কাতি বিহু বুলি এটা পৰম্পৰা মাত্ৰহে আছে – শৈলেন কুমাৰ

Pc Halte Community

কাতি বিহু বুলি এটা পৰম্পৰা মাত্ৰহে আছে

শৈলেন কুমাৰ,মিৰ্জা ( কামৰূপ )

কাতি বিহু অসমীয়াৰ জাতীয় উৎসৱৰ অন্যতম উৎসৱ ৷ মূলতঃ কাতি বিহু অসমৰ কৃষিকৰ্মৰ লগত জড়িত এটি উৎসৱ ৷ কাতি মাহত খেতিয়কৰ ভড়ালত আকালে দেখা দিয়ে তাৰবাবে কাতি বিহুক কঙালী বিহু বুলিও কোৱা হয় ৷ কাতি বিহুত পথাৰত কৃষক ৰাইজে আকাশবন্তি,চাকি জ্বলাই অপায়অমঙ্গল দূৰ হবলৈ প্ৰাৰ্থনা কৰে৷ অসমীয়াৰ চতালত কলগছৰ পুলিৰ লগতে তুলসী ৰোপণ কৰি লোকগীত গায় “ তুলসীৰ তলে তলে মৃগ পহু চৰে,তাকে দেখি ৰামচন্দ্ৰই হৰধনু ধৰে ” কাতি বিহুৰ লগত সংগতি ৰাখি যেতিয়া ৰামচন্দ্ৰক স্মৰণ কৰা যায় তেতিয়া এই বিহুৰ লগত আধ্যাত্মিক দিশ এটাও যে জড়িত হৈ আছে তাৰে উমান পোৱা যায় ৷ ৰামচন্দ্ৰ যেতিয়া চৈধ্য বছৰ বনবাসত আছিল তেতিয়া ৰাৱণে ৰামৰ অৰ্ধাংগিনী সীতাদেৱীক হৰণ কৰিবলৈ মোমায়েক মাৰিছ ৰাক্ষসক মৃগ পহুৰ ৰূপ ধৰিব কৈছিল সীতাদেৱীক আকৰ্ষিত কৰিবলৈ ৷ আনহাতে সোণৰ মৃগ পহু দেখি সীতাদেৱী আকৰ্ষিত হোৱাত সোণৰ মৃগ পহু ৰামচন্দ্ৰক আনি দিবলৈ বাধ্য কৰাইছিল ৷ ৰামচন্দ্ৰই সীতাদেৱীৰ আদেশ অবজ্ঞা নকৰি সোণৰ মৃগ পহু ধৰিবলৈ হাতত হৰধনু ধৰিছিল ৷ তাৰপাছত সীতাদেৱীৰ উচ্চাকাংক্ষাৰ পৰিণতি কি হৈছিল সকলোৱে জ্ঞাত ৷ ঠিক তেনেদৰে আজিৰ সময়ত যদি আমি বিশ্লেষণ কৰি চাওঁ আমিও জানো সোণৰ মৃগ পহুৰ পাছত ঘুৰি ফুৰি থকা অনুভৱ হোৱা নাই নে ? অতি উচ্চাকাংক্ষাৰ কৱলত পৰি আমি সৰ্বস্ব হেৰুওৱাৰ উপক্ৰম হোৱা নাই নে ? উচ্চাকাংক্ষাবোৰ হ’ল আমাৰ লোভ,অহংকাৰ,হিংসা,ঈৰ্ষা,স্বাৰ্থলোভী মনোবৃত্তি,শ্ৰেষ্ঠতাৰ দৌৰত আমি বিকলাংগ ৷ বৰ্তমান সময়ত কাতি বিহু বুলি এটা পৰম্পৰা মাত্ৰহে আছে কিন্তু পথাৰ আৰু চোতাল ক’ত আছে ? পথাৰবোৰে এতিয়া উদ্যোগ কলকাৰখানাত ৰূপন্তৰিত হৈছে ৷ উচ্চাকাংক্ষাৰ দৌৰত আজি আমি সৰ্বস্ব হেৰুওৱাৰ পথত ৷ আজিৰ অসমীয়াই সহজ পথেৰে ধন অৰ্জন কৰিব বিচাৰে,খেতিপথাৰত কষ্ট কৰি খেতি কৰাটো সপোনৰ অগোচৰ ৷ পথাৰ আৰু চোতাল নহোৱা আজিৰ অসমীয়াই অসমৰ জাতীয় উৎসৱ কাতি বিহুটোক পৰম্পৰা ৰক্ষাৰ বাবেহে পালন কৰে ৷ অৱেশ্যে অসমৰ কিছুকিছু ভিতৰুৱা গ্ৰাম্য জনজীৱনত আজিও কাতি বিহুৰ স্বকীয়তাৰ পূৰ্ণ আভাস পোৱা যায় যদিও মূলসুঁতিৰ পৰা আমি ফালৰি কটা যেন অনুভৱ হয়।