কাজিৰঙা লোকসভা সমষ্টিৰ সাংসদ কামাখ্যাপ্ৰসাদ তাছাৰ সৈতে বোকাখাত মহকুমাধিপতিৰ কাৰ্যালয়ত বৈঠক

কাজিৰঙা লোকসভা সমষ্টিৰ সাংসদ কামাখ্যাপ্ৰসাদ তাছাৰ সৈতে বোকাখাত মহকুমাধিপতিৰ কাৰ্যালয়ত বৈঠক

মৃদুস্মিতা শৰ্মা ,বোকাখাত,ৰঙিলী বাৰ্ত্তাসেৱা-  ১০ জুলাইত কাজিৰঙা লোকসভা সমষ্টিৰ মাননীয় সাংসদ কামাখ্যা প্ৰসাদ তাছাই বিয়লিভাগত বোকাখাত মহকুমাধিপতিৰ কাৰ্যালয়ৰ সভাকক্ষত বিভিন্ন বিভাগৰ মুৰব্বী বিষয়াসকলৰ সৈতে বোকাখাত মহকুমাত বৰ্তমান বান পৰিস্থিতিৰ বিষয় বুজ লোৱাৰ উদ্দেশ্যে এখন বৈঠকত মিলিত হয় । বৈঠকত বোকাখাত মহকুমাৰ মহকুমাধিপতি চিমী কৰণে বোকাখাতৰ সামগ্ৰিক বান পৰিস্থিতি, বিভিন্ন বিভাগে বান পৰিস্থিতিৰ জোৰা মৰাৰ বাবে গ্ৰহণ কৰা ব্যৱস্থাপনা আৰু সাহায্য প্ৰদানৰ প্ৰচেষ্টা সমূহৰ বিষয়ে সাংসদগৰাকীক অৱগত কৰে। বৈঠকত সাম্প্রতিক বানত মহকুমাখনৰ ক্ষয়-ক্ষতিৰ সম্পৰ্কত বুজ লৈ সাংসদগৰাকীয়ে সকলো বিভাগকে দুর্যোগৰ সময়ত ৰাইজৰ কাষত থাকি সকলো ধৰণৰ সহায় সহযোগ আৰু তাৎক্ষণিক ভাৱে সাহায্য প্ৰদান কৰিবলৈ নির্দেশ দিয়ে। সাংসদগৰাকীয়ে লগতে বানপানী হ্ৰাস আৰু ইয়াৰ প্ৰভাৱ সীমিত কৰাৰ বাবে দীৰ্ঘম্যাদী সমাধান সূত্ৰৰ ওপৰত কাম কৰি যাবলৈ উপস্থিত বিষয়া সকলক নিৰ্দেশ দিয়ে।