কাঞ্চনজংঘাৰ দৰে সত্য আৰু স্বচ্ছ আছিল জুবিনঃ ৰাহুল গান্ধী

কাঞ্চনজংঘাৰ দৰে সত্য আৰু স্বচ্ছ আছিল জুবিনঃ ৰাহুল গান্ধী
সমাধিস্থলীত বন্তি প্ৰজ্বলন, নাহৰৰ পুলি ৰোপণৰে শ্ৰদ্ধাঞ্জলি
জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গ, পিতৃ কপিল ঠাকুৰক সাক্ষাৎ কৰি জনালে সমবেদনা
পৰিয়াল আৰু অসমবাসীক শীঘ্ৰে ন্যায় প্ৰদানৰ আহ্বান ৰাহুল গান্ধীৰ

ৰঙিলী বাৰ্ত্তাসেৱা- অসমৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনাবলৈ আজি গুৱাহাটীত উপস্থিত হয় লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধী। গুৱাহাটীত উপস্থিত হৈয়েই প্ৰথমে নেতাগৰাকীয়ে মহানগৰীৰ সমীপৱৰ্তী সোণাপুৰস্থিত শিল্পীগৰাকীৰ সমাধিস্থলীলৈ গৈ শ্ৰদ্ধাঞ্জলি জনায়। ইয়াৰ পিছতে প্ৰয়াত শিল্পীগৰাকীৰ কাহিলীপাৰাস্থিত বাসগৃহত উপস্থিত হৈ পত্নী গৰিমা শইকীয়া গাৰ্গ আৰু পিতৃ কপিল ঠাকুৰক সাক্ষাৎ কৰি গভীৰ সমবেদনা জ্ঞাপন কৰে। পৰিয়ালবৰ্গক সাক্ষাৎ কালত ছিংগাপুৰত ৰহস্যজনকভাৱে মৃত্যুক আকোৱালি লোৱা শিল্পীগৰাকীক ন্যায় প্ৰদানৰ বাবে তদন্ত ব্যৱস্থা নিকা আৰু ক্ষিপ্ৰ হোৱাৰ পোষকতা কৰে বিৰোধী দলপতিগৰাকীয়ে। ”জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনাটোৰ তদন্ত যিমানপাৰি সিমান সোনকালে হোৱা উচিত। পৰিয়ালৰ লগতে সমগ্ৰ অসমবাসীয়ে এয়াই বিচাৰিছে।’’— পৰিয়ালক সাক্ষাৎ কৰাৰ অন্তত সাংবাদিকৰে হোৱা বাৰ্তালাপত এইদৰে কয় নেতাগৰাকীয়ে। এইক্ষেত্ৰত অসম চৰকাৰৰ যথেষ্ট কৰণীয় আছে বুলিও স্পষ্ট কৰি দিয়ে গান্ধীয়ে। তেওঁ কয়, ”অসম চৰকাৰে নিকা আৰু স্বচ্ছভাৱে তদন্ত প্ৰক্ৰিয়া আগবঢ়াই নিয়া উচিত আৰু ছিংগাপুৰত সেই দিনটোত কি হৈছিল সেয়া পৰিয়ালক জনোৱা উচিত। প্ৰাণৰ শিল্পীগৰাকী হেৰুৱাই পৰিয়ালৰ লগতে সমগ্ৰ অসমবাসী শোকত ম্ৰিয়মান হৈ আছে আৰু সকলোৱে এতিয়া কেৱল সত্যটো জানিবলৈ ৰৈ আছে।’’ জুবিন গাৰ্গক ভাৰতৰত্ন প্ৰদান সম্পৰ্কে সাংবাদিকে সোধা এক প্ৰশ্নৰ উত্তৰত ৰাহুল গান্ধীয়ে শান্ত-সমাহিতভাৱে কয়, ”আমি সকলোৱে তেওঁক শ্ৰেষ্ঠতম সন্মান আগবঢ়াবলৈ সদায়েই সাজু আছো। কিন্তু প্ৰথমে আমি সত্য উদ্ঘাটন হোৱাতো বিচাৰো আৰু ন্যায় বিচাৰো। যিমান পাৰি সিমান সোনকালে আমাক ন্যায় লাগে।’’ সৰ্বভাৰতীয় নেতাগৰাকীয়ে প্ৰাণৰ শিল্পীগৰাকীৰ সাংগীতিক দিশটোৰ বিষয়েও উল্লেখ কৰে। ”আজি এক বিষাদময় পৰিৱেশত আহি মই দুখ অনুভৱ কৰিছো। মই মহান শিল্পীগৰাকীৰ সহধৰ্মিণী আৰু পিতৃক কৈছো যে মই যদিহে সুখৰ মুহূৰ্তত আহিব পাৰিলোহেতেন তেন্তে কিমান ভাল হ’লহেতেন। কিন্তু সেই সৌভাগ্য মোৰ নহ’ল। আজি এক বিষাদৰ ক্ষণত দুখৰ সমভাগী হ’বলৈ আহিবলগীয়া হৈছে।’’