কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মাছ ধৰা এলেকাত ১৪৪ ধাৰা জাৰি

Pc The Janambhumi

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মাছ ধৰা এলেকাত ১৪৪ ধাৰা জাৰি

ৰঙিলী বাৰ্ত্তাসেৱা-  এইবাৰো কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ৰাষ্ট্ৰীয় উদ্যানৰ কাষৰীয়া ৰাইজে মাছ ধৰিব নোৱাৰিব।ৰাষ্ট্ৰীয় উদ্যানখনৰ কাষৰীয়া মাছ ধৰা এলেকাত কলিয়াবৰ মহকুমা প্রশাসনে ১৪৪ ধাৰা জাৰি কৰি ৰাইজৰ সমাগম নিষিদ্ধ কৰিছে।উক্ত এলেকাত অনুমতি অবিহনে সমৱেত নোহোৱা, মাছ ধৰা সামগ্ৰী লৈ খাল-বিলত মাছ ধৰা নিষিদ্ধ কৰাৰ লগতে কোনোধৰণৰ আগ্নেয়াস্ত্র, ধেনু-কাঁড় আদি অস্ত্ৰ অনাৰো নিষেধাজ্ঞা জাৰি কৰিছে।এই নিৰ্দেশনা ভংগ কৰা লোকৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি জাননীত প্রশাসনে উল্লেখ কৰিছে।উল্লেখযোগ্য যে,প্ৰয়াত মুখ্যমন্ত্ৰী শৰৎ সিংহৰ দিনত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কাষৰীয়া লোকে মাঘ বিহুৰ উৰুকাৰ দিনা ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰধানকৈ সীমান্ত এলেকাত থকা কিছু বিলত মাছ ধৰাৰ অনুমতি প্ৰদান কৰিছিল।কিন্তু কাজিৰঙাৰ এই পৰম্পৰাৰ নামত এতিয়া বেপাৰ আৰম্ভ হৈছে।বন্যপ্ৰাণী প্ৰতিৰোধ আইন ভংগ কৰি এচাম লোকে পৰম্পৰাৰ নামত ৰাষ্ট্ৰীয় উদ্যানৰ নিষিদ্ধ এলেকাত প্ৰৱেশ কৰে।যাৰ বাবে উদ্যান কর্তৃপক্ষ‍ই বাধ্য হৈ প্ৰশাসনৰ সহযোগ ল’বলগা হৈছে।