰেণীকোঠালৈ আগবাঢ়ে
কলেজৰ প্ৰথম দিন তাইৰ
সোমাই যাওঁতে কলেজৰ কৰিড’ৰত
কোমলমতী দেখনিয়াৰ নতুন চেহেৰা দেখি
দুই তিনি জন ল’ৰাই আগবাঢ়ি আহি
ভণ্টী তোমাৰ নামটো কি
কোন বৰ্ষত নাম ভৰ্তি কৰিছা
টি ডি চি ৰ প্ৰথম বৰ্ষ
অ ‘ বাইদেউ যাওক
সিহঁত আছিল হাইয়াৰ চেকেণ্ডেৰীৰ দ্বিতীয় বৰ্ষৰ ছাত্ৰ
হায় ! কিহৰ যে পাল্লাত পৰো
মুখত মিচিকি হাঁহিৰে বেণী লৰাই  আগবাঢ়ে
হৰিণী নয়নে অপৰূপা তাই
সহজে ভোলাব পাৰে ডেকাৰ মন
তাইৰ প্ৰেমত পৰিছিল বহু কলেজীয়া ডেকা
কলেজৰ সন্মুখত থকা গছৰ তলত বহি
পাতিছিল প্ৰেম ভালপোৱাৰ কথা
বয়সে আছিল সেইটো প্ৰেমত পৰাৰ
সংসাৰ বন্ধনত বান্ধ খোৱাৰ প্ৰেম নাছিল কিন্তু
বেণী গোঁঠা চুলিৰে কৰিলে কলেজীয়া শিক্ষা সমাপ্ত
সময়ত হ’ল এটি চৰকাৰী চাকৰি
লাহে লাহে চুলিৰ যতন ল’বলৈ সময়ৰ নাটনি হ’ল
সময়ৰ তাগিদাত বেণী গোঁঠা ছোৱালীজনী বোৱাৰী হ’ল
নিজৰ কৰ্তব্য গৃহ -সংসাৰ,সন্তানৰ লালন পালন
চুলি কৰিলে চুটি সহজে ফনীয়াব পাৰি
বেণী গোঁঠাৰ নাই প্ৰয়োজন
বেক ক্লিপেৰে কাম চলাব পাৰি
বেণী গোঁঠা মেঘালী চুলিত ৰূপালী বৰণ
সপ্তাহে সানিব লাগে চুলিত কলা ৰহণ
সময়ে শিকায় সময়ে বুজায়
সময়ে চেহেৰা সলায়
সময়ৰ আহ্বানক সাৱটি
লাহী কঁকাল হ’ল কলগছৰ মুঢ়া
চেহেৰাত জিলিকে বয়সৰ ৰূপৰেখা ।