- গান্ধীয়ে কয়। জুবিন গাৰ্গৰ কাঞ্চনজংঘা সম্পৰ্কীয় কথাবোৰে ৰাহুল গান্ধীক আজি যথেষ্ট আৱেগিক কৰি তোলা পৰিলক্ষিত হয়। গৌৰৱ গগৈয়ে আহি থাকোতে জুবিনৰ কাঞ্চনজংঘা সম্পৰ্কীয় মন্তব্যবোৰ কোৱা বুলি উল্লেখ কৰি তেওঁ কয়, ”কাঞ্চনজংঘাৰ সৈতে মোৰো বহু স্মৃতি জড়িত হৈ আছে। যেতিয়া মোৰ বয়স ১৭ বছৰ আছিল, মই ছিকিমলৈ এক পৰ্বতাৰোহণৰ প্ৰশিক্ষণ ল’বলৈ গৈছিলো। আৰু প্ৰশিক্ষণৰ কেইদিনত প্ৰতিদিনে সুউচ্চ কাঞ্চনজংঘা দেখিবলৈ পাইছিলো। কাঞ্চনজংঘালৈ চাই মই এইবাবে মুগ্ধ হৈ পৰিছিলো যে এই পৰ্বতখন সুউজ্জ্বলভাৱে জিলিকি থাকিছিল আৰু অভাৱনীয়ভাৱে সুন্দৰ আছিল। গৌৰৱ গগৈয়ে কথাটো কোৱাৰ লগে লগে মোৰ সেই সময়বোৰলৈ মনত পৰি গৈছে। তেওঁ সঁচাকৈয়ে কাঞ্চনজংঘা আছিল কিয়নো তেওঁৰ গাত কাঞ্চনজংঘাৰ প্ৰতিটো গুণেই বিৰাজমান আছিল।’’ ইয়াৰ পূৰ্বে, সোণাপুৰস্থিত শিল্পী জুবিন গাৰ্গৰ সমাধিস্থলীলৈ বিৰোধী দলৰ নেতাজন যায় আৰু তেওঁ সমাধিস্থলীত ধূপ-দীপেৰে অশ্ৰু-অঞ্জলি প্ৰদান কৰে। অসমীয়াৰ স্বাভিমান এখন গামোছা সমাধিস্থলীত অৰ্পণ কৰি ৰাহুল গান্ধীয়ে আয়তীসকলৰ ওচৰলৈ গৈ তেওঁলোকে পৰিৱেশন কৰি থকা নাম-প্ৰসংগত অংশগ্ৰহণ কৰে। জুবিনৰ ন্যায় বিচাৰি ইতিমধ্যে শ্ল’গান আৰম্ভ হৈছিল আৰু তাৰ মাজতে আয়তীসকলে নাম জুৰিছিল। বহুপৰ ধৰি আইসকলৰ নামৰ মাজত মজিয়াত বহি ৰৈছিল ৰাহুল গান্ধী। জুবিনৰ অনুৰাগী আৰু সমৰ্থকসকলৰ মাজলৈ ওলাই আহি গান্ধীয়ে শিল্পীজনৰ প্ৰিয় গছ নাহৰৰ এটি পুলি সমাধিস্থলীত ৰোপণ কৰে। গছপুলি ৰুই থকা সময়ত ৰাহুল গান্ধীৰ চকুত দেখা গৈছিল অশ্ৰুকণা। তেওঁৰ কাষত আছিল সাংসদ তথা অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈ। সমাধিস্থলীৰ পৰা পোনে পোনে তেওঁ কাহিলীপাৰাস্থিত শিল্পীগৰাকীৰ বাসগৃহলৈ যায়। কংগ্ৰেছ নেতা ৰাহুল গান্ধী আজি দিনৰ ১ বজাত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰ্জাতিক বিমান বন্দৰত অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ, অসম বিধানসভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, সাংসদ ৰকিবুল হুছেইন, প্ৰাক্তন সভাপতি ভূপেন বৰা প্ৰমুখ্যে নেতাসকলে ফুলাম গামোছাৰে আদৰণি জনায়। ৰাহুল গান্ধীৰ লগত নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ অসমৰ দায়িত্বত থকা সাধাৰণ সম্পাদক জিতেন্দ্ৰ সিং, সম্পাদক মনোজ চৌহান, প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক ক্ৰমে বিপুল গগৈ, প্ৰদ্যুৎ ভূঞা আৰু জ্যেষ্ঠ নেতাসকলৰ লগতে জিলা কংগ্ৰেছৰ সভাপতিসকল উপস্থিত থাকে৷