কাঞ্চনৰ দেশলৈ বুলি,,,
আজি কাঞ্চনৰ দেশলৈ বুলি গৈছিলো,
কিছু কথা, কিছু সপোন, কিছু স্মৃতি বুকুত বান্ধি উভতিছিলো।
কাঞ্চনৰ দেশত এইয়া মোৰ প্ৰথম নাছিল,
পিছে সহযাত্রীৰ বাবেই হওঁক বা সময়ৰ বাবেই হওঁক,
আজিৰ দিনটো স্মৃতিৰ কোণত বিশেষ আছিল।
দেখিলো,
ব্যস্ততাৰ মাজটো এজন বন্ধুৱে কিদৰে বন্ধুত্ব ৰক্ষা কৰে।
সময়ৰ লগত ,
অচিনাকি এজনো কিদৰে বন্ধু হৈ পৰে।
ভাগৰৰ শেষত কিদৰে খহটা মাটিও কোমল দলিচা হৈ পৰে।
নিৰিৱিলিৰ কোলাত কাহিনীবোৰে কিদৰে ন’ ৰূপ লাভ কৰে।
মই মোৰ ল’ৰালিকো লগ পাইছিলো,
য’ত দেউতাকজনে নিজৰ ল’ৰাটোক চাইকেলখন চলাবলৈ শিকাইছিল।
মই সূখৰ অনুভূতি বিচাৰি পাইছিলো,
য’ত তেওঁৰ মুখত অকৃত্রিম হাঁহি বিৰিঙি উঠিছিল।
মৰহা ফুলটোৱে ফুলি থকা ফুলপাহক ভৱিষ্যতৰ কথা সোঁৱৰাইছিল,
পিছে ফুলপাহে নিৰৱে বৰ্তমানক আকোঁৱালি লৈছিল।
আশাৰ ৰেঙনিৰে মোক কাঞ্চনৰ দেশলৈ আদঁৰিছিল।
মুঠতে সময় বিশেষ আছিল,
তাত বিশেষ কাহিনী আছিল।
কিছু ক’বলৈ ৰৈ যোৱা,
কিছু শুনিবলৈ ৰৈ যোৱা।
কিছু পুৰণি,
কিছু একেবাৰেই নতুন।
কিছু তেওঁৰ,
কিছু মোৰ।।
দিপাংকৰ শইকীয়া
